স্বামীৰ সপোন আছিল তাৰকা হোৱাৰ! মহছিন আখতাৰৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন উৰ্মিলা মাতোণ্ডকাৰৰ

৯০ৰ দশকৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে। অভিনেত্ৰীগৰাকীয়ে আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে।কিন্তু খুব কম লোকেই জানে যে উৰ্মিলাতকৈ ১০ বছৰ সৰু মহছিন আখটাৰে ছবি জগতৰ এজন ডাঙৰ তাৰকা হ'ব বিচাৰিছিল। তেওঁ কিছুমান চলচ্চিত্ৰৰ যোগেদি ইয়াৰ বাবে চেষ্টাও কৰিছিল।

স্বামীৰ সপোন আছিল তাৰকা হোৱাৰ! মহছিন আখতাৰৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন উৰ্মিলা মাতোণ্ডকাৰৰ

উৰ্মিলা মাতোণ্ডকাৰ, স্বামী মহছিন আখটাৰ

Updated On: 

25 Sep 2024 | 04:45 PM

৯০ৰ দশকৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে। অভিনেত্ৰীগৰাকীয়ে আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে। কিন্তু খুব কম লোকেই জানে যে উৰ্মিলাতকৈ ১০ বছৰ সৰু মহছিন আখতাৰে ছবি জগতৰ এজন ডাঙৰ তাৰকা হ’ব বিচাৰিছিল। তেওঁ কিছুমান চলচ্চিত্ৰৰ যোগেদি ইয়াৰ বাবে চেষ্টাও কৰিছিল।

যোৱা কেইবামাহ ধৰি ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে বলীউড জোকাৰি আছে। অৱশ্যে এই খবৰৰ কিমান সত্যতা আছে কোৱা কঠিন। কিন্তু ইয়াৰ মাজতে ৯০ দশকৰ অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰৰ বিবাহ বিচ্ছেদৰ বাতৰিটোৱে সকলোকে আচৰিত কৰি তুলিছে। খবৰ পোৱা গৈছে যে উৰ্মিলা মাতোণ্ডকাৰে তেওঁৰ স্বামী মহছিন আখতাৰৰ সৈতে বিবাহ বিচ্ছেদৰ আগবাঢ়িছে । তেওঁ আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদনো কৰিছে। বহুতো প্ৰতিবেদনত এইটোও দাবী কৰা হৈছে যে উৰ্মিলা আৰু মহছিন পাৰস্পৰিক চৰ্তাৱলীত পৃথক হোৱা নাই।

প্ৰাপ্ত তথ্য অনুসৰি উৰ্মিলা মাতোণ্ডকাৰে প্ৰথমে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অভিনেত্ৰীগৰাকীয়ে নিজেই এই বিবাহ সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। দুয়োজনৰ পৃথকীকৰণৰ কাৰণ এতিয়ালৈকে জনোৱা নাই। কিন্তু এইটো বিশ্বাস কৰা হয় যে বিবাহ বিচ্ছেদৰ বিষয়ে দুয়োৰে মাজত কোনো চুক্তি হোৱা নাই। বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে,এতিয়া সকলোৱে উৰ্মিলাৰ স্বামী মহছিনৰ বিষয়ে জানিব বিচাৰে। মহছিনে চলচ্চিত্ৰতো কাম কৰিছে আৰু মডেলিঙটো এটা ডাঙৰ নাম হৈ পৰিছে।

 

দুয়ো কেনেকৈ লগ হৈছিল?

উৰ্মিলা মাতোণ্ডকাৰ আৰু মহছিন আখতাৰে কেইবা বছৰৰ আগতে প্ৰথমবাৰৰ বাবে এটা অনুষ্ঠানত লগ পাইছিল। দুয়োজনকে ডিজাইনাৰ মনীষ মালহোত্ৰাই পৰিচয় কৰাইছিল। মহছিন উৰ্মিলাতকৈ ১০ বছৰ সৰু। সেইদিনা মনীষ মালহোত্ৰাৰ ভতিজীৰ বিয়া আছিল। উৰ্মিলা আৰু মহছিন দুয়ো এই বিয়াত উপস্থিত আছিল। প্ৰথম সাক্ষাতত দুয়োজনে ইজনে সিজনৰ ফালে আগবাঢ়িছিল। দুয়োপ্ৰথমে বন্ধু হৈ পৰিছিল আৰু তাৰ পাছত বন্ধুত্ব প্ৰেমত পৰিণত হৈছিল। দুয়োজনে ২০১৬ চনৰ ৪ ফেব্ৰুৱাৰী বিবাহ পাশত আৱদ্ধ হৈছিল।

 তাৰকা হোৱাৰ সপোন দেখিছিল মহছিনে

কাশ্মীৰী ব্যৱসায়ী আৰু মডেল মহছিন আখটাৰেও এজন ডাঙৰ তাৰকা হোৱাৰ সপোন দেখিছিল। মহছিনে চলচ্চিত্ৰ জগততো নিজৰ ভাগ্য পৰীক্ষা কৰিছিল। উৰ্মিলাৰ স্বামীয়ে সৌৰভ সেন গুপ্তাৰ ছবিখনত কাম কৰিছে। জয়া আখটাৰৰ ছবি ‘লাক বাই চান্স’ত তেওঁৰ এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে চলচ্চিত্ৰৰ ক্ষেত্ৰত তেওঁৰ ভাগ্য পৰীক্ষাত বিশেষ সফল হোৱা নাছিল। কেৱল এয়াই নহয় মহছিনে ‘মিষ্টাৰ ইণ্ডিয়া’ত অংশগ্ৰহণ কৰিছিল। য’ত তেওঁ তৃতীয় স্থানত আছিল।

এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে