বিয়াৰ ১১ বছৰৰ পাছতো কিয় পিতৃত্বৰ সুখ পোৱা নাই বলীউডৰ অভিনেতা জন আব্ৰাহামে?

জন আব্ৰাহাম আৰু প্ৰিয়া ৰুঞ্চালৰ বিবাহৰ ১১ বছৰতকৈও অধিক সময় পাৰ হৈ গৈছে। ইমান বছৰৰ পাছতো জনে এতিয়াও সন্তানৰ কথা ভবা নাই। পৰিয়াল পৰিকল্পনা আৰু পত্নী প্ৰিয়াক লৈ কি ভাবে অভিনেতাগৰাকীয়ে জানো আহক।

বিয়াৰ ১১ বছৰৰ পাছতো কিয় পিতৃত্বৰ সুখ পোৱা নাই বলীউডৰ অভিনেতা জন আব্ৰাহামে?

বিয়াৰ ১১ বছৰৰ পাছতো কিয় পিতৃত্বৰ সুখ পোৱা নাই জন আব্ৰাহামে?

Published: 

15 Jul 2025 16:36 PM

জন আব্ৰাহামে আগন্তুক প্ৰজেক্টৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। বৰ্তমান অভিনেতাজনে ৰোহিত শ্বেট্টীৰ সৈতে নিজৰ ছবিৰ কাম কৰি আছে। জনে ব্যক্তিগত জীৱনটো অতি ব্যক্তিগতভাৱে ৰাখে। পত্নী প্ৰিয়া ৰুঞ্চলৰ সৈতে বিবাহৰ ১১ বছৰ পিছতো তেওঁলোকৰ কোনো সন্তান জন্ম হোৱা নাই। জন আৰু প্ৰিয়াই নিজৰ জীৱনটো অতি সহজ আৰু সৰলতভাৱে কটায়। যেতিয়া জনক পৰিয়াল পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল, তেতিয়া তেওঁ এই বিষয়ে মুকলিকৈ কয়।

টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক পুৰণি সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছিল যে, তেওঁৰ সমগ্ৰ মনোযোগ বৰ্তমান কামৰ ওপৰত। তেওঁ কয়, “এতিয়াই মই কেৱল মোৰ কৰ্মক্ষেত্ৰ ঠিকে ৰখাত মনোনিৱেশ কৰিছো।” পেছাদাৰী জীৱনত সম্পূৰ্ণ ব্যস্ত হোৱাটোও জনে পৰিয়াল পৰিকল্পনাৰ কথা নভবাটো এটা ডাঙৰ কাৰণ।

জনে নিজৰ পেছাদাৰী জীৱনত অতি ব্যস্ত

জন কয়, “মোৰ এটা ফুটবল দল আছে – নৰ্থইষ্ট ইউনাইটেড এফ চি, গতিকে মোৰ মনত সেইটোৱেই একমাত্ৰ কথা আৰু মোৰ নিজা প্ৰডাকচন হাউচো আছে। মই অভিনেতা হিচাপেও ছবি কৰি আছো। বৰ্তমান মোৰ জীৱনত বহু কথা ঘটি আছে যিবোৰে বহু সময় লৈছে। এবাৰ সকলো ঠিক হ’লে… এতিয়াই সকলোবোৰ সঠিকভাৱে কৰাৰ চেষ্টা কৰা হৈছে।”

পৰিয়াল পৰিকল্পনাকলৈ কি ভাবে জনে?

তাৰা শৰ্মাৰ পেৰেন্টিং টক শ্ব’ত কথা-বতৰাৰ সময়ত জনেও শিশুৰ বিষয়ে নিজৰ চিন্তা-চৰ্চা ব্যক্ত কৰে। তেওঁ কয় যে আপুনি বহুত বেছি পৰিকল্পনা কৰিব নোৱাৰে, কিন্তু মই ভাবো যেতিয়া আপুনি এজন সক্ৰিয় অভিভাৱক হ’বলৈ সাজু হ’ব তেতিয়াহে সন্তান জন্ম দিব লাগে। অন্যথা সন্তান জন্ম দিয়া উচিত নহয়। যদি আপুনি পিতৃ-মাতৃ হৈ আনন্দ ল’ব বিচাৰে আৰু সন্তানক বহুত মৰম আৰু যত্নৰে ডাঙৰ-দীঘল কৰিব বিচাৰে তেন্তে সন্তান জন্ম দিব লাগে।

 

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?