কিডনী ষ্টোন প্ৰতিৰোধৰ কৰাৰ ঘৰুৱা উপায় জানক

1 September 2025

TV9 ASSAM

 কিডনী ষ্টোন বা বৃক্কত পাথৰ হোৱাৰ সমস্যা অসহ্যকৰ সমস্যা। এই সমস্যাৰ পৰা উপশম পাবলৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে।

আওকাণ নকৰিব

কিডনী ষ্টোনৰ মূল কাৰণ ডিহাইড্ৰেশ্যন। কমকৈ পানী খোৱাৰ ফলত এই সমস্যা প্ৰায়ে হয় ।

ডিহাইড্ৰেশ্যন

কিডনী ষ্টোন হ'লে তলৰ পেট বা পিঠিত বিষ, প্ৰস্ৰাৱ জ্বলা পোৰা,প্ৰস্ৰাৱৰ ৰং ডাঠ হোৱা, প্ৰস্ৰাৱত তেজ অহা, সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ কৰিব পাৰে।

লক্ষণ

যিসকল লোকৰ এই সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে প্ৰস্ৰাৱ পৰীক্ষা আৰু আল্ট্ৰাছাউণ্ড কৰাব লাগে। 

 প্ৰস্ৰাৱ পৰীক্ষা 

চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ সময়মতে খাব লাগে। ইয়াৰোপৰি ভজা খাদ্য আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে।

খাদ্য

ভাল খাদ্য, পানী, ৰস, ফল-মূল আদি প্ৰচুৰ পৰিমাণে খাব লাগে। শৰীৰত কেতিয়াও পানীৰ অভাৱ হ'বলৈ দিব নালাগে ।

কি কি খাব?

এই সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক কমেও ৩-৪ লিটাৰ পানী খাব লাগে। পানীয়ে এই সমস্যাৰ পৰা ৰক্ষা কৰিব ।

পানী খাওক

পঢ়িবলৈ ক্লিক কৰক

নহৰুৱে কি কি সমস্যা দূৰ কৰে ? জানক