অনুৰাগীক চৰ সোধাই বিপদত গোবিন্দা! ক্ষমা বিচৰাৰ লগতে ক্ষতিপূৰণৰ দাবী…

যিজনক তেওঁ নিজৰ ভগৱানৰ হিচাপে গ্ৰহণ কৰিছিল তেওঁৰ এই ৰূপটো সহ্য কৰিব নোৱাৰিলে। তাৰপাছত সন্তোষ বাবুৱে ৰুজু কৰে গোচৰ। এই গোচৰটো দীৰ্ঘদিন ধৰি চলি থাকিল। ২০১৪ চনত গোচৰটোৱে  পালেগৈ আদালত।

অনুৰাগীক চৰ সোধাই বিপদত গোবিন্দা! ক্ষমা বিচৰাৰ লগতে ক্ষতিপূৰণৰ দাবী...

অনুৰাগীক চৰ সোধাই বিপদত গোবিন্দা!

trishna-kalita
Updated On: 

11 Mar 2025 14:39 PM

বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাক চিনি নোপোৱা মানুহ হয়তো ভাৰতত নাই। কিন্তু বহু সময়ৰ ধৰি পৰ্দাৰ পৰা দূৰত আছে অভিনেতাগৰাকী। কিছুদিনপূৰ্বে পত্নীৰ সৈতে বিবাহ বিচ্ছেদক লৈ চৰ্চালৈ আহিছিল অভিনেতাগৰাকীৰ নাম। কিন্তু সেই চৰ্চা বন্ধ নৌহওতেই আন এটা কথাৰ বাবে শিৰোনাম দখল কৰিছে গোবিন্দাই। অৱশ্যে এই ঘটনাটো বহু বছৰ আগৰ।

বহু লোকৰে জীৱনত এজন আদৰ্শ ব্যক্তি থাকে। যাক তেওঁ নিজৰ সকলো বুলি ভাবি লয়। প্ৰিয় ব্যক্তিগৰাকীৰ সৈতে বাস্তৱত সাক্ষাৎ কৰিব নোৱাৰিলেও নিজৰ মনতে বনাই লোৱা হয় তেওঁৰ এখন প্ৰতিচ্ছবি। কিন্তু যেতিয়া বাস্তৱ জীৱন আৰু অভিনয় জীৱনৰ মাজত বহু পাৰ্থক্য দেখা যায় সমস্যাটো তাৰ পৰাই আৰম্ভ হয়। আক্ষৰিক অৰ্থত  গোবিন্দৰ এটা ভুলে তেওঁৰ জীৱনত সৃষ্টি কৰিলে ধুমুহাৰ।

সেই সময়ত চিনেমাৰ কামত অতিশয় ব্যস্ত আছিল গোবিন্দ। ইখনৰ পিছত সিখনকৈ হিট ছবিত অভিনয় কৰি মোহিত কৰিছিল অনুৰাগীক। অভিনেতাগৰাকীৰ আছিল শ শ অনুৰাগী। প্ৰিয় অভিনেতাগৰাকীক এবাৰ লগ পাবলৈ হাহাকাৰ কৰিছিল সকলোৱে। তাৰ মাজৰে এজন অনুৰাগী আছিল সন্তোষ ৰায়। যিয়ে গোবিন্দক চেটত চাবলৈ আহিছিল। তাৰ পৰাই আৰম্ভ হ’ল সংকট। গোবিন্দক ভালদৰে চাবলৈ অনুৰাগীজন ক্ৰছ ষ্টেণ্ডলৈ গ’ল। তেতিয়াই তাত উপস্থিত হ’ল গোবিন্দা।  গোবিন্দৰ সন্মুখত আবিৰ্ভাৱ হোৱা মুহূৰ্ততে গোবিন্দই হঠাতে অনুৰাগীজনক চৰ সোধালে গোবিন্দাই। স্তম্ভিত হৈ পৰিল তেওঁ।

যিজনক তেওঁ নিজৰ ভগৱানৰ হিচাপে গ্ৰহণ কৰিছিল তেওঁৰ এই ৰূপটো সহ্য কৰিব নোৱাৰিলে। তাৰপাছত সন্তোষ বাবুৱে ৰুজু কৰে গোচৰ। এই গোচৰটো দীৰ্ঘদিন ধৰি চলি থাকিল। ২০১৪ চনত গোচৰটোৱে পালেগৈ আদালত। য’ত তেওঁ বিচাৰকে কৈছিল,- ‘আপুনি হয়তো জনপ্ৰিয়, কিন্তু কাকো অপমান কৰাৰ অধিকাৰ নাই।’

তাৰ পিছত আহিল গোবিন্দৰ পক্ষৰ পৰা ক্ষমা বিচৰাৰ কথা। ক’লে যে, ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা দিব লাগে। কিন্তু তেওঁ ক্ষমা খুজিব বিচৰা নাছিল। এই সন্দৰ্ভত গোবিন্দাই কয় যে, সেইদিনা মহিলা সদস্যসকলৰ কাষত বহি অনুৰাগীজনে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, যাৰ বাবে তেওঁক চৰ মাৰিছিল।  অৱশেষত প্ৰায় এক দশক ধৰি চলি থকা আইনী নাটকৰ অন্তত ২০১৭ চনত গোবিন্দই সন্তোষ ৰায় আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত বিনাচৰ্তে ক্ষমা বিচাৰিছিল। তেওঁ আৰ্থিক ক্ষতিপূৰণো আগবঢ়াইছিল যদিও সন্তোষে ধন নহয়, কেৱল ন্যায় বিচাৰে বুলি উল্লেখ কৰি সেই ক্ষতিপূৰণ নাকচ কৰাৰ সিদ্ধান্ত লৈছিল। শেষত শাস্তিৰ আগতেই এই গোচৰৰ নিষ্পত্তি হয়।

ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...
আপোনাৰ শৰীৰত তেজ কমিছে নেকি? হিম’গ্লবিন বৃদ্ধি কৰিবলৈ কি খাব লাগে জানেনে?
মাইগ্ৰেইনৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক সবিশেষ
এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত! চুলি হৈ পৰিব ধুনীয়া, মজবুত আৰু দীঘল...