‘কুইভাৰ্ছ’ বেণ্ডৰ খনিকৰ সুৰকাৰ,গীতিকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লা আৰু নাই। বৃহস্পতিবাৰে পুৱা ১০ বাজি ৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ।

কুইভাৰ্ছ বেণ্ডৰ খনিকৰ সুৰকাৰ,গীতিকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান
Published: 

30 Oct 2025 | 01:14 PM

সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ,কণ্ঠশিল্পী তথা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লাৰ দেহাৱসান। আজি পুৱা ১০.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে ছাদুল্লাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।

তেওঁৰ মৃত্যুই ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে। তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ এ গ্ৰেড গীতিকাৰ, প্ৰখ্যাত সংগীত ব্যৱস্থাপক, গীটাৰিষ্ট, আৰু নাট্যকাৰ আছিল। ছাদুল্লাই উষা মংগেশকাৰ, ড° ভূপেন হাজৰিকা, অনুপ জালোতা, পাৰবীন চুলতানা আদি বিখ্যাত কণ্ঠশিল্পীৰ গীতৰ বাবে গীটাৰ বজাইছিল। আকাশবাণী ডিব্ৰুগড়ৰপৰা চল্লিছখনতকৈও অধিক তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাৰ লগতে কেইবাখনো বঁটা বিজয়ী অনাতাঁৰ নাটক আৰু ধাৰাবাহিকৰ বাবে গল্প ৰচনা কৰিছে। ‘আলোপ সুৰ বিচাৰী’, ‘দেৱতা’, ‘গান্ধী’, ‘বিচাৰ’ আৰু ‘উৰুখা’ আদি তথ্যচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিত হয়। ছাদুল্লা কুইভাৰ্ছ’ বেণ্ডৰ খনিকৰ আছিল। তেওঁ কুইভাৰ্ছ বেণ্ড ডিব্ৰুগড়ত গঠন কৰিছিল, য’ত তেওঁৰ সৈতে প্ৰয়াত গীতিকাৰ হেমন্ত দত্ত, ৰাজেন গোঁহাই, হীৰেন গোঁহাই, ভবেশ গোস্বামী, – এইকেইজন ব্যক্তিয়ো বেণ্ডৰ সদস্য হৈ আছিল।

১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত তেওঁ জন্মগ্ৰহণ কৰে। অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পাঠক আৰু দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু ডিস্কভাৰী চেনেলত ১০০ৰো অধিক তথ্যচিত্ৰৰ ঘোষক আছিল। ১৯৭১ চনৰপৰা ১৯৭৫ চনলৈ ডিব্ৰুগড় ৰেডিঅ’ৰ ঘোষক, ১৯৭৫ চনৰপৰা ১৯৮৩ চনলৈ ষ্টাফ আৰ্টিষ্ট, ১৯৮৩ চনৰপৰা ১৯৮৫ চনলৈ মুম্বাই ৰেডিঅ’ৰ ষ্টাফ আৰ্টিষ্ট আৰু ১৯৮৫ চনৰপৰা ২০০৮ চনলৈকে ডিব্ৰুগড় ৰেডিঅ’ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অসমীয়া সংগীত আৰু সংস্কৃতিলৈ অপৰিসীম অৱদান আগবঢ়োৱা প্ৰবীণ শিল্পীগৰাকীয়ে চিকিৎসালয়ত জীৱনৰ বাবে যুঁজ দি হাৰ মানে। তথ্যনুসৰি, তেজৰ কৰ্কট ৰোগৰ গুৰুতৰ ৰূপ ক্ৰনিক লিম্ফোচাইটিক লিউকেমিয়া (CLL) ধৰা পৰিছে, যাৰ ফলত হাইপ’ক্সিয়া সম্পৰ্কীয় জটিলতাই তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ সৃষ্টি কৰিছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...