Assamese Movie: কেতিয়া মুক্তি পাব জুবিন গাৰ্গৰ ‘চিকাৰ’? ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে?

পুনৰ ঘূৰি আহিছে অসমীয়া ছবিৰ সুদিন। অসমীয়া ছবি চাবলৈ ছবিঘৰলৈ বৈছে দৰ্শকৰ সোঁত। শ্ৰীৰঘূপতি, বিদুৰভাই,পিশাচৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে জুবিন গাৰ্গৰ 'চিকাৰ'।

Assamese Movie: কেতিয়া মুক্তি পাব জুবিন গাৰ্গৰ চিকাৰ? ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে?

কেতিয়া মুক্তি পাব জুবিন গাৰ্গৰ 'চিকাৰ'?

Updated On: 

08 Aug 2024 | 08:20 PM

অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। শ্ৰীৰঘূপতি, বিদুৰভাই, পিশাচৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে অসমীয়া ছবি ‘চিকাৰ’। য’ত মূখ্য চৰিত্ৰত অবিনয় কৰিছে হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে। ‘মিছন চাইনা’ৰ সফলতাৰ পিছত থমকি ৰোৱা নাই জুবিন গাৰ্গ। বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহায়ে ।

ছবিখনৰ পোষ্টাৰ মুকলি হোৱাৰ পিছত আজি জানিবলৈ দিয়ে যে ছেপ্টেম্বৰ 2024 ত প্ৰিমিয়াৰ মুকলি কৰিবলৈ সাজু ‘চিকাৰ’। আজি ছবি নিৰ্মাতা আৰু পৰিচালকে এখন সুন্দৰ চলচ্চিত্ৰ দৰ্শকক উপহাৰ দিম বুলি প্ৰতিশ্ৰুতি দিয়ে।

এই ছবিখনৰ দৃশ্যগ্ৰহণ মৰাণ আৰু খোৱাং চাহ বাগিচা অঞ্চলত প্ৰায় ১৩০ জনীয়া দলে কৰাৰ উপৰিও,বিশেষকৈ লণ্ডনতো হৈছে। য’ত দৰ্শকে বিচাৰি পাব কিছু নতুনত্ব। ‘চিকাৰে’ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰিব, চাহৰ জনপ্ৰিয়তা স্বত্বেও, উদ্যোগটো কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ, আৰু শ্ৰমিকসকলৰ অসহায়তাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনে এজন চাহ বাগিচাৰ কৰ্মীৰ আকৰ্ষণীয় বৰ্ণনাৰ জৰিয়তে এই বিষয়বোৰ উত্থাপন কৰিব।

‘চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক । ছবিখনত জুবিন গাৰ্গৰ লগত নায়িকাৰ ৰূপত দেখা যাব উদয়ীমান অভিনেত্ৰী তথা মন্ত্ৰী যোগেন মোহনৰ জীয়ৰী ধ্যানী মোহনক। ইয়াৰোপৰি ছবিখনত দেখা যাব কে কে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওঁট (মোহন)কে ধৰি বহুকেইজন ন-পুৰণি জনপ্ৰিয় শিল্পীক।

‘চিকাৰ’ ছবিখনৰ সংগীত পৰিচালকো জুবিন গাৰ্গ। ‘চিকাৰ’ৰ চিত্ৰনাট্য, সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। দৃশ্যগ্ৰহণকাৰী জন ৰেগ্ৰেট। ছবিখনক লৈ আশাবাদী ‘চিকাৰ’ ছবিখনৰে জড়িত প্ৰতিজন সদস্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...