মৃত্যুৰ পিছত কিয় শ্ৰীদেৱীৰ মুখত সোণৰ টুকুৰা ৰখা হৈছিল? আঁৰৰ কাৰণ জানক

যশস্বী অভিনেত্ৰী শ্ৰীদেৱীৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছিল। অভিনেত্ৰীগৰাকীয়ে ২০১৮ চনত ইহসংহাৰ ত্যাগ কৰে। তেওঁৰ শেষৰ ৰীতি-নীতিসমূহ সঠিকভাৱে পৰিবেশন কৰা হৈছিল। কিন্তু আপুনি জানেনে মৃত্যুৰ পিছত তেওঁৰ মুখত সোণৰ টুকুৰা কিয় ৰখা হৈছিল?

মৃত্যুৰ পিছত কিয় শ্ৰীদেৱীৰ মুখত সোণৰ টুকুৰা ৰখা হৈছিল? আঁৰৰ কাৰণ জানক

মৃত্যুৰ পিছত কিয় শ্ৰীদেৱীৰ মুখত সোণৰ টুকুৰা ৰখা হৈছিল?

Updated On: 

27 May 2025 22:20 PM

হিন্দী চিনেমাৰ এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল শ্ৰীদেৱী। তেওঁক ছবি উদ্যোগটোত ‘লেডী অমিতাভ বচ্চন’ বুলিও কৈছিল। অৱশ্যে এইগৰাকী কিংবদন্তি অভিনেত্ৰী এতিয়া আমাৰ মাজত নাই। প্ৰায় সাত বছৰ আগতে তেওঁৰ মৃত্যু হয়। শ্ৰীদেৱীৰ হঠাৎ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ জোৱাৰ উঠিছিল আৰু তেওঁৰ অনুৰাগীসকলৰ বাবে এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছিল। শ্ৰীদেৱীয়ে শেষবাৰৰ বাবে বিবাহিত মহিলাৰ দৰে সাজ-পোছাক পিন্ধিছিল আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত লাখ লাখ লোক সমবেত হৈছিল।

শ্ৰীদেৱীৰ শেষ ৰীতি-নীতিবোৰ সঠিকভাৱে পালন কৰা হৈছিল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰতিটো নিয়ম সম্পন্ন কৰা হৈছিল। কিন্তু আপুনি জানেনে যে মৃত্যুৰ পিছত শ্ৰীদেৱীৰ মুখত সোণৰ টুকুৰা এটাও ৰখা হৈছিল। ইয়াৰ আঁৰত এটা অতি বিশেষ কাৰণ আছে। ইয়াৰ বিষয়ে জানক।

কিয় মৃত্যুৰ পিছত শ্ৰীদেৱীৰ মুখত সোণৰ টুকুৰা দিছিল?

১৯৬৩ চনৰ ১৩ আগষ্টত তামিলনাডুৰ মীনাম্পট্টিত জন্মগ্ৰহণ কৰিছিল শ্ৰীদেৱীয়ে। ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। শ্ৰীদেৱীক অন্তিম বিদায় দিওঁতে পৰিয়ালৰ লোকে তেওঁৰ মুখত এটুকুৰা সোণ দিছিল। তামিল পৰম্পৰা অনুসৰি বিবাহিত মহিলাৰ মৃত্যু হ’লে তেওঁৰ মুখত সোণৰ সোণৰ টুকুৰা এটা থোৱা হয়। এই কাৰণে সোণৰ টুকুৰা এটা শ্ৰীদেৱীৰ মুখত থৈ দিয়া হৈছিল।

কন্যা জাহ্নৱীৰ প্ৰথম ছবিখন চাব নাপালে শ্ৰীদেৱীয়ে

শ্ৰীদেৱীৰ মৃত্যুৰ একে বছৰতে তেওঁৰ জ্যেষ্ঠ কন্যা জাহ্নৱী কাপুৰে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। জাহ্নৱী মাকৰ বহুত ঘনিষ্ঠ আছিল। জাহ্নৱীয়ে ‘ধড়ক’ ছবিৰ জৰিয়তে অভিষেক ঘটায়। ইয়াৰ শ্বুটিঙৰ সময়ত শ্ৰীদেৱী কন্যাৰ সৈতে সদায় উপস্থিত আছিল। কিন্তু কন্যাৰ ডেবিউ চাব পৰা নাছিল।

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত শ্ৰীদেৱীয়ে বিশ্ববাসীৰ পৰা বিদায় লৈছিল। জাহ্নৱীৰ প্ৰথম ছবিখন ২০১৮ চনৰ জুলাই মাহত মুক্তি পাইছিল। ইয়াত ঈশান খট্টৰক তেওঁৰ সৈতে এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। এতিয়া শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰেও ছবি উদ্যোগত প্ৰৱেশ কৰিছে। ২০২৩ চনৰ বলীউডৰ ছবি ‘দ্য আৰ্চিজ’ৰ জৰিয়তে খুশীয়ে অভিষেক ঘটায়। ইয়াৰ পৰিচালক আছিল জোয়া আখতাৰ।

ঘৰৰ তুলসীত দেখা দিছে নেকি এনে লক্ষণে? আগুৰি ধৰিব পাৰে দুৰ্ভাগ্য তথা সংকটে…
এইবাৰ নিশ্চিত আৰচিবিৰ খিতাপ জয়! ইতিহাসৰ কাকতালীয় সংযোগে যেন দিছে তাৰে পূৰ্বাভাস…
ৰে'লৰ পৰা বিচনা চাদৰ চুৰি কৰিলে কি শাস্তি হয় জানেনে? জানক...
কিয় মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ মুকুট ঘূৰাই দিয়াৰ সিদ্ধান্ত ল'লে ৰেচেল গুপ্তাই?