নন্দিনী গুপ্তা কোন? যিয়ে মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক কৰিছে প্ৰতিনিধিত্ব

নন্দিনী গুপ্তাই ভাৰতক প্ৰতিনিধিত্ব কৰি ৭২ সংখ্যক মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ২০২৩ চনত মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছিল। এইবাৰ তেওঁ মিছ ৱৰ্ল্ডৰ অংশ হৈছে।

নন্দিনী গুপ্তা কোন? যিয়ে মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত ভাৰতক কৰিছে প্ৰতিনিধিত্ব

নন্দিনী গুপ্তা কোন?

Published: 

30 May 2025 | 05:56 PM

প্ৰতি বছৰে ১০০ খনতকৈও অধিক দেশৰ মহিলা প্ৰতিযোগীয়ে মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সকলোৰে দৃষ্টি কেৱল মিছ ৱৰ্ল্ডৰ মুকুটত। ৩১ মে’ত হায়দৰাবাদত অনুষ্ঠিত হ’ব ৭২ সংখ্যক মিছ ৱৰ্ল্ডৰ গ্ৰেণ্ড ফিনালে। এই বৃহৎ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছে নন্দিনী গুপ্তাই।

আজিকালি নন্দিনী গুপ্তাৰ বিষয়ে সকলোতে চৰ্চা চলি আছে। সকলো ভাৰতীয়ই বিচাৰে তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰক। নন্দিনীৰ বয়স এতিয়া মাত্ৰ ২১ বছৰ। ইমান কম বয়সতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশক প্ৰতিনিধিত্ব কৰি আছে। মাত্ৰ ১৯ বছৰ বয়সত তেওঁ এক বৃহৎ কৃতিত্ব কৰি ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিছিল।

নন্দিনী গুপ্তা ক’ৰ?

ৰাজস্থানৰ কোটৰ বাসিন্দা নন্দিনী গুপ্তা। তেওঁৰ পিতৃৰ নাম সুমিত গুপ্ত যি এগৰাকী ব্যৱসায়ী আৰু মাকৰ নাম ৰেখা গুপ্ত যি এগৰাকী গৃহিণী। নন্দিনীয়ে কোটাৰ ছেইণ্ট পল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ ৰাজ্যৰ লালা লাজপাট ষ্টেট কলেজৰ পৰা বিজনেছ মেনেজমেণ্টত স্নাতক ডিগ্ৰী লাভ কৰে।

নন্দিনীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ বয়স ১০ বছৰ হোৱাৰ পৰাই তেওঁৰ সপোন আছিল মিছ ইণ্ডিয়া হোৱাৰ। ২০২৩ চনত তেওঁ নিজৰ সপোন বাস্তৱায়িত কৰিলে। মিছ ইণ্ডিয়া হোৱাৰ পূৰ্বে একে বছৰতে মিছ ৰাজস্থানৰ খিতাপও লাভ কৰিছিল।

প্ৰিয়ংকা চোপ্ৰাক আদৰ্শ হিচাপে গণ্য কৰে

নন্দিনীয়ে প্ৰিয়ংকা চোপ্ৰাক আদৰ্শ হিচেপে বুলি গণ্য কৰে। ২০০০ চনত প্ৰিয়ংকাই মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰিছিল। এতিয়া সকলোৰে দৃষ্টি নন্দিনীৰ ওপৰত, তেওঁ নিজৰ আদৰ্শ প্ৰিয়ংকাৰ দৰে মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰিবলৈ হয়ন নহয়। নন্দিনীয়ে নৃত্য কৰি, চিনেমা চাই আৰু ভ্ৰমণ কৰি ভাল পায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...