9 states get new Governors: দেশৰ ৯ খন ৰাজ্যই পালে নতুন ৰাজ্যপাল, অসমৰ নতুন ৰাজ্যপাল হ’ল লক্ষ্মণ প্ৰসাদ আচাৰ্য

ৰাষ্ট্ৰপতি ভৱনৰ পৰা লাভ কৰা তথ্য অনুসৰি, লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও তেওঁক মণিপুৰৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে। গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

9 states get new Governors: দেশৰ ৯ খন ৰাজ্যই পালে নতুন ৰাজ্যপাল, অসমৰ নতুন ৰাজ্যপাল হল লক্ষ্মণ প্ৰসাদ আচাৰ্য

লক্ষ্মণ প্ৰসাদ আচাৰ্য

manas-borah
Updated On: 

28 Jul 2024 09:15 AM

শনিবাৰে নিশা দেশৰ কেইবাখনো ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি দিয়া হয় । ৰাষ্ট্ৰপতি ভৱনৰ পৰা লাভ কৰা তথ্য অনুসৰি, লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰিও তেওঁক মণিপুৰৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে। গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

তথ্য অনুসৰি, গুলাব চান্দ কাটাৰিয়াৰ ঠাইত লক্ষ্মণ প্ৰসাদ আচাৰ্যই স্থান লাভ কৰিছে। কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপেও নিযুক্তি দিয়া হৈছে কাটাৰিয়াক। উল্লেখ্য যে, পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ প্ৰশাসক পদৰ পৰা বানৱৰীলাল পুৰোহিতৰ পদত্যাগ গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ডৰ নতুন ৰাজ্যপাল হ’ব সন্তোষ কুমাৰ গংগৱাৰ। বিবৃতিটোত হৰিভৌ কিষাণৰাও বাগডেক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । বিষ্ণু দেৱ ভাৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু ওম প্ৰকাশ মাথুৰক ছিকিমৰ নতুন ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে।

ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল আৰু চি এইচ বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। বিবৃতিটোত কোৱা হৈছে যে, কে. কৈলাশনাথনক পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ (এল জি) হিচাপে নিযুক্তি দিয়া হৈছে। বিবৃতিটোত কোৱা হৈছে যে এই নিযুক্তিসমূহ নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।

কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...