Zubeen Garg: ‘গছ আমি সংৰক্ষণ কৰিব লাগে’- গছ নাকাটিবলৈ আহ্বান জনাই সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰিলে জুবিন গাৰ্গে

প্ৰকৃতিতকৈ উৰ্দ্ধ একো নাই। আমি গছ ৰোৱাটো, গছ সংৰক্ষণ কৰাটো কিমান বেছি প্ৰয়োজন সেয়া সকলোৰে জ্ঞাত। কিন্তু তথাপিও বছৰটোত কিমান গছ-গছনি কটা হয় তাৰ কোনো হিচাপ নাই। ফেচবুকত এটা ভিডিঅ' শ্বেয়াৰ কৰি গছ নাকাটিবলৈ আহ্বান জনাইছে হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে।

Zubeen Garg: গছ আমি সংৰক্ষণ কৰিব লাগে- গছ নাকাটিবলৈ আহ্বান জনাই সামাজিক মাধ্যমত ভিডিঅ শ্বেয়াৰ কৰিলে জুবিন গাৰ্গে

গছ নাকাটিবলৈ আহ্বান জনাই ভিডিঅ' শ্বেয়াৰ কৰিলে জুবিন গাৰ্গে

Published: 

31 Oct 2024 17:36 PM

ৰাজ্যত গছ কটাৰ বিৰুদ্ধে চলিছে আন্দোলন। উন্নয়নৰ নামত ধাৰাবাহিক গছ কটা হৈছে গুৱাহাটী মহানগৰীত। এইবাৰ নাৰেংগীৰ পৰা ৰিজাৰ্ভ বেংকলৈ নিৰ্মাণ হ’বলগীয়া উৰণ সেতুৰ নামত দীঘলীপুখুৰীৰ পাৰৰ ২৫ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত লৈছিল চৰকাৰে। ইয়াৰ লগে লগে ৰাজ্য গছ নাকাটিবলৈ আন্দোলনৰ সূচনা কৰে ৰাইজে। এফালে অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপন ১ কোটি ১২ লাখ গছপুলি আৰু আনফালে বন ধবংস!এই কথাটো সহজভাবে মানি ল’ব পৰা নাই ৰাইজে। ‘সেতু নিৰ্মাণ হওক, কিন্ত গছ নাকাটিব , গছেই জীৱন’- এইদৰে একাংশই সামিজিক মাধ্যমতো প্ৰতিবাদ কৰি লিখিছে।

গছ কটাৰ বিৰোধীতা কৰি সামাজিক মাধ্যমত অংগৰাগ পাপন মহন্ত,জুবিন গাৰ্গকে ধৰে বহু খ্যাতমান ব্যক্তিয়ে দিছে পোষ্ট। আজি গছ কটাৰ বিৰোধীতা কৰি সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মতে এডাল গছ কাটি আন এডাল ৰোপন কৰিলেও সেই স্থানৰ অভাৱ পূৰণ কৰিব নোৱাৰে।

বন ধ্বংস যজ্ঞ চলোৱাৰ বাবে পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হোৱাৰ উপৰিও ব্যাপক প্ৰদূষণৰ সৃষ্টি হৈছে। আমি জানো যে প্ৰকৃতিতকৈ উৰ্দ্ধ একো নাই। আমি গছ ৰোৱাটো, গছ সংৰক্ষণ কৰাটো কিমান বেছি প্ৰয়োজন সেয়া সকলোৰে জ্ঞাত। কিন্তু তথাপিও বছৰটোত কিমান গছ-গছনি কটা হয় তাৰ কোনো হিচাপ নাই। গছে অক্সিজেন দিয়াৰ উপৰিও ঘৰ-দুৱাৰ, প্ৰয়োজনীয় আচবাব আদি নিৰ্মাণৰ ক্ষেত্ৰত কাঠৰ যোগান ধৰিছে। প্ৰখৰ ৰ’দত জিৰণি লবলৈ ছাঁ দিছে, ভূমি অৱক্ষয় ৰোধ আৰু প্ৰাকৃতিক পৰিবেশক সুৰক্ষা আৰু নিৰ্মল কৰি তোলে। মুঠতে গছে আমাক দিয়া নাই কি? এতিয়া প্ৰশ্ন উঠিছে গছ-গছনিয়ে আমাক অক্সিজেন দি জীয়াই ৰখা স্বত্বেও ইয়াক প্ৰতিপালনৰ ক্ষেত্ৰত আমি কিমানদূৰ দায়বদ্ধ ?

প্ৰকৃতিৰ অনবদ্য অৱদান গছ-গছনিৰ স’তে মানুহে সহাৱস্থান কৰা স্বত্বেও আমি কেইজনেইবা ইয়াৰ মৰ্মাথ উপলব্ধি কৰিছোঁ। বনজ সম্পদ আৰু মানৱ জীৱন পৰস্পৰে পৰস্পৰৰ পৰিপূৰক। অকল সৌন্দৰ্যবৰ্দ্ধন কৰাই নহয় মানৱ সমাজ তথা জীৱকুলক জীয়াই থকাত ইন্ধন যোগায়।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰীৰ পাৰৰ গছ নাকাটি তাৰ বিকল্প ব্যৱস্থা উলিয়াই সেতু নিৰ্মান কৰিবলৈ PWD বিভাগক আদেশ দিছে। গোপীনাথ বৰদলৈ উৰণ সেতুৰ বাবে বিকল্প পথৰ সন্ধানৰ প্ৰসংগক লৈ লোক নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াৰে বৈঠকো অনুষ্ঠিত হয় মুখ্য সচিবৰ। প্ৰায় ৬ কিঃমিঃ দীঘল উৰণ সেঁতুখন নিৰ্মাণৰ বাবে জি এন বি পথ অথবা অন্য বিকল্প পথৰ সন্ধান চলি আছে। বৈঠকত উৰণ সেতুৰ শেষাংশৰ নতুন খচৰা প্ৰস্তুতৰ নিৰ্দেশ লোক নিৰ্মাণ বিভাগক। লোক নিৰ্মাণ বিভাগে এসপ্তাহত দিব প্ৰতিবেদন।

নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...
২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ, এই ৰাশিৰ লোকসকল হ'ব লাগিব সাৱধান!
ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...