জয়া বচ্চনে কিয় কৰিশ্মা কাপুৰক অভিষেকৰ জীৱনসংগী হোৱাটো বিচৰা নাছিল?

অভিষেকে কৰিশ্মাক বহুত গুৰুত্ব দিছিল। বলীউডৰ প্ৰায় সকলোৱেই জানিছিল এই খবৰ। সেই সময়ত যেতিয়াই কৰিশ্মা আৰু জয়াৰ বিভিন্ন চলচ্চিত্ৰ অনুষ্ঠানত লগ হৈছিল, কৰিশ্মাই জয়াক সাৱটি ধৰি মৰমেৰে আকোঁৱালি লৈছিল। এই সকলোবোৰ দেখি সকলোৱে ধৰি লৈছিল যে জুনিয়ৰ বচ্চনৰ পত্নী হ’ব কাপুৰ পৰিয়ালৰ কন্যা কৰিশ্মা।

জয়া বচ্চনে কিয় কৰিশ্মা কাপুৰক অভিষেকৰ জীৱনসংগী হোৱাটো বিচৰা নাছিল?
Published: 

29 Jan 2026 | 09:09 PM

কৰিশ্মাই নিজকে বচ্চন পৰিয়ালৰ বোৱাৰী হোৱাৰ সপোন দেখিছিল। আনকি অভিষেক আৰু পৰিয়ালৰ লগত কেনেকৈ চলিব মনতে সিদ্ধান্ত লৈছিল। জয়া বচ্চনৰ লগত কৰিশ্মাৰ ভাল সম্পৰ্ক আছিল। কিন্তু হঠাৎ এই সম্পৰ্ক বেয়া হৈ আহিল। এই কথাবোৰ কোৱাৰ ঠিক আগদিনা জয়াৰ সমগ্ৰ মনোভাৱ সলনি হৈ গ’ল। কৰিশ্মাক ভালপোৱা জয়াই কৰিশ্মাক খেদি পঠিয়ালে! এনে বহু কথাৰ উৰাবাতৰি চৌদিশে বিয়পি পৰিছে। কোৱা হয় যে, জয়াই কৰিশ্মাক এনে এটা চৰ্ত দিছিল, যিটো শুনি কৰিশ্মাৰ চকুলো নিগৰি আহিছিল।

অভিষেকে কৰিশ্মাক বহুত গুৰুত্ব দিছিল। বলীউডৰ প্ৰায় সকলোৱেই জানিছিল এই খবৰ। সেই সময়ত যেতিয়াই কৰিশ্মা আৰু জয়াৰ বিভিন্ন চলচ্চিত্ৰ অনুষ্ঠানত লগ হৈছিল, কৰিশ্মাই জয়াক সাৱটি ধৰি মৰমেৰে আকোঁৱালি লৈছিল। এই সকলোবোৰ দেখি সকলোৱে ধৰি লৈছিল যে জুনিয়ৰ বচ্চনৰ পত্নী হ’ব কাপুৰ পৰিয়ালৰ কন্যা কৰিশ্মা।

কিন্তু হঠাতে কাহিনীটোত এটা টুইষ্ট আহি পৰে। সেই সময়ত জয়া বচ্চনে কৰিশ্মাৰ বাবে চৰ্ত বান্ধি দিছিল যে, অভিষেকক বিয়া কৰালে অভিনয় এৰিব লাগিব! যদি কৰিশ্মাই এই কথাত সন্মতি দিয়ে, তেন্তে বিবাহপাশত আৱদ্ধ হ’ব পাৰিব। জয়াৰ এনে কথা শুনি কৰিশ্মা হতভম্ব হৈ পৰিল। তাৰপিছত বিভিন্ন প্ৰকাৰে জয়াক এই চৰ্ত বাতিল কৰিবলৈ অনুৰোধ কৰিলে। অৱশ্যে জেদী জয়াই কৰিশ্মাৰ কথা নুশুনিলে। অভিনয় ত্যাগ কৰিবলৈও অনিচ্ছুক হৈ পৰিছিল কৰিশ্মাই। এই ঘটনাই সেই সময়ত বিতৰ্কৰ লগতে সামাজিক মাধ্যমত ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছিল।

নিশা এফুটা নহৰু খোৱাৰ অভ্যাসে বচাব আপোনাৰ জেপৰ ধন! কিদৰে সম্ভৱ এয়া, চাওক এতিয়াই
স্বামীক সাৱটি ধৰি শুলে জীৱনত আহিব আচৰিত প্ৰভাৱ!
যৌন জীৱনত স্বামীয়ে সুখী কৰিব পৰা নাই নেকি? নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাবলৈ দিয়ক এইবোৰ সামগ্ৰী...
শীতৰ বজাৰত উভৈনদী কমলাৰ উপকাৰী গুণো অসীম, জানিলে আচৰিত হ’ব আপুনি
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...