ৰাজধানীত গ্ৰেপ্তাৰ ৯গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিক, আৰক্ষীক ক’লে কেনেকৈ ভাৰতত কৰিছিল প্ৰৱেশ…

ৰাজধানী দিল্লীৰ পৰা গ্ৰেপ্তাৰ ৯গৰাকীকৈ বাংলাদেশী। জানিব পৰা মতে, এইসকল লোকে দীৰ্ঘদিন ধৰি ৰাজধানীত অবৈধভাবে বাস কৰি আহিছিল।

ৰাজধানীত গ্ৰেপ্তাৰ ৯গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিক, আৰক্ষীক কলে কেনেকৈ ভাৰতত কৰিছিল প্ৰৱেশ...

প্ৰতীকী ছবি

Updated On: 

25 May 2025 19:20 PM

গ্ৰেপ্তাৰ ৯ জন বাংলাদেশী। এক অভিযান চলাই দিল্লী আৰক্ষীৰ উত্তৰ-পশ্চিম জিলাৰ বিদেশী কোষে ভাৰত নগৰ অঞ্চলত অবৈধভাৱে বসবাস কৰা ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি অভিযানৰ সময়ত আৰক্ষীয়ে এটা স্মাৰ্টফোন উদ্ধাৰ কৰিছে। ফোনটোত থকা নিষিদ্ধ এপ আইএমঅ’ৰ জৰয়তে তেওঁলোকে বাংলাদেশত থকা পৰিয়ালৰ আন সদস্যসকলৰ সৈতে যোগাযোগত আছিল। উল্লেখ কৰা প্ৰয়োজন যে,  বিগত সময়চোৱাত দিল্লী আৰক্ষীয়ে বহু বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি বিতাড়নৰ কাম কৰি আছে।

আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে, একাংশ বাংলাদেশীয়ে বৈধ নথি-পত্ৰ অবিহনে দিল্লীৰ ভাৰত নগৰৰ ৱাজিপুৰ বস্তিত বাস কৰি আছে। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান। আৰক্ষীৰ দলটোৱে অঞ্চলটো ঘেৰাও কৰি প্ৰায় ৫০টা ফুটপাথ আৰু ১০০টা পথত তালাচী অভিযান চলায়। এই সময়ছোৱাত আৰক্ষীয়ে অবৈধভাৱে বাস কৰা ৯ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাৰ সময়ত বাংলাদেশী কেইজনে জনাই যে, তেওঁলোকে হাৰিয়ানাৰ মেৱাটৰ ইটা ফেক্টৰীত কাম কৰিছিল। কিন্তু আৰক্ষীৰ ভয়ত তাৰ পৰা পলাই আহি দিল্লীত বাস কৰিছিল।

কেনেকৈ আহিছিল ভাৰতত

তদন্তত প্ৰকাশ পোৱা অনুসৰি তেওঁলোকে কোচবিহাৰ সীমান্তৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু স্থান সলনি কৰিছিল। এই অঞ্চলটোত তেওঁলোকে ভাড়াঘৰ লোৱাৰ পৰিকল্পনা কৰি আছিল। জানিব পৰা মতে, আৰক্ষীৰ জেৰাৰ সময়ত তেওঁলোকে প্ৰথমে নিজক ভাৰতীয় বুলি পৰিচয় দিয়াৰ চেষ্টা কৰিছিল যদিও মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী পৰীক্ষা কৰাৰ অন্তত সত্য ওলাই পৰে। আৰক্ষীয়ে জনাই যে, এয়া ৰাজধানীত অবৈধভাৱে বসবাস কৰা বিদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা বিশেষ অভিযানৰ অংশ।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে বিদেশী আইন, ১৯৪৬ আৰু অন্যান্য নিয়মৰ অধীনত গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আটাইকেইজনকে FRROৰ হাতত গতাই দিয়া হৈছে। উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও দিল্লীত অবৈধভাবে বাস কৰি থকা বহু বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। যোৱা কেইটামান মাহত বিশেষ অভিযানৰ অধীনত দিল্লী আৰক্ষীয়ে এতিয়ালৈকে বহু বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ আমেৰিকাত পাকিস্তানৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে শশী থাৰুৰে, ক’লে…আমি যুদ্ধৰ বাবে আগ্ৰহী নহয় কিন্তু…

অধিনায়ক হৈয়ে গিলে কৰিল নেকি স্বজন-তোষণ! এনে কাৰণত হৈছে চৰ্চা…
ক্ৰিকেট কেৰিয়াৰৰ লগতে অৰ্থনৈতিক দিশতো দ্ৰুত বিকাশ গিলৰ, আছে ইমান টকাৰ সম্পত্তি
আপোনাৰো নিশা ভালকৈ টোপনি নাহে নেকি? তেন্তে কৰক এই কাম...
উজ্বল আৰু ধুনীয়া ছালৰ বাবে এনেকৈ ব্যৱহাৰ কৰক বিলাহী...