Republic Day 2026: কৰ্তব্য পথত আজি বিশ্বই দেখিব ভাৰতৰ শৌৰ্য-বীৰ্য, এইবাৰ অনন্য হৈ পৰিছে এনে বিশেষ পদক্ষেপ…

ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এইবাৰৰ গণৰাজ্য দিৱস বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণ। অনন্য ৰূপত সজাই তোলা হৈছে কৰ্তব্য পথ আৰু আজি ইয়াতেই সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক শক্তি আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য সংগম দেখিবলৈ পাব।

Republic Day 2026: কৰ্তব্য পথত আজি বিশ্বই দেখিব ভাৰতৰ শৌৰ্য-বীৰ্য, এইবাৰ অনন্য হৈ পৰিছে এনে বিশেষ পদক্ষেপ...

গণৰাজ্য দিৱস

Updated On: 

26 Jan 2026 | 10:03 AM

আজি ভাৰতবৰ্ষই উদযাপন কৰিছে গৌৰৱময় ৭৭ সংখ্যক গণৰাজ্য দিৱস। পৰম্পৰা অনুসাৰে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই বছৰ ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষা উৰ্ছুলা ভন ডেৰ লেয়েনে সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত আছে। ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এইবাৰৰ গণৰাজ্য দিৱস বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণ। অনন্য ৰূপত সজাই তোলা হৈছে কৰ্তব্য পথ আৰু আজি ইয়াতেই সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক শক্তি আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য সংগম দেখিবলৈ পাব। ৰাফেল, সুখয়, জাগুৱাৰ দৰে বিমানে আকাশত কলা-কৌশল প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ১০,০০০ বিশেষ অতিথিক এই পেৰেড চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

গণতন্ত্ৰ দিৱসৰ সমাৰোহ পুৱা ১০:৩০ বজাত আৰম্ভ হয়। প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ গৈ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে তেওঁ পেৰেডৰ বাবে কৰ্তব্য পথত উপস্থিত হ’ব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষসকলৰ সৈতে ‘পৰম্পৰাগত বগী’ত আহি উপস্থিত হ’ব কৰ্তব্য পথত। তিৰংগা উৰুৱাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হ’ব আৰু থলুৱা ‘১০৫ mm লাইট ফিল্ড গান’ৰ জৰিয়তে ২১ জাঁই গুলীৰে সন্মান প্ৰদৰ্শন কৰা হ’ব। এইবাৰ পেৰেডৰ কমাণ্ড গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰে।

এইবাৰৰ পেৰেডৰ বিশেষ আকৰ্ষণ

পেৰেডত ব্ৰহ্মোছ আৰু আকাশ মিছাইল চিষ্টেম, অৰ্জুন যুদ্ধক টেংক আৰু মাৰাত্মক ক্ষমতা সম্পন্ন ‘সূৰ্যাস্ত্ৰ’ ৰকেট লঞ্চাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। প্ৰথমবাৰৰ বাবে নৱগঠিত ‘ভৈৰৱ লাইট কমাণ্ডো’ বেটেলিয়ন আৰু শক্তিবাণ ৰেজিমেণ্টে পেৰেডত অংশ লৈছে। এই বছৰ জাস্কাৰ পনী (ঘোঁৰা) আৰু দুটা কুঁজ থকা বেক্ট্ৰিয়ান উটেও সমদলত ভাগ লৈছে। ৬১ কেভেলৰীৰ অশ্বাৰোহী জোৱানসকলে এইবাৰ পৰম্পৰাগত কাপোৰৰ পৰিৱৰ্তে যুদ্ধৰ সাজ-সজ্জাত (Combat Gear) আত্মপ্ৰকাশ কৰিব।

১৭ খন ৰাজ্যৰ ৩০ প্ৰতীকপট

এইবাৰৰ পেৰেডত মুঠ ৩০ খন প্ৰতীকপট অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে ১৭ খন বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰু ১৩ খন চৰকাৰী মন্ত্ৰালয় তথা বিভাগৰ। এই প্ৰতীকপট সমূহ ‘স্বতন্ত্ৰতাৰ মন্ত্ৰ: বন্দে মাতৰম’ আৰু ‘সমৃদ্ধিৰ মন্ত্ৰ: আত্মনিৰ্ভৰ ভাৰত’ বিষয়ৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

বিশেষ ব্যৱস্থা আৰু অতিথি

পেৰেড দৰ্শনৰ বাবে থকা স্থানসমূহৰ নাম দেশৰ নদীবোৰৰ নামেৰে (যেনে— ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আদি) আৰু বিটিং ৰিট্ৰিটৰ স্থানসমূহ ভাৰতীয় বাদ্যযন্ত্ৰৰ নামেৰে (যেনে— বাঁহী, ডম্বৰু, সন্তুৰ আদি) নামাকৰণ কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১০,০০০ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। এই বিশেষ অতিথিৰ তালিকাত থাকিব উদ্ভাৱক, গৱেষক, কৃষক, ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ সদস্যসকল। দিল্লীত থকা প্ৰতিখন ৰাজ্যৰ প্ৰায় ৫০ টাকৈ দম্পতীক তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাকত পেৰেড চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইউৰোপীয় ইউনিয়নৰ (EU) এটি দলো এই পেৰেডত অংশগ্ৰহণ কৰিছে।

আকাশী মাৰ্গত শক্তি প্ৰদৰ্শন আৰু সুৰক্ষা

ফ্লাই-পাষ্টত মুঠ ২৯ খন বিমানে অংশ লৈছে, যাৰ ভিতৰত ১৬ খন যুঁজাৰু বিমান, ৪ খন পৰিবহণ বিমান আৰু ৯ খন হেলিকপ্টাৰ আছে। ৰাফেল, Su-30 MKI, MiG-29 আৰু জাগুৱাৰ বিমানেৰে ‘বজৰং’, ‘বৰুণ’ আৰু ‘বিজয়’ ফৰ্মেচন প্ৰদৰ্শন কৰা হয়। দিল্লীৰ নিৰাপত্তাৰ বাবে ১০,০০০ জোৱান মোতায়েন কৰাৰ লগতে প্ৰথমবাৰৰ বাবে AI আধাৰিত স্মাৰ্ট চশমা, মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তি আৰু ৩০০০ ৰো অধিক চিচিটিভি কেমেৰা ব্যৱহাৰ কৰা হৈছে।

অন্যান্য গুৰুত্বপূৰ্ণ দিশ

শক্তিবাণ, আকাশ মিছাইল চিষ্টেম আৰু ৰবটিক মিউলছ্ বিশেষ আকৰ্ষণ হিচাপে বিবেচিত হৈছে।

প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই যুদ্ধক্ষেত্ৰৰ দৰে ‘ফৰ্মেচন’ত মাৰ্চ কৰিব।

কৰ্তব্য পথত ‘বন্দে মাতৰম’ৰ ঐতিহাসিক পেইণ্টিংসমূহ (১৯২৩ চনৰ ছিৰিজ) প্ৰদৰ্শন কৰা হৈছে।

তিনি বাহিনীৰ প্ৰতীকপটত ‘অপাৰেচন সিন্দুৰ’ প্ৰদৰ্শন কৰা হ’ব।

কোনে খাব নালাগে কেঁচা জলকীয়া? জানক...
হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইবোৰ খাদ্যই বৃদ্ধি কৰে কলেষ্টেৰলৰ মাত্ৰা! চিকিৎসকৰ পৰা জানক...
ৰুষ্ট হ'ব মহাদেৱ, সোমবাৰে শিৱলিংগত পানী ঢালোতে নকৰিব এই ভুল!
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...