Year-ender 2025: ঘৰলৈ আগমণ নতুন আলহীৰ! ২০২৫ বৰ্ষত পিতৃ-মাতৃ হ’ল বলীউডৰ এইসকল তাৰকা

২০২৫ চনৰ অন্ত পৰিবলৈ মাজত মাত্ৰ আৰু এদিন আছে। বলীউডৰ জগতখনে এই বছৰটোত জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। বহু তাৰকাই জীৱনৰ নতুন আৰম্ভণি কৰিছিল এই মাহটোতে। সবিশেষ জানো আহক।

Year-ender 2025: ঘৰলৈ আগমণ নতুন আলহীৰ! ২০২৫ বৰ্ষত পিতৃ-মাতৃ হল বলীউডৰ এইসকল তাৰকা
Published: 

30 Dec 2025 17:28 PM

২০২৫ চনত বলীউডৰ বহু তাৰকাৰ সন্তানে জন্মগ্ৰহণ কৰিছে। তাৰকাসকলে নিজৰ সন্তানৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ কৰিছিল। প্ৰতিজন তাৰকাই নিজৰ সন্তানৰ নাম কিছু ব্যতিক্ৰমী ৰূপত ৰাখিছিল। এই বছৰটোত কোন কোন তাৰকাই পিতৃ-মাতৃ হৈছে জানো আহক।

  • কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাঃ ২০২৫ চনৰ ১৫ জুলাইত জন্মগ্ৰহণ কৰিছিল কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ সন্তান ছাৰায়াই। ইয়াৰ অৰ্থ হৈছে “ঈশ্বৰৰ ৰাজকুমাৰী”।
  • পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চড্ডাঃ ২০২৫ চনৰ ১৯ ​​অক্টোবৰত নীৰ আহিছিল পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চড্ডাৰ জীৱনত। তেওঁলোকে নিজৰ পুত্ৰ নাম ৰাখিছিল নীৰ, ইয়াৰ অৰ্থ হৈছে পানী।
  • আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলঃ ২০২৫ চনৰ ২৪ মাৰ্চত জন্মগ্ৰহণ কৰা ইভাৰাহ বিপুলা ৰাহুলে জন্মগ্ৰহণ কৰিছিল। এই নামৰ সংস্কৃতৰ অৰ্থ হৈছে “ঈশ্বৰৰ উপহাৰ”। তেওঁৰ আইতাক আৰু পিতৃক নামেৰে সন্তানৰ নাম ৰাখিছে।
  • ইশিতা দত্ত আৰু বৎসল শেঠঃ ২০২৫ চনৰ ১০ জুনত ইশিতা দত্ত আৰু বৎসল শেঠৰ জীৱনলৈ বেদ আহিছিল। পুত্ৰৰ এই নামটোৰ অৰ্থ হৈছে প্ৰাচীন বেদৰ পৰা পোৱা “জ্ঞান” বা পবিত্ৰ প্ৰজ্ঞা।
  • সাগৰিকা ঘাটগে আৰু জহীৰ খানঃ ২০২৫ চনৰ ১৬ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল সাগৰিকা ঘাটগে আৰু জহীৰ খানৰ পুত্ৰ ফতেহ সিংহ খানে। এই নামৰ অৰ্থ“বিজয়” আৰু “সিংহ”ৰ মিশ্ৰণ ঘটাইছে, তেওঁলোকৰ ক্ৰিকেট-চিনেমাৰ মিশ্ৰণত সন্মান জনাইছে।
  • আৰবাজ খান আৰু শ্বুৰা খানঃ আৰবাজ খান আৰু শ্বুৰা খানৰ কন্যা ছিপাৰা খান ২০২৫ চনৰ ৫ অক্টোবৰত তেওঁলোকৰ জীৱনলৈ আহিছিল। এই নামটোৱে আৰবী ভাষাত সুন্দৰ মহিলা, পাৰ্চী ভাষাত ফুল আৰু উৰ্দু ভাষাত ৰূপৱতীক বুজায়।
  • কেটৰিনা কাইফ আৰু বিকি কৌশলঃ ২০২৫ চনৰ ৭ নৱেম্বৰত কেটৰিনা কাইফ আৰু ভিকি কৌশলৰ জীৱনত এটি ল’ৰা সন্তান আহিছিল। অৱশ্যে এতিয়ালৈ বলীউডৰ এই শক্তিশালী দম্পত্তীয়ে সন্তানৰ নাম ভালকৈ জনোৱা নাই, কেৱল পুত্ৰ হোৱা বুলিহে সামাজিক মাধ্যমত লিখিছিল।
  • ৰাজকুমাৰ ৰাও আৰু পাত্ৰলেখাঃ ৰাজকুমাৰ ৰাও আৰু পাত্ৰলেখাই ২০২৫ চনৰ ১৫ নৱেম্বৰত তেওঁলোকৰ ৪ বছৰীয়া জয়ন্তীক আদৰণি জনায়। “ঈশ্বৰৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ” হিচাপে তেওঁলোকে আদৰণি জনায়।

লগতে পঢ়ক- ভাৰতৰ ১০ জন জনপ্ৰিয় ব্যক্তি, যিয়ে ২০২৫ বৰ্ষত দৰ্শকৰ হৃদয় জয় কৰিছে!

এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
শৰীৰত হিম'গ্ল'বিন কমিলে কোনবোৰ লক্ষণ দেখা যায়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...