শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ, কেতিয়া অসম আহি পাব পাৰ্থিৱ শৰীৰ?

আজি অসমলৈ অনা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। শোকত ভাঙি পৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকল। ইতিমধ্যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে।

ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ, কেতিয়া অসম আহি পাব পাৰ্থিৱ শৰীৰ?
barasha-misra
Barasha Misra | Updated On: 20 Sep 2025 11:11 AM

আজি অসমলৈ আহিব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ছিংগাপুৰত শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে। তেওঁৰ নশ্বৰ দেহ এতিয়া ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগী দল শ্ৰীশেখৰজ্যোতি গোস্বামী, ভাতৃ শ্ৰীসন্দীপন গাৰ্গ আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মা (মেনেজাৰ)ৰ হাতত অৰ্পণ কৰা হৈছে। সামাজিক মাধ্যমত এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি বিয়লি গুৱাহাটীলৈ অনা আহি পাব বুলি অনুমান কৰিছে জুবিন গাৰ্গৰ নশ্বৰদেহ। সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। হিয়াৰ আঁমঠু জুবিন গাৰ্গক শেষবাৰৰ বাবে সৰুসজাই ষ্টেডিয়ামত চাব পাৰিব অনুৰাগীয়ে। সাধাৰণ ৰাইজেও জুবিন গাৰ্গক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।

ইফালে যোৰহাটত শেষকৃত্য সম্পন্ন কৰাৰ দাবী হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অনুৰাগী-গুণমুগ্ধৰ। মুখ্যমন্ত্ৰীয়ে কয়, শেষকৃত্যৰ স্থান সন্দৰ্ভত পৰিয়ালৰ সৈতে হ’ব আলোচনা। ইয়াৰোপৰি জুবিনৰ নশ্বৰদেহ অসম আহি পোৱাৰ পিছত অসম চৰকাৰে অৰ্ধ ছুটিৰ কৰিছে চিন্তা চৰ্চা।