অবিশ্বাস্য ভক্তি! অনুৰাগীয়ে সঞ্জয় দত্তক দিলে ৭২ কোটি টকাৰ সম্পত্তি, ইয়াৰ পিছত কি কৰিলে অভিনেতাজনে?

সঞ্জয় দত্তৰ নামত ৭২ কোটি টকাৰ নিজৰ সম্পত্তি লিখি দিলে এজন অনুৰাগীয়ে। মৃত্যুৰ সময়ত এই আচৰিত সিদ্ধান্ত গ্ৰহণ কৰে অনুৰাগীজনে।

অবিশ্বাস্য ভক্তি! অনুৰাগীয়ে সঞ্জয় দত্তক দিলে ৭২ কোটি টকাৰ সম্পত্তি, ইয়াৰ পিছত কি কৰিলে অভিনেতাজনে?

সঞ্জয় দত্ত

Published: 

30 Jul 2025 | 11:28 AM

বলীউডৰ জনপ্ৰিয় তাৰকা সঞ্জয় দত্তৰ নামত ৭২ কোটি টকাৰ নিজৰ সম্পত্তি লিখি দিলে এজন অনুৰাগীয়ে। মৃত্যুৰ সময়ত এই আচৰিত সিদ্ধান্ত গ্ৰহণ কৰে অনুৰাগীজনে। সঁচাকৈয়ে এই কথা বিশ্বাস কৰিবলৈ টান। একেদৰে এনে অনুৰাগী লাভ কৰাটো এগৰাকী অভিনেতাৰ সৌভাগ্য বুলি ক’ব লাগিব। প্ৰকৃতে এই কথা সঁচানে?

হয়, সঁচা ! এই কথা নিজে স্বীকাৰ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই। যিটো ঘটনাই শেহতীয়াকৈ স্তম্ভিত কৰি তুলিছে নেটিজেনক। বলীউডৰ কেইজনমান তাৰকাক অনুৰাগীয়ে ইমানেই ভাল পায় যে, তেওঁলোকক পৰিয়ালৰ সদস্য বুলি গণ্য কৰে। ঘণ্টাৰ পিছত ঘণ্টা তাৰকাৰ ঘৰৰ বাহিৰত ৰৈ থাকে অনুৰাগী। তেনে এজন অভিনেতা হৈছে সঞ্জয় দত্ত।

সঞ্জয় দত্তৰ সেই অনুৰাগীজনৰ মৃত্যুৰ সময়ত বয়স আছিল ৬২ বছৰ। সেই সময়ত তেওঁ সঞ্জয় দত্তৰ নামত ৭২ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছিল। এনে খবৰ প্ৰচাৰ হ’লেও বিশ্বাস কৰাটো টান। সেইবাবেই তাৰকাগৰাকীক এটা প’ডকাষ্টত সোধা হৈছিল যে সঁচাকৈয়ে এনেকুৱা কিবা ঘটনা ঘটিছিল নেকি? এই প্ৰশ্ন উত্তৰত সঞ্জয়ে ক’লে যে, এই কথা সঁচা।

পিছে সঞ্জয়ে এই সম্পত্তি কি কৰিলে? সঞ্জয়ে ক’লে, সেই অনুৰাগীৰ পৰিয়ালৰ সদস্যক বিচাৰি উলিয়াইছিল তাৰকাগৰাকীয়ে। তাৰ পিছত তেওঁ ৭২ কোটি টকাৰ সম্পত্তি অনুৰাগীজনৰ পৰিয়ালৰ লোকক ঘূৰাই দিয়ে। এই ঘটনা সঁচাই আশ্চৰ্যজনক। কিমান মৰম-ভাল পোৱা থাকিলে, ইমান বিশাল সম্পত্তি পৰিয়ালৰ আন কাকো নিদিয়াকৈ মৃত্যুৰ সময়ত বলীউডৰ তাৰকাক দি যাব পাৰে। যিটো আজিৰ তাৰিখত আলোচনাৰ বিষয় হৈ পৰিছে।

সঞ্জয় ডাঙৰ-দীঘল হৈছিল বলীউডৰ এটা বিখ্যাত পৰিয়ালত। জীৱনত তেওঁ কম উত্থান-পতন দেখা নাই। তেওঁৰ জীৱন ইমানেই ৰঙীন যে, অভিনেতাজনৰ জীৱনৰ আৰ্হিত বায়’পিক পৰ্যন্ত নিৰ্মাণ কৰা হৈছে। তেওঁৰ অনুৰাগীসকলে এতিয়াও সঞ্জয়ৰ ছবি চাবলৈ অপেক্ষা কৰি থাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...