প্ৰথম কথা-বতৰা আৰু তাৰ পিছত…! সন্তান জন্ম হোৱাৰ পিছত মুকলিকৈ ক’লে বিকি কৌশলে

শেহতীয়াকৈ বিকি কৌশলে ‘টু মাচ উইথ টুইংকল এণ্ড কাজল’ শ্ব’ত উপস্থিত হৈছিল। তাত তেওঁ কেটৰিনা কেনেকৈ তেওঁৰ জীৱনলৈ আহে সেই কথা প্ৰকাশ কৰে।

প্ৰথম কথা-বতৰা আৰু তাৰ পিছত...! সন্তান জন্ম হোৱাৰ পিছত মুকলিকৈ কলে বিকি কৌশলে
Published: 

16 Nov 2025 | 01:53 PM

বিকি কৌশল আৰু কেটৰিনা কাইফ, বৰ্তমান বলীউডৰ চৰ্চিত দম্পতী। দুয়ো এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ। অৱশ্যে আৰম্ভণিৰে পৰাই তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনটোক লুকুৱাই ৰাখিছিল। গতিকে তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ পৰা আৰম্ভ কৰি বলীউড জগতৰ বিশেষ দৃষ্টিগোচৰ হোৱা নাই। এবাৰ এক অনুষ্ঠানত বিকি কৌশলে প্ৰেমৰ কথা মুকলিকৈ কয়। তেওঁ কেটৰিনাক কেনেকৈ লগ পালে? কোনে চিনাকি কৰাই দিলে? সকলো প্ৰশ্নৰ উত্তৰ দিয়ে অভিনেতাজনে।

শেহতীয়াকৈ বিকি কৌশলে ‘টু মাচ উইথ টুইংকল এণ্ড কাজল’ৰ শ্ব’ত উপস্থিত হৈ কেটৰিনা কাইফ কেনেকৈ তেওঁৰ জীৱনলৈ আহে সেই কথা প্ৰকাশ কৰে। বিকিৰ মতে, তেওঁলোকে প্ৰথমে বঁটা প্ৰদান অনুষ্ঠানত লগ পাইছিল। পিছত বন্ধু সুনীল গ্ৰ’ভাৰে প্ৰথমে তেওঁলোকক মঞ্চৰ পিছফালে চিনাকি কৰাই দিছিল।

তাৰ পিছত দ্বিতীয়বাৰৰ বাবে আন এটা এৱাৰ্ড শ্ব’ত লগ হৈছিল। তাতে ধেমালিতে কেটৰিনাক প্ৰেমৰ প্ৰস্তাৱ দিছিল বিকিয়ে। সেই অনুষ্ঠানত বিকিয়ে ধেমালিৰে কেটৰিনাক কয়, তুমি বিকি কৌশলৰ দৰে ভাল মানুহ বিচাৰি পোৱা নাই বাবে বিয়া হোৱা নাই নেকি?’ কিন্তু সেই সময়ত আমি ইজনে সিজনৰ লগত ডেটিং কৰা নাছিল। সেই মুহূৰ্তটো ভাইৰেল হৈ পৰিল, সকলোৱে ভাবিবলৈ ধৰিলে যে আমাৰ মাজত কিবা এটা চলি আছে।

মঞ্চৰ সেই মুহূৰ্তৰ পৰাই যেন তেওঁলোকৰ বাস্তৱ জীৱনৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল। কিছুদিন ধৰি গোপন সম্পৰ্কৰ অন্তত ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানত বিবাহৰ অনুষ্ঠান অনুষ্ঠিত কৰে তাৰকা দম্পতীয়ে। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয়। তেতিয়াৰ পৰাই তেওঁলোকে এটা পৰিয়াল গঢ়ি তুলিছে।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...