পিতৃ হিন্দু, মাতৃ মুছলমান! অভিনেতা সঞ্জয় দত্তৰ ধৰ্ম কি জানেনে?

বলীউডৰ এগৰাৰী জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। তেওঁৰ পিতৃ-মাতৃও অভিনয় জগতত জড়িত আছিল। তেওঁৰ পিতৃৰ আছিল হিন্দু , মাতৃ মুছলমান। গতিকে সঞ্জয় দত্তৰ ধৰ্ম কি জানেনে?

পিতৃ হিন্দু, মাতৃ মুছলমান! অভিনেতা সঞ্জয় দত্তৰ ধৰ্ম কি জানেনে?

সঞ্জয় দত্ত

Published: 

06 Jun 2025 | 11:12 AM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। কেৱল সঞ্জয় দত্তই নহয়, তেওঁৰ পিতৃ আৰু মাতৃও বিভিন্ন ছবিত অভিনয় কৰিছিল। ১৯৫৫ চনত মুক্তি লাভ কৰা ‘ৰেলৱে প্লেটফৰ্ম’ নামৰ ছবিখনৰ জৰিয়তে সঞ্জয় দত্তৰ পিতৃ সুনীল দত্তই বলীউড জগতত ভৰি থৈছিল। কিন্তু সেই ছবিখন ফ্লপ হৈছিল। ইয়াৰ পাছত সুনীল দত্তই আৰু কেইবাখনো ছবিত অভিনয় কৰিছিল। কিন্তু ১৯৫৭ চনত মুক্তি লাভ কৰা ‘মাডাৰ ইণ্ডিয়া’ নামৰ ছবিখনৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

‘মাডাৰ ইণ্ডিয়া’ ছবিখনত সুনীল দত্তৰ সৈতে অভিনেত্ৰী নাৰ্গিছে অভিনয় কৰিছিল। এই ছবিখনত অভিনয় কৰাৰ সময়তে দুয়োৰে মাজত প্ৰেম হৈছিল আৰু পাছলৈ দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। দুয়োৰে বিবাহ হ’লেও বিভিন্নজনে সুনীল দত্তক কিছুমান প্ৰশ্ন কৰিছিল যাৰ উত্তৰ তেওঁ সুন্দৰকৈ দিছিল। আজি ৬ জুন , সুনীল দত্তৰ জন্ম বাৰ্ষিকী। গতিকে এই দিনটো উপলক্ষে এই লেখাটোত তেওঁৰ লগত জড়িত এক বিশেষ কাহিনী উল্লেখ কৰা হ’ল।

সুনীল দত্ত আৰু নাৰ্গিছৰ ধৰ্ম বেলেগ বেলেগ আছিল। সুনীল দত্ত হিন্দু ধৰ্ম হোৱাৰ বিপৰীতে নাৰ্গিছ আছিল মুছলমান ধৰ্মৰ। গতিকে সুনীল দত্তক এবাৰ সোধা হৈছিল যে আপুনি হিন্দু ধৰ্মৰ আৰু আপোনাৰ পত্নী মুছলমান। গতিকে আপোনাৰ সন্তানৰ ধৰ্ম কি হ’ব? তেতিয়া তেওঁ সুন্দৰকৈ কৈছিল যে, মোৰ সন্তান হিন্দু বা মুছলমান নহয়, মানুহৰ সন্তান হ’ব।

তাৰ পাছতে তেওঁলোকৰ তিনিটাকৈ সন্তান হৈছিল। দুগৰাকী কন্যা (প্ৰিয়া দত্ত আৰু নম্ৰতা দত্ত) আৰু এজন পুত্ৰ (সঞ্জয় দত্ত), যাক বিভিন্নজনে সঞ্জু বাবা বুলি জানে। পিতৃ-মাতৃৰ দৰে সঞ্জয় দত্তই ছবি জগতত এক বিশেষ স্থান দখল কৰিছে। ১৯৮১ চনত সুনীল দত্তই পৰিচালনা কৰা ৰকি নামৰ ছবিখনৰ জৰিয়তে তেওঁ ছবি জগতত ভৰি থৈছিল।

দুই পিতা-পুত্ৰক একেলগে ছবিত দেখা গৈছিল। ২০০৩ চনত ৰাজকুমাৰ হিৰাণীৰ পৰিচালিত ‘মুন্নাভাই এম বি বি এছ’ ছবিখনত সঞ্জয় দত্তই মুন্নাভাইৰ চৰিত্ৰত আৰু সুনীল দত্তই পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰোপৰি বিভিন্ন তথ্যত প্ৰকাশিত খবৰ অনুসৰি সঞ্জয় দত্তই হিন্দু ধৰ্ম অনুসৰণ কৰে। তেওঁৰ প্ৰকৃত নাম বলৰাজ দত্ত। বিগত কেইবছৰমানৰ পৰা সঞ্জয় দত্তই শিৱক আৰাধনা কৰে।

 

 

অন্য খবৰ পঢ়কঃ শ্বাহৰুখ, ছলমান নে অমিতাভ! কাৰ ওচৰত সবাতোকৈ দামী ব্যক্তিগত জেট আছে? জানক মূল্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...