নহৰুৱে কি কি সমস্যা দূৰ কৰে ? জানক

1 September 2025

TV9 ASSAM

আপুনি নহৰু খায় নে ? অসমীয়া ৰন্ধন প্ৰক্ৰিয়াত প্ৰায়ে ব্যৱহাৰ হোৱা নহৰুৰ আছে বহুতো ঔষধি গুণ ।

ঔষধি গুণ

যদি আপোনাৰ হজম শক্তি দুৰ্বল হৈছে বা কোষ্ঠকাঠিন্য সমস্যা হৈছে তেন্তে নহৰুৱে সেই সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰিব ।

হজম শক্তি

নহৰুৱে আপোনাৰ হজম শক্তি বৃদ্ধি কৰিব পাৰে । আপোনাৰ যদি হজম শক্তিৰ দুৰ্বল তেন্তে খাদ্যত নহৰু অন্তৰ্ভুক্ত কৰক ।

হজম শক্তি বৃদ্ধি

কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবে নহৰু উপকাৰী । কোৱা হয় যে,গৰম পানীৰ সৈতে নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়। 

কোষ্ঠকাঠিন্য দূৰ 

যদিও কোনো কাৰণত বমি হয়, তেন্তে নহৰু খালে এই সমস্যাৰ পৰা উপশম পাব । বমি বন্ধ কৰাত নহৰু উপকাৰী ।

বমি বন্ধ

নহৰুৱে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে । ইয়াৰ লগতে বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে নহৰুৱে ।

শৰীৰক বিষমুক্ত

নহৰু আপুনি বিভিন্ন প্ৰকাৰে খাব পাৰে । কেঁচাকৈ খোৱাৰ উপৰিও আপুনি খাদ্যৰ লগত সিজোৱা নহৰু খাব পাৰে ।

বিভিন্ন প্ৰকাৰে খাব

পঢ়িবলৈ ক্লিক কৰক

ঘৰৰ কাষতে নৰসিংহৰ পুলি ৰোপণ কৰিলে কি হয়?