ঐশ্বৰ্য-কেটৰিনাৰ সৈতে প্ৰেমৰ সম্পৰ্ক কিয় হৈছিল ছিন্ন? অৱশেষত মুখ খুলিলে ছলমানে
ঐশ্বৰ্যৰ প্ৰেমত এসময়ত বাৰুকৈয়ে মচগুল হৈছিল ছলমান খান। আনকি দুয়ো বিবাহৰ পৰিকল্পনা কৰিছিল বুলিও চৰ্চিত হৈছিল। কিন্তু হঠাৎ এই সম্পৰ্কত যতি পৰে। ঐশ্বৰ্যৰ প্ৰতি ছলমানৰ বেয়া আচৰণৰ বাবেই এই সম্পৰ্ক স্থায়ী নহ’ল বুলি চৰ্চা চলিছিল। তাৰ পিছত কেটৰিনাৰ ক্ষেত্ৰতো দেখা গৈছিল এনে চৰ্চা। পিছে ইয়াৰ সত্যতা কিমান আছিল?

ঐশ্বৰ্য-কেটৰিনাৰ সৈতে কিয় বিচ্ছেদ হৈছিল ছলমানৰ!
বলীউডৰ ভাইজান ছলমান খানৰ সৈতে জড়িত নিত্য নতুন গুজৱে প্ৰায়ে চৰ্চা লাভ কৰে। বিশেষকৈ অভিনেতাগৰাকীৰ প্ৰেমৰ সম্পৰ্কক লৈ চৰ্চাৰ অন্ত নাই। অৱশ্যে এই বিষয়ত কোনো দিনেই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ছলমানে। ঐশ্বৰ্য ৰায় আৰু কেটৰিনা কাঈফৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্ক আছিল সৰ্বজনবিদিত। কিন্তু এই দুগৰাকী অভিনেত্ৰীৰ সৈতে হোৱা ব্ৰেকআপ প্ৰসঙ্গতো ছলমান হৈ আছিল নীৰৱ। পিছে কিমানদিনলৈ আৰু মনে মনে থাকিব ভাইজান!
এতিয়া টুইংকল খান্না আৰু কাজলৰ প্ৰশ্ন উত্তৰত বলীউডৰ ভাইজান খ্যাত ছলমানে ভংগ কৰিছে মৌনতা। শেহতীয়াকৈ ছলমানে আমিৰ খানৰ সৈতে কাজল আৰু টুইংকলৰ নতুন শ্ব’ ‘টু মাচ উইথ কাজল এণ্ড টুইংকল খান্না’ত উপস্থিত আছিল। এই শ্ব’তেই ছলমানে নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে।
ঐশ্বৰ্যৰ প্ৰেমত এসময়ত বাৰুকৈয়ে মচগুল হৈছিল ছলমান খান। আনকি দুয়ো বিবাহৰ পৰিকল্পনা কৰিছিল বুলিও চৰ্চিত হৈছিল। কিন্তু হঠাৎ এই সম্পৰ্কত যতি পৰে। ঐশ্বৰ্যৰ প্ৰতি ছলমানৰ বেয়া আচৰণৰ বাবেই এই সম্পৰ্ক স্থায়ী নহ’ল বুলি চৰ্চা চলিছিল। তাৰ পিছত কেটৰিনাৰ ক্ষেত্ৰতো দেখা গৈছিল এনে চৰ্চা। পিছে ইয়াৰ সত্যতা কিমান আছিল?
টুইংকল খান্না আৰু কাজলৰ অনুষ্ঠানত ছলমানে কয়, “সম্পৰ্কৰ সময়ত যেতিয়া এজন সংগী আনজনতকৈ উচ্চ পৰ্যায়ত উপনীত হয়, তেতিয়াই সম্পৰ্কত সমস্যা আৰম্ভ হয়। তেওঁলোকৰ এজনে নিৰাপত্তাহীনতাত ভুগিবলৈ আৰম্ভ কৰে। গতিকে মই ভাবো দুয়োজনেই একেলগে আগবাঢ়ি যোৱা উচিত।”
এই মন্তব্যৰ জৰিয়তে ছলমানে যেন কেটৰিনা আৰু ঐশ্বৰ্যৰ সৈতে সম্পৰ্কৰ ইঙ্গিতেই দিয়ে। দুয়োৰে সৈতে সম্পৰ্কত এনে সমস্যা হোৱাৰ বাবেই বিচ্ছেদ ঘটাৰ ইঙ্গিত দিয়া বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে জীৱনত কেইবাবাৰো প্ৰেমত পৰিছে ছলমান খান। সংগীতা বিজলানীৰ সৈতে তেওঁৰ বিবাহ প্ৰায় ঠিক হৈছিল।
ঘৰে ঘৰে বিয়াৰ কাৰ্ডো পঠিওৱা হৈছিল। অৱশ্যে বিয়াৰ মাত্ৰ এমাহ আগে আগে ছলমান খানে সেই বিবাহ ভংগ কৰে। ইয়াৰ পিছতো ঐশ্বৰ্য ৰায়, কেটৰিনা কাঈফৰ সৈতে ছলমানৰ প্ৰেমৰ সম্পৰ্কৰ সৰস চৰ্চা। পিছে ইয়াৰে কোনো এটা সম্পৰ্কই স্থায়ী হৈ নুঠিল। এই মুহূৰ্তত অবিবাহিত ছলমান। অৱশ্যে তেওঁৰ বিয়াৰ কোনো পৰিকল্পনা নাই বুলি ইতিমধ্যে ছলমানে স্পষ্ট কৰি দিছে।