পিতৃ হিন্দু, মাতৃ মুছলমান! অভিনেতা সঞ্জয় দত্তৰ ধৰ্ম কি জানেনে?

বলীউডৰ এগৰাৰী জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। তেওঁৰ পিতৃ-মাতৃও অভিনয় জগতত জড়িত আছিল। তেওঁৰ পিতৃৰ আছিল হিন্দু , মাতৃ মুছলমান। গতিকে সঞ্জয় দত্তৰ ধৰ্ম কি জানেনে?

পিতৃ হিন্দু, মাতৃ মুছলমান! অভিনেতা সঞ্জয় দত্তৰ ধৰ্ম কি জানেনে?

সঞ্জয় দত্ত

Published: 

06 Jun 2025 11:12 AM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। কেৱল সঞ্জয় দত্তই নহয়, তেওঁৰ পিতৃ আৰু মাতৃও বিভিন্ন ছবিত অভিনয় কৰিছিল। ১৯৫৫ চনত মুক্তি লাভ কৰা ‘ৰেলৱে প্লেটফৰ্ম’ নামৰ ছবিখনৰ জৰিয়তে সঞ্জয় দত্তৰ পিতৃ সুনীল দত্তই বলীউড জগতত ভৰি থৈছিল। কিন্তু সেই ছবিখন ফ্লপ হৈছিল। ইয়াৰ পাছত সুনীল দত্তই আৰু কেইবাখনো ছবিত অভিনয় কৰিছিল। কিন্তু ১৯৫৭ চনত মুক্তি লাভ কৰা ‘মাডাৰ ইণ্ডিয়া’ নামৰ ছবিখনৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

‘মাডাৰ ইণ্ডিয়া’ ছবিখনত সুনীল দত্তৰ সৈতে অভিনেত্ৰী নাৰ্গিছে অভিনয় কৰিছিল। এই ছবিখনত অভিনয় কৰাৰ সময়তে দুয়োৰে মাজত প্ৰেম হৈছিল আৰু পাছলৈ দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল। দুয়োৰে বিবাহ হ’লেও বিভিন্নজনে সুনীল দত্তক কিছুমান প্ৰশ্ন কৰিছিল যাৰ উত্তৰ তেওঁ সুন্দৰকৈ দিছিল। আজি ৬ জুন , সুনীল দত্তৰ জন্ম বাৰ্ষিকী। গতিকে এই দিনটো উপলক্ষে এই লেখাটোত তেওঁৰ লগত জড়িত এক বিশেষ কাহিনী উল্লেখ কৰা হ’ল।

সুনীল দত্ত আৰু নাৰ্গিছৰ ধৰ্ম বেলেগ বেলেগ আছিল। সুনীল দত্ত হিন্দু ধৰ্ম হোৱাৰ বিপৰীতে নাৰ্গিছ আছিল মুছলমান ধৰ্মৰ। গতিকে সুনীল দত্তক এবাৰ সোধা হৈছিল যে আপুনি হিন্দু ধৰ্মৰ আৰু আপোনাৰ পত্নী মুছলমান। গতিকে আপোনাৰ সন্তানৰ ধৰ্ম কি হ’ব? তেতিয়া তেওঁ সুন্দৰকৈ কৈছিল যে, মোৰ সন্তান হিন্দু বা মুছলমান নহয়, মানুহৰ সন্তান হ’ব।

তাৰ পাছতে তেওঁলোকৰ তিনিটাকৈ সন্তান হৈছিল। দুগৰাকী কন্যা (প্ৰিয়া দত্ত আৰু নম্ৰতা দত্ত) আৰু এজন পুত্ৰ (সঞ্জয় দত্ত), যাক বিভিন্নজনে সঞ্জু বাবা বুলি জানে। পিতৃ-মাতৃৰ দৰে সঞ্জয় দত্তই ছবি জগতত এক বিশেষ স্থান দখল কৰিছে। ১৯৮১ চনত সুনীল দত্তই পৰিচালনা কৰা ৰকি নামৰ ছবিখনৰ জৰিয়তে তেওঁ ছবি জগতত ভৰি থৈছিল।

দুই পিতা-পুত্ৰক একেলগে ছবিত দেখা গৈছিল। ২০০৩ চনত ৰাজকুমাৰ হিৰাণীৰ পৰিচালিত ‘মুন্নাভাই এম বি বি এছ’ ছবিখনত সঞ্জয় দত্তই মুন্নাভাইৰ চৰিত্ৰত আৰু সুনীল দত্তই পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰোপৰি বিভিন্ন তথ্যত প্ৰকাশিত খবৰ অনুসৰি সঞ্জয় দত্তই হিন্দু ধৰ্ম অনুসৰণ কৰে। তেওঁৰ প্ৰকৃত নাম বলৰাজ দত্ত। বিগত কেইবছৰমানৰ পৰা সঞ্জয় দত্তই শিৱক আৰাধনা কৰে।

 

 

অন্য খবৰ পঢ়কঃ শ্বাহৰুখ, ছলমান নে অমিতাভ! কাৰ ওচৰত সবাতোকৈ দামী ব্যক্তিগত জেট আছে? জানক মূল্য…

একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ধন প্ৰাপ্তিৰ পূৰ্বে মা লক্ষ্মীয়ে দিয়ে এই ৫ টা সংকেত! কি কি জানক...
কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডাৰ্ক চাৰ্কল পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক সমস্যা!
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...