অভিনেত্ৰী উৰ্মিলাৰ সৈতে ৰঙীন নিশা! পৰিচালকৰ সংসাৰত লাগিল হাহাকাৰ!

লাহে লাহে ভাল সম্পৰ্কটোৱে অন্তৰংগ বন্ধুত্বৰ ৰূপ ল’লে আৰু লাহে লাহে সেই বন্ধুত্ব প্ৰেমলৈ পৰিণত হয়। সেই সময়ত ৰাম গোপালৰ বিয়া হৈছিল। অভিনেত্ৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক পোহৰলৈ অহাৰ লগে লগে পৰিয়ালত লাগে হাহাকাৰ।

অভিনেত্ৰী উৰ্মিলাৰ সৈতে ৰঙীন নিশা! পৰিচালকৰ সংসাৰত লাগিল হাহাকাৰ!

অভিনেত্ৰী উৰ্মিলাৰ সৈতে ৰঙীন নিশা!

Updated On: 

11 Sep 2025 | 05:30 PM

১৯৯৫ চনত ‘ৰংগীলা’ ছবিখনৰ কাম কৰি থাকোঁতে তেওঁলোকৰ কথা-বতৰা আৰম্ভ হৈছিল। কাহিনীটো অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰ আৰু ৰাম গোপাল বৰ্মাৰ ওপৰত। আমিৰ খানৰ বিপৰীতে অভিনয় কৰা উৰ্মিলাই সেই ছবিখনত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেতিয়াৰ পৰাই উৰ্মিলা আৰু ৰাম গোপালৰ মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠে। ৰাম গোপালে ছবিৰ পিছত ছবিত কাষ্টিং কৰি থাকিল। উৰ্মিলাই ৰাম গোপাল বৰ্মাৰ পৰিচালনাত ‘মস্ত’ আৰু ‘পিয়াৰ টুনে ক্যা কিয়া’ৰ দৰে ছবিত অভিনয় কৰিছিল।

লাহে লাহে ভাল সম্পৰ্কটোৱে অন্তৰংগ বন্ধুৰ ৰূপ ল’লে আৰু লাহে লাহে সেই বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। সেই সময়ত ৰাম গোলাপৰ বিবাহ হৈছিল। তেওঁৰ এটা সুসংগঠিত পৰিয়ালো আছিল। অভিনেত্ৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক পোহৰলৈ অহাৰ লগে লগে ৰাম গোপালৰ বাবে এক অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰিলে। সেই ঘটনা ১৯৯৬ চনত ঘটিছিল। প্ৰায় ২৮ বছৰ আগৰ কথা। ৰামগোপালৰ বাবেই উৰ্মিলা বহু বিতৰ্কত লিপ্ত হৈছিল। ৰামগোপালে পত্নী ৰত্নৰ পৰা পৃথকে থাকিবলৈ আৰম্ভ কৰে। বিভিন্ন বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি ৰাম গোলাপৰ পত্নীৰ পৰা বিচ্ছেদৰ কথাও হৈছিল।

সেই সময়তে ৰামগোপালে উৰ্মিলাক বাংগালুৰুত এটা ৰজাঘৰীয়া ফ্লেট কিনি দিছিল। উৰ্মিলা আৰু ৰাম গোপালে সেই ফ্লেটতে একেলগে নিশা কটায়। কিন্তু এই সকলোবোৰ এতিয়া অতীতৰ কথা। ২৮ বছৰৰ আগৰ ঘটনাটো কাৰো মনত নাই। পিছত উৰ্মিলা আৰু ৰাম গোপালৰ মাজত বিচ্ছেদ ঘটে। দুয়ো নিজৰ জীৱনত আগবাঢ়িছে। উৰ্মিলাই ২০১৬ চনত মহছিন আখতাৰ মিৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ পৰিয়াল গঢ়ে। ৰাম গোপালে কেতিয়াও আনক বিয়া নাপাতিলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...