1 Sept 2025
TV9 ASSAM
বৈদিক পঞ্জিকা অনুসৰি, প্ৰতিবছৰে পিতৃ পক্ষৰ আৰম্ভণি ভাদমাহৰ পূৰ্ণিমা তিথিত হয়। এইবছৰ পিতৃপক্ষ ৭ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ থাকিব।
ধৰ্মীয় মান্যতা অনুসৰি, এই সময়চোৱাত পূৰ্বপুৰুষ পৃথিৱীলৈ নামি আহে। যাৰ বাবে এই সময়চোৱাত তৰ্পন, পিণ্ডদান, শ্ৰাদ্ধ আদি কৰা হয়।
মান্যতা অনুসৰি,ধৰ্মীয় কাৰ্যত সন্তুষ্ট হৈ পূৰ্বপুৰুষে আশীৰ্বাদ দিয়ে আৰু পৰিয়ালে সুখ-শান্তি লাভ কৰে। কিন্তু ঘৰত কেতিয়াবা মৃতকৰ ফটো ভুল দিশত ৰখা যায়। যিয়ে পূৰ্বপুৰুষক অসন্তুষ্ট কৰিব পাৰে।
শোৱনি কোঠাত কেতিয়াও মৃতকৰ ফটো ৰাখিব নালাগে। ইয়াৰ ফলত স্বামী-স্ত্ৰীৰ মাজত সংঘাত বৃদ্ধি পায়।. এক কথাত ইয়াৰ ফলত পাৰিবাৰিক শান্তিত প্ৰভাৱ পৰে।
খাদ্য ৰন্ধা স্থানত কেতিয়াও মৃতকৰ ফটো ৰাখিব নালাগে। ইয়াৰ ফলত নকৰাত্মক প্ৰভাৱ পৰে। এনে স্থানত ফটো ৰখাতো অপমান বুলি গণ্য কৰা হয়। যাৰ বাবে পৰিয়ালত সমস্যা বৃদ্ধি হয়।
উত্তৰ দিশত, উত্তৰ-পূব দিশত, দক্ষিণ দিশত মৃতকৰ ফটো লগোৱা ভাল। এনে কৰিলে তেওঁলোকক সন্মান দিয়া বুলি গণ্য কৰা হয়। যাৰ ফলত পৰিয়ালক সুখ-শান্তি বৃদ্ধি পায়।
এই তথ্য ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা গৈছে। ইয়াৰ সত্যাসত্য টিভি৯ অসমৰ ওচৰত নাই।
পঢ়িবলৈ ক্লিক কৰক