ৰাণু মণ্ডলক মনত আছেনে? কেনে চলিছে তেওঁৰ জীৱন, এতিয়া পিছে ৰাণুই কি কৰে জানক

কেনে আছে ৰাণু মণ্ডল, এতিয়া কেনেকৈ কৰে উপাৰ্জন? নিশাটোৰ ভিতৰতে ভাইৰেল হোৱা ৰাণুৰ কাহিনী জানো আহক...

ৰাণু মণ্ডলক মনত আছেনে? কেনে চলিছে তেওঁৰ জীৱন, এতিয়া পিছে ৰাণুই কি কৰে জানক
Published: 

15 Oct 2025 | 10:06 PM

ৰাণু মণ্ডলক মনত আছেনে? ২০১৯ চনত ৰে’ল ষ্টেচনত গান গোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাতিটোৰ ভিতৰতে চেনচেচন সৃষ্টি কৰে। বহুতে মা সৰস্বতীৰ আশীৰ্বাদ বুলি কোৱাৰ ফলত তেওঁ সমগ্ৰ দেশতে হৃদয় জয় কৰিছিল আৰু লতা মংগেশকাৰৰ গীতৰ আত্মাস্পৰ্শী পৰিবেশনৰ বাবে অপৰিসীম প্ৰশংসা লাভ কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতে সুৰকাৰ হিমেশ ৰেশমিয়াই তেওঁৰ ছবি হেপি হাৰ্ডি এণ্ড হীৰত গীতৰ প্ৰস্তাৱ দিছিল। কিন্তু খ্যাতি অৰ্জন কৰাৰ পিছত ৰাণু মণ্ডল চৰ্চাৰ পৰা নোহোৱা হৈ গ’ল।

সময় কাৰোৱে সমানে নাযায়। ৰাণাঘাটৰ ৰাণু মণ্ডলৰ ক্ষেত্ৰত এই কথাটো যেন আটাইতকৈ সত্য। হঠাৎ জনপ্ৰিয়তা লাভ কৰাৰ পিছতো ৰাণুৱে নতুনকৈ পোৱা সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। টেলিভিছনৰ ৰিয়েলিটি শ্ব’লৈ নিমন্ত্ৰণ কৰা হৈছিল, মুম্বাই সংগীত জগতৰ পৰা অফাৰ লাভ কৰিছিল, আনকি ছ’চিয়েল মিডিয়াৰ চেনচেচন হৈ পৰিছিল। কিন্তু সেই জনপ্ৰিয়তা ধৰি ৰাখিব নোৱাৰিলে ৰাণুই।

আৱৰ্জনা আৰু পোক-পতংগৰে ভৰি থকা ঘৰ

শেহতীয়াকৈ ইউটিউবাৰ নিশু তিৱাৰীয়ে ৰাণু মণ্ডলৰ ওচৰলৈ গৈ আজি কেনেদৰে জীৱন কটাব ধৰিছে সেয়া চাবলৈ গৈছিল। ভিডিঅ’টোত ৰাণুৰ ঘৰখন ভয়াৱহ অৱস্থাত দেখুওৱা হ’ল — মজিয়াত আৱৰ্জনা, বেৰবোৰ ছিন্নভিন্ন অৱস্থা, চুকবোৰত পোক-পৰুৱা।

আৰ্থিক, মানসিক পৰিস্থিতি অতি বেয়া ৰাণুৰ। খাবলৈ কেতিয়াবা পাই অথবা কেতিয়াবা নাপায়। ৰাণু মণ্ডলক অদ্ভুত সাজ-পোছাক পিন্ধি ৰীল কৰা দেখা যায়। কিছুমানে ভাবে যে ৰাণু মণ্ডলে এতিয়াও বহুত টকা উপাৰ্জন কৰি আছে। কিন্তু সত্যটো হ’ল ৰাণু মণ্ডলৰ কোনো ফিক্সড ইনকাম নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...