প্ৰেমিকৰ বয়স ৩৩, মহিলাৰ ৫৬! অবৈধ প্ৰেমৰ পৰিণতিত প্ৰাণ গ’ল ৬০ বছৰীয়া স্বামীৰ…

পুনৰ পোহৰলৈ আহিছে এক নৃশংস ঘটনা। পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰিলে স্বামীক। প্ৰথম অৱস্থাত পত্নীয়ে স্বামী নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত সমগ্ৰ কাণ্ড পোহৰলৈ আহে।

প্ৰেমিকৰ বয়স ৩৩, মহিলাৰ ৫৬! অবৈধ প্ৰেমৰ পৰিণতিত প্ৰাণ গল ৬০ বছৰীয়া স্বামীৰ...

অভিযুক্ত পত্নী স্বামীৰ সৈতে

Published: 

26 Aug 2025 10:30 AM

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক নৃশংস কাণ্ড পোহৰলৈ আহিছে। অভিযোগ অনুসৰি এজন ৬০ বছৰীয়া লোকক তেওঁৰ পত্নীয়ে ৩৩ বছৰীয়া প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে মৃত লোকজনৰ পত্নী মীনাক্ষম্মা, তেওঁৰ প্ৰেমিক প্ৰদীপ, তেওঁৰ দুই বন্ধু সিন্দেশ আৰু বিশ্বাস গ্ৰেপ্তাৰ কৰে। ইফালে নিহত লোকজন সুব্ৰমণ্য(৬০) বুলি চিনাক্ত হৈছে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ চিকমংগলুৰত।

আৰক্ষীয়ে জনোৱা মতে, সুব্ৰমণ্যই দৰ্জী হিচাপে কাম কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, ২ জুনত ৫৬ বছৰীয়া মীনাক্ষম্মাই এজাহাৰ দাখিল কৰিছিল যে তেওঁৰ স্বামী সুব্ৰমণ্যই ৩১ মে’ত বাহিৰলৈ ওলাই গৈছিল আৰু ঘৰলৈ উভতি অহা নাছিল। তাৰ পাছতে আৰক্ষীয়ে এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত তেওঁৰ কোনো সম্ভেদ পোৱা নাছিল যদিও ৩ জুনৰ ৰে’ল আৰক্ষীয়ে আধা জ্বলা মৃতদেহ এটা উদ্ধাৰ কৰে। লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে। এই মৃতদেহটো আছিল সুব্ৰমণ্যৰ। লগে লগে আৰক্ষীয়ে সেই স্থানৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দেখা পাই যে সুব্ৰমণ্য প্ৰদীপ, সিদ্দেশ আৰু বিশ্বাসৰ সৈতে গাড়ীত উঠিছিল। পাছত সেই ৩ অভিযুক্তক আৰক্ষীয়ে আটক কৰে আৰু পাছত এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে।

আৰক্ষীয়ে কয় যে, প্ৰথম অৱস্থাত মৃতকৰ পত্নীয়ে আৰক্ষীক বিপদে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল। স্বামীৰ মৃত্যুৰ খবৰ পাই তেওঁ যথেষ্ঠ কান্দিছিল। প্ৰথম অৱস্থাত আৰক্ষীয়ে তেওঁৰ ওপৰত কোনো সন্দেহো কৰা নাছিল। কিন্তু প্ৰদীপ আৰু তেওঁৰ বন্ধুয়ে যেতিয়া সকলো খুলি কয় তেতিয়া আৰক্ষীও আচৰিত হৈ পৰে। কিন্তু পৰিস্থিতি এনে আছিল যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ হাতত কোনো প্ৰমাণ নাছিল। ইয়াৰ বিপৰীতে তেওঁৱো অভিযোগ অস্বীকাৰ কৰিছিল।

আৰক্ষীয়ে জনাই যে, মহিলাগৰাকী আৰু প্ৰদীপৰ মাজত যোৱা ৬ মাহ ধৰি ফোনত কোনো কথা বতৰা হোনা নাছিল। কিন্তু আৰক্ষীয়ে লক্ষ্য কৰে যে মহিলাগৰাকীয়ে এটা নম্বৰত প্ৰায়ে ফোন, মেছেজ কৰিছিল। যেতিয়া আৰক্ষীয়ে নম্বৰটো পৰীক্ষা কৰে তেতিয়া গম পাই যে সেই নম্বৰটো প্ৰদীপৰ মাতৃৰ নামত পঞ্জীয়ন হৈ আছে।  সেই নম্বৰটো প্ৰদীপে ব্যৱহাৰ কৰি আছিল।

অভিযোগ অনুসৰি, ৩১ মে’ত প্ৰদীপ আৰু অন্যান্য অভিযুক্তই সুব্ৰমণ্যক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। সেই অনুসৰি তেওঁলোকে সুব্ৰমণ্যৰ দোকানলৈ গৈ তেওঁক গাড়ীত বহাই আনে। পাছত এটা নিৰ্জন ঠাইত নামি আটায়ে সুৰাপান কৰে। তাৰ পাছতে আটাইকেইজনে সুব্ৰমণ্যৰ ডিঙি কাটি হত্যা কৰে। হত্যাৰ অন্তত তেওঁলোকে মৃতদেহটো জ্বলাবলৈ চেষ্টা কৰিছিল যদিও সম্পূৰ্ণ জ্বলি যোৱা নাছিল। যাৰ বাবে তেওঁলোকে সেই স্থানৰ পৰা পলায়ন কৰে।

তদন্ত প্ৰকাশ পাইছিল যে মীনাক্ষম্মাই দুগৰাকী কন্যা সন্তান আছে। দুয়োৰে ইতিমধ্যে বিয়া হৈছে। প্ৰায় ৪ বছৰ পূৰ্বে তেওঁ প্ৰদীপক লগ পাইছিল। তাৰ পাছত দুয়োৰ বন্ধু আৰু পাছতে প্ৰেম হৈছিল। এই অবৈধ প্ৰেমৰ পৰণতিতে মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকে মিলি সুব্ৰমণ্যক হত্যা কৰে। বৰ্তমান আটাইকেইজন অভিযুক্ত ন্যায়িক জিম্মাত আছে।

 

 

 

অন্য খবৰ পঢ়কঃ অধিসূচনা জাৰি আমেৰিকাৰ! আজিৰ পৰা ভাৰতে ভৰিব লাগিব ৫০ শতাংশ শুল্ক…

নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা
৫০০ বছৰ পাছত গণেশ চতুৰ্থীত বিৰল সংযোগ! ভাল দিন আহিব এইসকল লোকৰ...
ডাঙৰ সংযোগ! গণেশ চতুৰ্থীত এই ৰাশিৰ লোকে লাভ কৰিব গণপতিৰ আশীৰ্বাদ...
ভগৱান গণেশৰ আছিল দুগৰাকী পত্নী, পিছে তেওঁৰ শহুৰেকৰ নাম কি আছিল জানেনে?