কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে?

সকলো অনুৰাগীক কন্দুৱাই এই সংসাৰৰ পৰা বিদায় মাগে ধৰ্মেন্দ্ৰই। হেমা মালিনী ধৰ্মেন্দ্ৰ দ্বিতীয় পত্নী। কিন্তু আপুনি জানেনে, হেমাক বিয়া কৰোৱাৰ পূৰ্বে ধৰ্মেন্দ্ৰই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল? কিয় লৈছিল এই সিদ্ধান্ত?

কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে?

ধৰ্মেন্দ্ৰ

Published: 

01 Dec 2025 12:27 PM

প্ৰথম পত্নী থকাৰ পাছতো হেমামালিনীৰ প্ৰেমত পৰিছিল ধৰ্মেন্দ্ৰ। কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু তেতিয়াই আহে সমস্যা। কিয়নো ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰে বিবাহ বিচ্ছেদ কৰিব বিচৰা নাছিল। আনকি ধৰ্মেন্দ্ৰই নিজেও সেয়া বিচৰা নাছিল। কিন্তু তাৰ পাছতো ধৰ্মেন্দ্ৰই হেমাক বিয়া কৰাব বিচাৰিছিল। যাৰ বাবে তেওঁ কৈছিল-“প্যাৰ কিয়া তোহ দৰনা ক্যা”।

বলীউডৰ বিভিন্ন সূত্ৰ অনুসৰি হেমাক বিয়া কৰাবলৈ ধৰ্মেন্দ্ৰই সাময়িকভাৱে নিজৰ ধৰ্ম ত্যাগ কৰিছিল। হিন্দু বিবাহ আইন অনুসৰি এজন পুৰুষ বা মহিলাই বিবাহ বিচ্ছেদ নোহোৱাকৈ পুনৰ বিয়াত বহিব নোৱাৰে। সেয়ে নিশাৰ ভিতৰতে দুয়ো ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।

শ্বৰীয়ত আইনত কোৱা হৈছে যে এজন মুছলমান পুৰুষে একে সময়তে চাৰিগৰাকী পত্নীক বিয়া কৰাব পাৰে। গতিকে প্ৰকাশ কৌৰে বিবাহ বিচ্ছেদ মঞ্জুৰ নকৰিলেও হেমাক বিয়া কৰাবলৈ ধৰ্মেন্দ্ৰই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ধৰ্মান্তৰিত হোৱাৰ বাবে তেওঁলোকে দুটা নতুন নাম ৰাখিবলগীয়া হৈছিল। ধৰ্মেন্দ্ৰই নাম ৰাখিছিল দিলৱাৰ খান, আনহাতে হেমাৰ নাম আছিল আইছা। অৱশ্যে পাছলৈ দুয়ো এই নাম ব্যৱহাৰ কৰা নাছিল। আনকি ইছলাম ধৰ্মও পালন কৰা নাছিল। ইয়াৰ মাজতে ২০০৪ চনত ধৰ্মেন্দ্ৰই মুকলিকৈ কৈছিল নিজকে হিন্দু বুলি।

হেমা-ধৰ্মেন্দ্ৰৰ সংসাৰ বহু দীঘলীয়া আছিল। দুয়োৰে দুটি কন্যা সন্তানো আছে। কিন্তু সকলোকে কন্দুৱাই ২৪ নৱেম্বৰত ইহলীলা সম্বৰণ কৰে ধৰ্মেন্দ্ৰই।  প্ৰিয় পুৰুষক হেৰুৱাই এতিয়া হেমাৰ চকুত চকুলো। কিন্তু ৰূপালী পৰ্দা আৰু বাস্তৱৰ হেমা-ধৰ্মেন্দ্ৰৰ কাহিনী সকলোৰে মাজত সদায় স্মৰণীয় হৈ ৰ’ব।

 

অন্য খবৰ পঢ়কঃ মোৰ শৰীৰ, মোৰ সম্পত্তি…কিয় হঠাতে আৰু কাক এনেকৈ ক’লে ঐশ্বৰ্যই…

মহিলাৰ দেহত কৰ্কট ৰোগৰ ৫ টা লক্ষণ কি? জানক...
হাৰ্ট এটেক অহাৰ ১ মাহ পূৰ্বে দেখা দিয়ে এনে লক্ষণ! জানক...
শোৱা গাৰুৰ তলত এটা জালুক ৰাখিলে কি হ’ব? জানক...
লিভাৰৰ প্ৰধান শত্ৰু এই ৫ বিধ খাদ্য, খোৱাৰ পূৰ্বে ভাবক...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী