ভেণ্টিলেটৰলৈ স্থানান্তৰ অসুস্থ ধৰ্মেন্দ্ৰক, চিকিৎসালয়ত উপস্থিত পৰিয়ালৰ সকলো সদস্য

যোৱা ৩১ অক্টোবৰত ধৰ্মেন্দ্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত তেওঁক ৰুটিন চেকআপৰ বাবে ভৰ্তি কৰা হৈছিল বুলি খবৰ প্ৰকাশ পাইছিল। কিন্তু এতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে।

ভেণ্টিলেটৰলৈ স্থানান্তৰ অসুস্থ ধৰ্মেন্দ্ৰক, চিকিৎসালয়ত উপস্থিত পৰিয়ালৰ সকলো সদস্য

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ

Updated On: 

10 Nov 2025 | 05:30 PM

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰিছে। সম্প্ৰতি অভিনেতাগৰাকী মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ পৰিয়ালৰ সকলো সদস্য বৰ্তমান চিকিৎসালয়ত উপস্থিত আছে বুলি তথ্য প্ৰকাশ কৰিছে। দীৰ্ঘদিন ধৰি বয়সজনিত ৰোগৰ সৈতে যুঁজি আহিছে ধৰ্মেন্দ্ৰই। কেইবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগি থকা ধৰ্মেন্দ্ৰ কিছুদিন ধৰি আই চি ইউত ভৰ্তি হৈ আছিল। কিন্তু আজি তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক বেয়া হোৱাৰ বাবে আই চি ইউৰ ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হয়।

উল্লেখ্য যে যোৱা ৩১ অক্টোবৰত ধৰ্মেন্দ্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত তেওঁক ৰুটিন চেকআপৰ বাবে ভৰ্তি কৰা হৈছিল বুলি খবৰ প্ৰকাশ পাইছিল। কিন্তু এতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে।

বিগত ছয় দশকতকৈ অধিক সময় ধৰি ছবিজগতৰ এক চুপাৰষ্টাৰ হিচাপে খ্যাতি অৰ্জন কৰা দীৰ্ঘদিনীয়া কেৰিয়াৰত অলেখ উৎকৃষ্ট ছবি আগবঢ়াই আহিছে। বিগত কিছুদিনৰ পৰা তেওঁৰ আগন্তুক ছবি ‘Ikkis’ক লৈ যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছিল।

অভিনয়ত অমিতাভ বচ্চনৰ নাতি

শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দেও অভিনয় কৰিছে। অগস্ত্যই ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত বীৰত্বৰ বাবে মৰণোত্তৰভাৱে পৰম বীৰ চক্ৰৰে সন্মানিত হোৱা অৰুণ ক্ষেত্ৰপালৰ চৰিত্ৰত অভিনয় কৰিব।

কেতিয়া মুক্তি পাব Ikkis?

অহা ২৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা। মেডক ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ সহ-প্ৰযোজক দীনেশ বিজন আৰু বিনি পদ্দা। উল্লেখ্য যে ইয়াৰ পূৰ্বে ধৰ্মেন্দ্ৰক ২০২৪ চনৰ “Teri Baaton Mein Aisa Uljha Jiya” শীৰ্ষক ছবিখনত অন্তিমবাৰৰ বাবে দেখা গৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...