ঘৰত অসুস্থ পত্নী-কন্যা, চিকিৎসালয়ৰ বিচনাত চকুলো টুকিছে নামঘৰীয়া খ্যাত জয়ন্ত ভাগৱতীয়ে

মানুহৰ জীৱনত সুখৰ ক্ষণ গণনা কৰাৰ সময় সকলোৰে হাতত থাকে, কিন্তু দুখৰ খবৰ কোনে ৰাখে। আনক মনোৰঞ্জনৰ খোৰাক যোগোৱা অভিনেতা জয়ন্ত ভাগৱতীৰ জীৱনটো কিমান ঘাত-প্ৰতিঘাতেৰে ভৰা সেয়া তেওঁৰ অভিনয় চাই ভাল পোৱা সৰহ সংখ্যকেই হয়তো নাজানে।

ঘৰত অসুস্থ পত্নী-কন্যা, চিকিৎসালয়ৰ বিচনাত চকুলো টুকিছে নামঘৰীয়া খ্যাত জয়ন্ত ভাগৱতীয়ে

GMCH ত চিকিৎসাধীন অভিনেতা জয়ন্ত ভাগৱতী

Updated On: 

18 Jun 2025 22:17 PM

‘নামঘৰীয়া’ক চিনি পায়নে? দূৰদৰ্শনত বহুসমাদৃত ধাৰাবাহিক অতুলানন্দ গোস্বামীৰ ৰচিত ‘নামঘৰীয়া’ৰ নামভূমিকাত অভিনয় কৰা সেই ব্যক্তিজনৰ কথা কৈছোঁ। তেওঁ আন কোনো নহয়, অসমীয়া অভিনয় জগতৰ বলিষ্ঠ অভিনেতা জয়ন্ত ভাগৱতী। মানুহৰ জীৱনত সুখৰ ক্ষণ গণনা কৰাৰ সময় সকলোৰে হাতত থাকে, কিন্তু দুখৰ খবৰ কোনে ৰাখে। আনক মনোৰঞ্জনৰ খোৰাক যোগোৱা এইগৰাকী অভিনেতাৰ জীৱনটো কিমান ঘাত-প্ৰতিঘাতেৰে ভৰা সেয়া তেওঁৰ অভিনয় চাই ভাল পোৱা সৰহ সংখ্যকেই হয়তো নাজানে।

পক্ষাঘাতত ভুগি শয্যাশায়ী এগৰাকী পত্নী আৰু বিশেষভাৱে সক্ষম এগৰাকী কন্যাৰ সৈতে বাস কৰে জয়ন্ত ভাগৱতীয়ে। চাকৰিসূত্ৰে একমাত্ৰ পুত্ৰও থাকে পিতৃ-মাতৃৰ পৰা নিলগত। আহোঁ বুলিয়েই আহিবলৈ টান! ঘৰত দুগৰাকী ৰুগীয়া সদস্যক এৰি GMCH ৰ চিকিৎসা কক্ষত শয্যাশায়ী জয়ন্ত ভাগৱতী। হাতত সম্বল বুলিবলৈও তেনেই টাকৰীয়া। ৰোগে-শোকে চকুলো টুকিছে স্বনামধন্য অভিনেতাগৰাকীয়ে।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই GMCH লৈ গৈ বিশিষ্ট অভিনেতাজনৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, ‘অসমীয়া অনাতাঁৰ নাট, ধাৰাবাহিক আৰু চলচ্চিত্ৰৰ বৰেণ্য অভিনেতা শ্ৰদ্ধাৰ শ্ৰীজয়ন্ত ভাগৱতী ডাঙৰীয়া সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ শক্তিশালী অভিনয় শৈলীৰে অভিনয়প্ৰেমী শ্ৰোতা-দৰ্শকৰ মন-মগজুত এক সুকীয়া আসন দখল কৰা ভাগৱতী ডাঙৰীয়াৰ শাৰীৰিক অসুস্থতাৰ খবৰ শুনি আজি চিকিৎসালয়খনত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লওঁ৷ তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰিলোঁ৷ চিকিৎসালয় কৰ্তৃপক্ষক তেখেতৰ পৰিচৰ্যাত কোনো সুৰুঙা নাৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰোঁ।’

উল্লেখ্য যে, পিচলি পৰি আঘাতপ্ৰাপ্ত হয় প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী। প্ৰথমে গুৱাহাটীৰ KGMT চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও, পিছত GMCH লৈ অনা হয়। তেওঁ ‘সৰু বোৱাৰী’, ‘জেতুকা পাতৰ দৰে’, ‘কাদম্বৰী’, ‘কইনা মোৰ ধুনীয়া’ৰ পৰা আৰম্ভ কৰি ‘গোলাই চোৰ’ আদি বিভিন্ন ছবিৰ লগতে ধাৰাবাহিকতো অভিনয় কৰিছে। দীর্ঘদিন ধৰি অসমীয়া নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত বিশেষ অৱদানৰ আগবঢ়াই আহিছে প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতীয়ে। এতিয়া শিল্পীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰ্থিক সহায়ৰ। বৃহস্পতিবাৰে এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হ’ব জয়ন্ত ভাগৱতীৰ।

 

ফেটি লিভাৰৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে জানো আহক
জামুৰ গুটি পেলাই দিয়ে নেকি? ঔষধতকৈ কোনো গুণে কম নহয় এই ফলৰ গুটি
শাৰীৰিক সম্পৰ্কত সমস্যাই দেখা দিছে নেকি? জানক ইয়াৰ কাৰণ...
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...