৩০ বছৰ পূৰ্বে শ্বাহৰুখ খানেও কৰিছিল হৰিণৰ চিকাৰ, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিশেষ ভিডিঅ’!

দেশৰ লগতে বিদেশতো শ্বাহৰুখ খানৰ বহুতো অনুৰাগী আছে। তেওঁ কেৱল নায়ক হৈয়ে নহয় খলনায়ক হৈয়ে দৰ্শকক মনোৰঞ্জন দিছে। শ্বাহৰুখে বহুতো ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে।ইয়াৰ মাজতে শ্বাহৰুখৰ ৩০ বছৰ পুৰণি এখন ছবিৰ এটা ভিডিঅ' যথেষ্ট ভাইৰেল হৈ পৰিছে।

৩০ বছৰ পূৰ্বে শ্বাহৰুখ খানেও কৰিছিল হৰিণৰ চিকাৰ, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিশেষ ভিডিঅ!

শ্বাহৰুখ খান

Updated On: 

23 Oct 2024 | 06:19 PM

দুৰ্দান্ত অভিনয়েৰে বিগত কেইবা দশক ধৰি সকলোৰে হৃদয়ত বাস কৰি আহিছে শ্বাহৰুখ খান। শ্বাহৰুখৰ ছবিৰ বাবে অনুৰাগীসকলে ব্যকুলতাৰে অপেক্ষা কৰে। ইয়াৰ উপৰিও চুপাৰষ্টাগৰাকীৰ সৈতে সম্পৰ্কিত বিভিন্ন ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শ্বাহৰুখক কেৱল এজন নায়ক হিচাপেই নহয় খলনায়ক হিচাপেও শ্বাহৰুখ খানক দৰ্শকে আকোৱালি লৈছে। কেৰিয়াৰৰ আৰম্ভণিতে শ্বাহৰুখে ‘ডৰ’ আৰু ‘আনজাম’ৰ দৰে ছবিত খলনায়কৰ চৰিত্ৰত আভিনয় কৰিছিল।

খলনায়ক হিচাপেও শ্বাহৰুখ খানক দৰ্শকে আকোৱালি লৈছে।। ইয়াৰ মাজতে শ্বাহৰুখ খানৰ ছবি ‘আনজাম’ৰ এটা ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ছবিখন অভিনেতাগৰাকীয়ে তেওঁৰ নেতিবাচক চৰিত্ৰৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ভাইৰেল ভিডিঅ’টোত শ্বাহৰুখ খানে চিকাৰৰ পৰা ঘৰলৈ উভতি আহি তেওঁৰ চাকৰজনক গাড়ীৰ পৰা হৰিণাটো উলিয়াবলৈ কয়। শ্বাহৰুখে তেওঁৰ সংলাপত কয়, “হৰি সিং, বাহিৰত গাড়ীখনত এটা হৰিণ আছে, আপোনালোকে ৰান্ধি খাব।”

ইয়াৰ ঠিক পাছতে, ছবিখনত শ্বাহৰুখৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে তেওঁক কয়, “বিজয়, নিৰীহ জন্তুবোৰক কিয় হত্যা কৰা? ইয়াৰ উত্তৰ দি কিং খানে কয়, “মোৰ ভাল লাগে, বহুত আনন্দ লাভ কৰো।” ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে পোষ্টটোত বিভিন্ন কমেণ্ট দিছে।

এতিয়া প্ৰায় সকলোৱে এই কথা জানে যে ছলমান খানে নিৰন্তৰ ভাবুকি লাভ কৰি আছে। ক’লা হৰিণাৰ হত্যাৰ গোচৰত তেওঁলোকক অপৰাধ স্বীকাৰ কৰিবলৈ আৰু ক্ষমা বিচাৰিবলৈ কোৱা হৈছে।অৱশ্যে, ছলমান আৰু তেওঁৰ পিতৃ চেলিম খানে স্পষ্টকৈ কয় যে তেওঁলোকে এনেকুৱা একো কৰা নাই। ছলমান খানৰ সুৰক্ষাক লৈ যথেষ্ট চিন্তিত হৈ পিছে পৰিয়ালৰ লোকসকল । বৃদ্ধি কৰা হৈছে অভিনেতাজনৰ নিৰাপত্তা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...