লণ্ডনৰ পৰা আহিয়ে প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ দৌৰি গ’ল বিৰাট-অনুষ্কা! বিৰুষ্কাক দেখি মহাৰাজে কি ক’লে?

শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল।

লণ্ডনৰ পৰা আহিয়ে প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ দৌৰি গ’ল বিৰাট-অনুষ্কা! বিৰুষ্কাক দেখি মহাৰাজে কি ক’লে?
Published: 

17 Dec 2025 12:56 PM

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা যোৱা সপ্তাহত দুই সন্তানৰ সৈতে লণ্ডনৰ পৰা ঘৰলৈ উভতি আহিছিল। আৰু সপ্তাহটো শেষ হোৱাৰ লগে লগে লৰালৰিকৈ গ’ল প্ৰেমানন্দ মহাৰাজক লগ কৰিবলৈ। শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বৃন্দাবনৰ ভাৰাহ ঘাটত থকা আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল। জানিব পৰা মতে, মহাৰাজে অনুষ্কা আৰু বিৰাটক পৃথকে পৃথকে মাতি কিছু মন্ত্ৰণা দিছিল।

এতিয়া অনুৰাগীৰ মাজত এটাই প্ৰশ্ন, প্ৰেমানন্দজী মহাৰাজৰ লগত দুয়োজনে কি কথা পাতিলে? ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত কোহলী আৰু অনুষ্কাক প্ৰেমানন্দজী মহাৰাজৰ সৈতে আধ্যাত্মিক বাৰ্তালাপত অংশগ্ৰহণ কৰা দেখা গৈছে। ভজন মাৰ্গৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত প্ৰেমানন্দজী মহাৰাজে কোহলী আৰু অনুষ্কাক কয় যে, তেওঁলোকৰ কামক “ঈশ্বৰৰ সেৱা” বুলি গণ্য কৰিব লাগে।

প্ৰেমানন্দ মহাৰাজে তেওঁলোকক কয়, “আপোনালোকে নিজৰ কামক ঈশ্বৰৰ সেৱা বুলি গণ্য কৰিব লাগিব। নম্ৰ হ’ব লাগিব। ভগৱানৰ নাম জপ কৰিব লাগিব। তেতিয়া শান্তি আহিব, জীৱনত সফলতা আহিব। সম্পৰ্ক মধুৰ হ’ব।”

এইবাৰ তৃতীয়বাৰৰ বাবে এই বিৰাট-অনুষ্কাই বৃন্দাবন ভ্ৰমণ কৰিছে। যোৱা সপ্তাহত লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহিছিল। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জানুৱাৰী মাহত বিৰাট, অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ সন্তানে প্ৰেমানন্দজী মহাৰাজৰ আশীৰ্বাদ বিচাৰি বৃন্দাবনলৈ গৈছিল। লগতে চলিত বৰ্ষৰ মে’ মাহত কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ পিছদিনা প্ৰেমানন্দ মহাৰাজৰ আশীৰ্বাদ গ্ৰহণ কৰিছিল।

ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
প্ৰতিদিনে কেঁচা জলকীয়া খালে শৰীৰৰ কি কি লাভ হয়? জানক...
Spam Call কেনেকৈ ব্লক কৰিব ? সহজ টিপছ জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...