৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বলীউডৰ প্ৰবীণ কমেডিয়ান আছৰানীৰ, দীপাৱলীৰ দিনটোত শোকাহত বলীউড

দীপাৱলীৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কমেডিয়ান গৰাকীয়ে। তেওঁ সম্পূর্ণ নাম গোবর্ধন আছৰানী। কেইবা দিন ধৰি চিকিৎসাধীন হৈ আছিল আছৰাণী৷

৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বলীউডৰ প্ৰবীণ কমেডিয়ান আছৰানীৰ, দীপাৱলীৰ দিনটোত শোকাহত বলীউড
Updated On: 

20 Oct 2025 | 11:38 PM

বলীউডৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান আছৰানী আৰু নাই। দীপাৱলীৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কমেডিয়ান গৰাকীয়ে। তেওঁ সম্পূর্ণ নাম গোবর্ধন আছৰানী। কেইবা দিন ধৰি চিকিৎসাধীন হৈ আছিল আছৰাণী৷ কিন্তু ২০ অক্টোবৰৰ দিনটোত ইহলীলা সম্বৰণ কৰে আছৰানীয়ে।

হাওঁফাওঁৰ ৰোগৰ বাবে বিগত ৫ দিন ধৰি আৰোগ্য নিধি চিকিৎসালয়ত ভৰ্তি হৈ আছিল আছৰাণী। অভিনেতাগৰাকীৰ মেনেজাৰ বাবুভাই থিবাই আছৰাণীৰ মৃত্যুৰ কথা নিশ্চিত কৰি কয় যে, আছৰাণী কেইবাদিনো অসুস্থ হৈ আছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইফালে, অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ ভতিজা অশোক আছৰাণীয়ে।

দীপাৱলীৰ দিনটোতে এই খবৰে শোকাহত কৰি তুলিছে মনোৰঞ্জন জগতক। সোমবাৰে বিয়লি প্ৰায় ৪ বজাত শ্বোলে ছবিৰ অভিনেতাগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত সমস্যাত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

বলীউডৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, অভিনেতাগৰাকীক কেইবাদিনো ধৰি মুম্বাইৰ আৰোগ্য নিধি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ৮৪ বছৰীয়া প্ৰবীণ অভিনেতাগৰাকীয়ে কেইবাদিনো ধৰি জীৱনৰ বাবে যুঁজি আছিল। দীপাৱলীৰ পোহৰৰ মাজতে জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ কমেডিয়ান আছৰাণীৰ মৃত্যু। তেওঁৰ জন্ম ৰাজস্থানৰ জয়পুৰত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...