অভিনেতাৰ সৈতে ৪ মিনিটৰ চুম্বন, ভাগৰি পৰিছিল কৰিশ্মা! কঁপি উঠিছিল…

কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই দৰ্শকক ইখনৰ পিছত সিখনকৈ হিট ছবি দি আহিছে কৰিশ্মাই। বলীউডত নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা কাপুৰ পৰিয়ালৰ প্ৰথমগৰাকী কন্যা আছিল কৰিশ্মা।

অভিনেতাৰ সৈতে ৪ মিনিটৰ চুম্বন, ভাগৰি পৰিছিল কৰিশ্মা! কঁপি উঠিছিল...

কৰিশ্মা কাপুৰ

Published: 

13 Aug 2025 | 05:33 PM

চলি আছিল ৰাজা হিন্দুস্তানী চিনেমাখনৰ ৰোমান্টিক দৃশ্য। বলীউডৰ এটা আইকনিক কিচিং চিনৰ কথা আহিলে ৰাজা হিন্দুস্তানীৰ কৰিশ্মা আৰু আমিৰৰ চুম্বৰ দৃশ্য প্ৰথমে মনলৈ আহে। যিয়ে চিনেমাখনত ধুমুহাৰ সৃষ্টি কৰিছিল। বৰষুণেৰে তিতি থকা ৰোমান্টিক চুমাটোৱে, যিয়ে কেইমুহূৰ্তমানৰ বাবে পৰ্দাত এক বেলেগ আকৰ্ষণৰ সৃষ্টি কৰিছিল।

ধুমুহাৰ গতিৰে এতিয়াও ভাইৰেল হৈ থকা সেই চাৰি মিনিটৰ চুমাটোৰ বাবে একেৰাহে তিনিদিন শ্বুট কৰা হৈছিল। বিশ্বাস কৰিবলৈ টান যদিও এয়া সঁচা। ফেব্ৰুৱাৰী মাহত উটিত কৰা হৈছিল এই দৃশ্যগ্ৰহণ। । এই চুমা খোৱাৰ দৃশ্যটো বাৰে বাৰে লোৱা হৈছিল কাৰণ চুটি কাপোৰযোৰ সঠিকভাৱে দৃশ্যটোৰ সৈতে মিলা নাছিল। পৰিচালকজন সন্তুষ্ট হোৱা নাছিল।

শীতকাল আছিল, বৰষুণত তিতি উটিত শ্বুটিং কৰি থাকোঁতে দুয়োজনে অলপ সময়ৰ পিছত কঁপি উঠিছিল। কিন্তু পৰিচালকজন ৰ’বলৈ অনিচ্ছুক আছিল। বিপৰীতে তেওঁলোকৰ সন্মুখত ফেন চলাই দিছিল। ফলত দুয়োগৰাকী চেলিব্ৰিটিৰ অৱস্থা অধিক বেয়া হৈ পৰিল। এটা সময়ত দুয়োজনে ভাগৰুৱা হৈ ভাবিবলৈ ধৰিলে, কেতিয়া এই চুমা খোৱাৰ দৃশ্যটোৰ শ্বুটিং শেষ হ’ব! কিন্তু সেই কঠোৰ পৰিশ্ৰমৰ বাবেই এই দৃশ্য আজিও বলীউডত আইকনিক হৈ আছে।

কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই দৰ্শকক ইখনৰ পিছত সিখনকৈ হিট ছবি দি আহিছে কৰিশ্মাই। বলীউডত নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা কাপুৰ পৰিয়ালৰ প্ৰথমগৰাকী কন্যা আছিল কৰিশ্মা । তেওঁ প্ৰথমে পৰিয়ালৰ নিয়মৰ বিৰুদ্ধে গৈ ছবিজগতত খোজ দিছিল। যিটো আজিও আলোচনাৰ বিষয়। এটা সময়ত কাপুৰ পৰিয়ালৰ কোনো মহিলাক অভিনয় কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু সকলো সলনি হৈ গ’ল যেতিয়া কৰিশ্মা কাপুৰে প্ৰথমবাৰৰ বাবে বলীউডত ভৰি দিলে। সম্প্ৰতি অভিনয় জগতলৈ ঘূৰি আহিছে কৰিশ্মা।

লগতে পঢ়ক: ৰঙা পৰি গৈছিল মুখ, তাৰ পিছত ঐশ্বৰ্যক জোৰকৈ ধৰি টানি নিছিল অমিতাভে….

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব