৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বলীউডৰ প্ৰবীণ কমেডিয়ান আছৰানীৰ, দীপাৱলীৰ দিনটোত শোকাহত বলীউড
দীপাৱলীৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কমেডিয়ান গৰাকীয়ে। তেওঁ সম্পূর্ণ নাম গোবর্ধন আছৰানী। কেইবা দিন ধৰি চিকিৎসাধীন হৈ আছিল আছৰাণী৷

বলীউডৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান আছৰানী আৰু নাই। দীপাৱলীৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কমেডিয়ান গৰাকীয়ে। তেওঁ সম্পূর্ণ নাম গোবর্ধন আছৰানী। কেইবা দিন ধৰি চিকিৎসাধীন হৈ আছিল আছৰাণী৷ কিন্তু ২০ অক্টোবৰৰ দিনটোত ইহলীলা সম্বৰণ কৰে আছৰানীয়ে।
হাওঁফাওঁৰ ৰোগৰ বাবে বিগত ৫ দিন ধৰি আৰোগ্য নিধি চিকিৎসালয়ত ভৰ্তি হৈ আছিল আছৰাণী। অভিনেতাগৰাকীৰ মেনেজাৰ বাবুভাই থিবাই আছৰাণীৰ মৃত্যুৰ কথা নিশ্চিত কৰি কয় যে, আছৰাণী কেইবাদিনো অসুস্থ হৈ আছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইফালে, অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ ভতিজা অশোক আছৰাণীয়ে।
দীপাৱলীৰ দিনটোতে এই খবৰে শোকাহত কৰি তুলিছে মনোৰঞ্জন জগতক। সোমবাৰে বিয়লি প্ৰায় ৪ বজাত শ্বোলে ছবিৰ অভিনেতাগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত সমস্যাত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।
বলীউডৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, অভিনেতাগৰাকীক কেইবাদিনো ধৰি মুম্বাইৰ আৰোগ্য নিধি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ৮৪ বছৰীয়া প্ৰবীণ অভিনেতাগৰাকীয়ে কেইবাদিনো ধৰি জীৱনৰ বাবে যুঁজি আছিল। দীপাৱলীৰ পোহৰৰ মাজতে জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ কমেডিয়ান আছৰাণীৰ মৃত্যু। তেওঁৰ জন্ম ৰাজস্থানৰ জয়পুৰত।