SIR হোৱাৰ পিছত বিপদত অমিতাভ বচ্চন ! মুম্বাই নহয়, অন্য ৰাজ্যৰ ভোটাৰ তালিকাত বিগ বিৰ নাম

যদি আপুনি হঠাতে জানিব পাৰে যে, অমিতাভ বচ্চন সেই অঞ্চলৰ ভোটাৰ নহয়, তেতিয়া হ'লে আচৰিত হোৱাটো স্বাভাৱিক! অমিতাভৰ বিষয়ে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। এই তথ্য দেখি স্তম্ভিত হৈ পৰিছে BLO ৰ লগতে অনুৰাগীসকল।

SIR হোৱাৰ পিছত বিপদত অমিতাভ বচ্চন ! মুম্বাই নহয়, অন্য ৰাজ্যৰ ভোটাৰ তালিকাত বিগ বিৰ নাম
Updated On: 

06 Dec 2025 | 05:14 PM

মুম্বাইৰ ভোটাৰ নহয় অমিতাভ বচ্চন। শেহতীয়াকৈ নিৰ্বাচন আয়োগে চলোৱা ভোটাৰ তালিকাৰ SIR প্ৰক্ৰিয়াত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। এই তথ্য দেখি স্তম্ভিত অনুৰাগী। প্ৰতিটো নিৰ্বাচনতে অমিতাভ বচ্চনক পৰিয়ালৰ সৈতে মুম্বাইৰ জুহু অঞ্চলত ভোটদান কৰা দেখা যায়। ভোটদান কৰি কেমেৰাৰ সন্মুখত প’জ দিয়ে বচ্চন পৰিয়ালে।

যদি আপুনি হঠাতে জানিব পাৰে যে, অমিতাভ বচ্চন সেই অঞ্চলৰ ভোটাৰ নহয়, তেতিয়া হ’লে আচৰিত হোৱাটো স্বাভাৱিক! অমিতাভৰ বিষয়ে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। এই তথ্য দেখি স্তম্ভিত হৈ পৰিছে BLO ৰ লগতে অনুৰাগীসকল। আনকি স্থানীয় লোক সকলেও এই কথা বিশ্বাস কৰিব পৰা নাই।

দেশৰ বিভিন্ন ৰাজ্যত ভোটাৰ তালিকাৰ নিবিড় সংশোধন অৰ্থাৎ SIR কৰা হৈছে। এই SIR ৰ সময়ত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। জানিব পৰা গৈছে যে, ইমান দিনে মুম্বাইত ভোটদান কৰিলেও অমিতাভ বচ্চন আচলতে ঝান্সীৰ ভোটাৰ! অৱশ্যে কেৱল অমিতাভেই নহয়, তেওঁৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ নামো এই তালিকাত আছে। ২০০৩ চনৰ ভোটাৰ তালিকা অনুসৰি অমিতাভ আৰু তেওঁৰ পিতৃ ঝান্সীৰ অৰ্চা গেটৰ গাতে লাগি থকা অঞ্চলটোৰ বাসিন্দা। ঘৰৰ নম্বৰ ৫৪।

যদিও তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছে, তথাপিও এই অঞ্চলৰ বাসিন্দাসকলে কয় যে, তেওঁলোকে কেতিয়াও অমিতাভ বা বচ্চন পৰিয়ালৰ কোনো লোকক এই অঞ্চলত দেখা নাই। এই ঠিকনালৈ তেওঁলোকৰ নাম কেনেকৈ আহিল তাক লৈয়ো সকলোৱে সন্দেহ প্ৰকাশ কৰিছে।

কেৱল অমিতাভেই নহয়, আন দুই পিতৃ-পুত্ৰৰ নামো এই ঘৰৰ ঠিকনাত আছে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল, ভোটাৰ তালিকাত উল্লেখ কৰা ঠিকনাটোত আচলতে ঘৰেই নাই। এই মুহূৰ্তত সেই ঠিকনাত আছে এটা মন্দিৰ। ইতিমধ্যে BLO ই এই তথ্য দাখিল কৰিছে জিলা প্ৰশাসনক। অমিতাভ বচ্চনৰ ভোটাৰ তালিকাৰ ঠিকনা কেনেকৈ সলনি হ’ল সেই লৈয়ো আৰম্ভ হৈছে তদন্ত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...