ৰাণু মণ্ডলক মনত আছেনে? কেনে চলিছে তেওঁৰ জীৱন, এতিয়া পিছে ৰাণুই কি কৰে জানক

কেনে আছে ৰাণু মণ্ডল, এতিয়া কেনেকৈ কৰে উপাৰ্জন? নিশাটোৰ ভিতৰতে ভাইৰেল হোৱা ৰাণুৰ কাহিনী জানো আহক...

ৰাণু মণ্ডলক মনত আছেনে? কেনে চলিছে তেওঁৰ জীৱন, এতিয়া পিছে ৰাণুই কি কৰে জানক
Published: 

15 Oct 2025 22:06 PM

ৰাণু মণ্ডলক মনত আছেনে? ২০১৯ চনত ৰে’ল ষ্টেচনত গান গোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাতিটোৰ ভিতৰতে চেনচেচন সৃষ্টি কৰে। বহুতে মা সৰস্বতীৰ আশীৰ্বাদ বুলি কোৱাৰ ফলত তেওঁ সমগ্ৰ দেশতে হৃদয় জয় কৰিছিল আৰু লতা মংগেশকাৰৰ গীতৰ আত্মাস্পৰ্শী পৰিবেশনৰ বাবে অপৰিসীম প্ৰশংসা লাভ কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতে সুৰকাৰ হিমেশ ৰেশমিয়াই তেওঁৰ ছবি হেপি হাৰ্ডি এণ্ড হীৰত গীতৰ প্ৰস্তাৱ দিছিল। কিন্তু খ্যাতি অৰ্জন কৰাৰ পিছত ৰাণু মণ্ডল চৰ্চাৰ পৰা নোহোৱা হৈ গ’ল।

সময় কাৰোৱে সমানে নাযায়। ৰাণাঘাটৰ ৰাণু মণ্ডলৰ ক্ষেত্ৰত এই কথাটো যেন আটাইতকৈ সত্য। হঠাৎ জনপ্ৰিয়তা লাভ কৰাৰ পিছতো ৰাণুৱে নতুনকৈ পোৱা সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। টেলিভিছনৰ ৰিয়েলিটি শ্ব’লৈ নিমন্ত্ৰণ কৰা হৈছিল, মুম্বাই সংগীত জগতৰ পৰা অফাৰ লাভ কৰিছিল, আনকি ছ’চিয়েল মিডিয়াৰ চেনচেচন হৈ পৰিছিল। কিন্তু সেই জনপ্ৰিয়তা ধৰি ৰাখিব নোৱাৰিলে ৰাণুই।

আৱৰ্জনা আৰু পোক-পতংগৰে ভৰি থকা ঘৰ

শেহতীয়াকৈ ইউটিউবাৰ নিশু তিৱাৰীয়ে ৰাণু মণ্ডলৰ ওচৰলৈ গৈ আজি কেনেদৰে জীৱন কটাব ধৰিছে সেয়া চাবলৈ গৈছিল। ভিডিঅ’টোত ৰাণুৰ ঘৰখন ভয়াৱহ অৱস্থাত দেখুওৱা হ’ল — মজিয়াত আৱৰ্জনা, বেৰবোৰ ছিন্নভিন্ন অৱস্থা, চুকবোৰত পোক-পৰুৱা।

আৰ্থিক, মানসিক পৰিস্থিতি অতি বেয়া ৰাণুৰ। খাবলৈ কেতিয়াবা পাই অথবা কেতিয়াবা নাপায়। ৰাণু মণ্ডলক অদ্ভুত সাজ-পোছাক পিন্ধি ৰীল কৰা দেখা যায়। কিছুমানে ভাবে যে ৰাণু মণ্ডলে এতিয়াও বহুত টকা উপাৰ্জন কৰি আছে। কিন্তু সত্যটো হ’ল ৰাণু মণ্ডলৰ কোনো ফিক্সড ইনকাম নাই।

ৰাতিপুৱা খালী পেটত চাহ খাই নেকি ? ইয়াৰ পাৰ্শ্বক্ৰিয়া জানক
কাজিনেমু পাতে চুলিৰ কি কি সমস্যা নাইকিয়া কৰে ? ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰৰ টিপছ জানক
মধুৰিআমৰ গুটি কিয় চোবাই খাব নালাগে? জানক
শীতকালত উচ্চ ৰক্তচাপৰ ৰোগীয়ে কি কি খাদ্য খাব নালাগে? জানক...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...
BTR ৰ বাবে আৰম্ভ হ'ব অৰুণোদয় ৩.০