পাকিস্তানৰ গুলীচালনাত জম্মু-কাশ্মীৰত ৫ জন লোক নিহত, এজন বিষয়াই হেৰুৱালে প্ৰাণ

শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰাজৌৰী, পুঞ্চ আৰু জম্মু জিলাত পাকিস্তানৰ গুলীচালনাত এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসহ ৫জন লোক নিহত হয়।

পাকিস্তানৰ গুলীচালনাত জম্মু-কাশ্মীৰত ৫ জন লোক নিহত, এজন বিষয়াই হেৰুৱালে প্ৰাণ

জম্মু-কাশ্মীৰত পাকিস্তানৰ গুলীচালনাত ৫ জন লোকৰ মৃত্যু

Updated On: 

10 May 2025 11:50 AM

শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰাজৌৰী, পুঞ্চ আৰু জম্মু জিলাত পাকিস্তানৰ গোলাবৰ্ষণত এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসহ ৫জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই তথ্য প্ৰদান কৰিছে বিষয়াসকলে। ৰাজৌৰীৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজ কুমাৰ থাপা আৰু তেওঁৰ দুজন কৰ্মচাৰী নগৰখনৰ থাপাৰ ঘৰত গুলী পৰি গুৰুতৰভাৱে আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁ কয় যে, চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়, তাতেই থাপাৰ মৃত্যু হয়।

বিষয়াজনৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইটাৰযোগে পোষ্ট কৰে,  ৰাজৌৰীৰ পৰা এটা দুখৰ খবৰ আহিছে। আমি হেৰুৱালোঁ জম্মু-কাশ্মীৰ প্ৰশাসনিক সেৱাৰ এজন নিষ্ঠাবান বিষয়াক। থাপাই কালি উপ-মুখ্যমন্ত্ৰীৰ সৈতে জিলাখনত কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিছিল আৰু মোৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অনলাইন বৈঠকতো তেওঁ অংশগ্ৰহণ কৰিছিল।

বিষয়াজনৰ ঘৰত গুলীচালনা

ৰাজৌৰী চহৰক লক্ষ্য কৰি পাকিস্তানে কৰা গুলীচালনাত থাপাৰ ঘৰত খুন্দা মৰাৰ লগতে অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজ কুমাৰ থাপাৰ মৃত্যু হয়। মোৰ দুখ প্ৰকাশ কৰিবলৈ শব্দ নাই। ভগৱানে তেওঁৰ আত্মাক চিৰশান্তি লাভ কৰক। ৰাজৌৰী চহৰৰ এটা ঔদ্যোগিক এলেকাৰ সমীপত পাকিস্তানৰ গোলাবৰ্ষণত মাত্ৰ দুবছৰীয়া আয়েছা নূৰ আৰু ৩৫ বছৰীয়া মহম্মদ শ্বোহিব দুয়োজনেই নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়।

বিষয়াসকলে জনোৱা মতে, পুঞ্চ জিলাৰ মেনধৰ ছেক্টৰৰ কংগ্ৰা-গলহুট্টা গাঁৱত এটা ঘৰৰ ওপৰত মৰ্টন পৰি মৃত্যু হয় ৰছিদা বেগম (৫৫)। তেওঁ কয় যে জম্মু জিলাৰ আৰ এছ পুৰা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানে গুলীচালনা কৰি বিদিপুৰ জাটা গাঁৱৰ নিবাসী অশোক কুমাৰ ওৰফে শৌকীৰ মৃত্যু হয়। পুঞ্চত সংঘটিত হোৱা প্ৰচণ্ড গোলাবৰ্ষণত আৰু তিনিজন লোক আহত হয় আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ৰেহাৰী, ৰূপনগৰকে ধৰি জম্মু চহৰৰ আৱাসিক এলেকাত গোলা আৰু সন্দেহযুক্ত ড্ৰ’ন বাগৰি পৰাত কেইবাজনো লোক আহত হয়।

বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor