নন্দিনীৰ মৃত্যু! ফেচবুকত জনালে “মই এতিয়াও জীয়াই আছোঁ”
২০২৫ চনৰ জুলাই মাহত গুৱাহাটীত এখন হিট এণ্ড ৰাণ (hit-and-run) গোচৰত তেওঁ জড়িত হয়, যাৰ ফলত এজন যুৱকৰ মৃত্যু হৈছিল। থিয়েটাৰৰ আখৰাগৃহৰ পৰা ঘূৰি অহাৰ সময়তে নন্দিনীৰ বাহনৰ খুন্দাত নিহত হৈছিল ছামিউল হক নামৰ এজন যুৱক। কিন্তু এতিয়া পুনৰ চৰ্চালৈ আহিছে নন্দিনী।

পুনৰ চৰ্চাত অসমৰ মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপ। অসমীয়া চলচ্চিত্ৰ ‘ৰুদ্ৰ’ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল নন্দিনীয়ে। লগতে তেওঁ মডেলিং, নৃত্য আৰু এংকৰিং ক্ষেত্ৰতো জড়িত। ২০২২ চনত তেওঁৰ মাক, কুঞ্জলতা গগৈ দাসে পৰিচালনা কৰা ‘জনকনন্দিনী’ ছবিখনৰ যোগেদি চলচ্চিত্ৰত পদাৰ্পণ কৰে নন্দিনীয়ে। কিন্তু ২০২৫ বৰ্ষটো বৰ এটা ভাল নাছিল অভিনেত্ৰীগৰাকীৰ বাবে।
২০২৫ চনৰ জুলাই মাহত গুৱাহাটীত এখন হিট এণ্ড ৰাণ (hit-and-run) গোচৰত তেওঁ জড়িত হয়, যাৰ ফলত এজন যুৱকৰ মৃত্যু হৈছিল। থিয়েটাৰৰ আখৰাগৃহৰ পৰা ঘূৰি অহাৰ সময়তে নন্দিনীৰ বাহনৰ খুন্দাত নিহত হৈছিল ছামিউল হক নামৰ এজন যুৱক। কামৰূপ মহানগৰ জিলা চেছন ন্যায়াধীশৰ আদালতে পিছত জামিন মঞ্জুৰ কৰিছিল।
এতিয়া আকৌ এবাৰ চৰ্চালৈ আহিছে নন্দিনী। একাংশই সামাজিক মাধ্যমত নন্দিনীৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলাই আছে। যাৰ বাবে খঙৰ ভমকত সামাজিক মাধ্যমত এটা পোষ্ট দিছে নন্দিনীয়ে। সামাজিক মাধ্যমত এটি স্কিনচট শ্বেয়াৰ কৰি নন্দিনীয়ে লগতে লিখিছে- ‘হেৰৌ মই জীয়াই আছো, নামাৰিবি মোক জীয়াই জীয়াই 🙏🙏’
প্ৰকৃততে কি হৈছিল?
কিছুদিন পূৰ্বে কানাড়া টেলিভিছনৰ ২৬ বছৰীয়া অভিনেত্ৰী নন্দিনীয়ে নিজৰ ভাড়াতীয়া এপাৰ্টমেণ্টত চৰম সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ হতাশা আৰু বিভিন্ন ব্যক্তিগত সমস্যাত ভুগি আছিল। তেওঁৰ মৃত্যুৰ পিছত এখন চিঠিও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। য’ত অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ কেৰিয়াৰ অব্যাহত ৰাখিব বিচাৰে বুলি পত্ৰখনত লিখিছিল।
ইফালে একাংশই দাক্ষিণাত্যৰ অভিনেত্ৰীৰ সলনি অসমৰ অভিনেত্ৰী নন্দিনী বুলি ভাবি সামাজিক মাধ্যমত বহুতো পোষ্ট শ্বেয়াৰ কৰিছে। এই সমূহ পোষ্টৰ বাবে অতিষ্ঠ হৈ অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত তেওঁ জীয়াই আছে বুলি উল্লেখ কৰে।