অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি! ২০০ মানুহৰ চকুৰ আগত জীৱন্তে জ্বলালে একেটা পৰিয়ালৰ ৫ জনক…

কিমান নৃশংস হ'লে মানুহে মানুহক জীৱন্তে জ্বলাই দিব পাৰে? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য'ত একাংশ লোকে এটা পৰিয়ালৰ ৫ জন সদস্যক জীৱন্তে জ্বলাই দিয়ে।

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি! ২০০ মানুহৰ চকুৰ আগত জীৱন্তে জ্বলালে একেটা পৰিয়ালৰ ৫ জনক...

নৃশংস কাণ্ড

Published: 

07 Jul 2025 19:30 PM

একাংশ মানুহৰ কু-কাণ্ডই সমাজ আধুনিক হোৱা বিষয়টোৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি কৰে। যিমানেই সমাজ আধুনিকতাৰ পিনে গতি নকৰক কিয়, আজিও একাংশলোকে অন্ধবিশ্বাসৰ জালৰ পৰা ওলাই আহিব পৰা নাই। শেহতীয়াকৈ সংঘটিত এনে এক ঘটনাই চকু কপালত তুলিব আপোনাৰ। প্ৰশ্ন কৰিবলৈ মন যাব, সঁচাকৈ আমি আধুনিকনে?

অন্ধবিশ্বাসৰ বলি হৈ এটা পৰিয়ালৰ ৫ জন লোকক হত্যা কৰিলে একাংশই। জানিব পৰা মতে, ডাইনীৰ সন্দেহত পৰিয়ালটোৰ ৫ জন সদস্যক গাঁৱবাসীয়ে অতি নৃশংসভাৱে হত্যা কৰে। মৃতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ পুৰ্ণিয়াত।

স্থানীয় লোকে জনাই যে, গাঁৱৰ একাংশ লোকে বাবু লাল ওৰাওঁৰ পত্নীক ডাইনী বুলি সন্দেহ কৰিছিল। ইয়াৰ পিছত গাঁৱৰ মানুহে প্ৰথমে তেওঁৰ পৰিয়ালক মাৰপিট কৰে আৰু পিছত জীৱন্তে জ্বলাই দিয়ে। নৃশংস হত্যাকাণ্ডৰ পিছত অভিযুক্তই কোনোবা নিৰ্জন স্থানত আটাইকেইজনৰ মৃতদেহ সমাধিস্থ কৰে। এই হত্যাকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ অঞ্চল।

আৰক্ষীয়ে জনাই যে, এই ঘটনাটো মুফাছিল থানা এলেকাৰ ৰাজিগঞ্জ পঞ্চায়তৰ টেটগামা ৱাৰ্ড-১০ ত সংঘটিত হৈছে। গাঁওবাসীয়ে মৃতকৰ পুত্ৰৰ সন্মুখত এই নৃশংস কাণ্ড সংঘটিত কৰে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষীয়ে দুজন লোকক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত আছে সীতা দেৱী (৪৮ বছৰ), বাবু লাল ওৰাওঁন (৫০ বছৰ), কাটো দেৱী (৬৫ বছৰ), মঞ্জিত ওৰাওন (২৫ বছৰ) আৰু ৰাণী দেৱী (২৩ বছৰ)।

মৃত মহিলাগৰাকীৰ পুত্ৰ চনুৱে কয় যে, গাঁৱৰ একাংশ লোকে সন্দেহ কৰিছিল যে তেওঁৰ মাতৃয়ে তন্ত্ৰ মন্ত্ৰ কৰিছিল। তেওঁক মাতৃক ডাইনী বুলি অভিযোগ তুলি একাংশই দেওবাৰ ( ৬জুলাই)য়ে নিশা গাঁওবুঢ়া নকুল ওৰাওনৰ নেতৃত্বত এখন সভা আহ্বান কৰে। এই সভাত গাঁওখনৰ পৰা প্ৰায় ২০০ জন লোকে অংশগ্ৰহণ কৰে। এই সভাতেই ডাইনীৰ অভিযোগ উত্থাপন কৰি চনুৰ মাতৃ সীতা দেৱী আৰু পিতৃ বাবু লাল ওৰাওঁৰ লগতে পৰিয়ালৰ আন সদস্যসকলকো মাতি নিয়ে।

গাঁৱৰ মানুহে চনুৰ পিতৃ-মাতৃৰ কথা নুশুনি তেওঁলোকক মাৰপিট কৰে। প্ৰথমে সকলোৱে মিলি আটাইকেইজনক লাঠিৰে প্ৰহাৰ কৰে আৰু পাছত পেট্ৰ’ল ঢালি জীৱিত অৱস্থাই জ্বলাই দিয়ে। অৱশেষত প্ৰায় ২০০ মানুহৰ চকুৰ আগত যন্ত্ৰণাত চটফটাই, চিঞৰি চিঞৰি মৃত্যুবৰণ কৰে আটাইকেইজনে। অভিযোগ অনুসৰি, ইয়াৰ পাছতে তেওঁলোকৰ মৃতদেহ ট্ৰেক্টৰেৰে লৈ গৈ নিৰ্জন ঠাইত পেলাই দিয়া হয়। কিন্তু সেইস্থানৰ পৰা কেনেবাকৈ পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে চনুয়ে।  পৰৱৰ্তী সময়ত চনুয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত সকলো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ প্ৰেমিক আছিফৰ সৈতে মিলি ৰুগীয়া স্বামীৰ প্ৰাণ ল’লে মহিলাই…

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...