অভিনয় এৰি অক্ষয়ৰ সৈতে, ৰাতিটোৰ ভিতৰতে সুলেখিকা, আপুনি জানেনে টুইংকল খান্না কিমান টকাৰ মালিক?

পৰ্দাত ৰোমান্টিক নায়িকা হোৱাৰ পৰা ‘মিচেছ ফানিব’নছ’ হোৱাৰ এই যাত্ৰা যথেষ্ট ৰোমাঞ্চকৰ আছিল। ব্যংগ আৰু সামাজিক চেতনাৰ মিশ্ৰণেৰে পৰিচিত তেখেতৰ চোকা লেখাই আজি তেওঁক জনপ্ৰিয় কৰি তুলিছে। আপুনি জানেনে টুইংকল খান্না কিমান টকাৰ মালিক?

অভিনয় এৰি অক্ষয়ৰ সৈতে, ৰাতিটোৰ ভিতৰতে সুলেখিকা, আপুনি জানেনে টুইংকল খান্না কিমান টকাৰ মালিক?
Published: 

30 Dec 2025 13:01 PM

বলীউডৰ অভিনেত্ৰী তথা লেখিকা টুইংকল খান্নাৰ বয়স ৫২ বছৰ। গ্লেমাৰ আৰু ফিটনেছ দেখিলে বয়স বিশ্বাস কৰাটো কঠিন হ’লেও আজি তেখেতে জীৱনৰ এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে। পৰ্দাত ৰোমান্টিক নায়িকা হোৱাৰ পৰা ‘মিচেছ ফানিব’নছ’ হোৱাৰ এই যাত্ৰা যথেষ্ট ৰোমাঞ্চকৰ আছিল। ব্যংগ আৰু সামাজিক চেতনাৰ মিশ্ৰণেৰে পৰিচিত তেখেতৰ চোকা লেখাই আজি তেওঁক জনপ্ৰিয় কৰি তুলিছে।

বলীউডৰ দুই কিংবদন্তি অভিনেতা ৰাজেশ খান্না আৰু ডিম্পল কাপাদিয়াৰ কন্যা টুইংকলে ১৯৯৫ চনত ‘Barsaat’ ছবিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অভিনয় ক্ষেত্ৰত ভৰি দিছিল। ছবিখনে বক্স অফিচত বিপুল সফলতা লাভ কৰাৰ লগতে টুইংকলে ফিল্মফেয়াৰৰ বেষ্ট ফিমেইল ডিবুট এৱাৰ্ড লাভ কৰে। ইয়াৰ পিছত ‘Baadshah’, ‘Jab Pyaar Kisise Hota Hai’ আৰু ‘Mela’ৰ দৰে কেইবাখনো হিট ছবিত অভিনয় কৰিছে। কিন্তু ২০০১ চনত তেলেগু ভাষাত কিছু কাম কৰি অভিনয় জগতখনক বিদায় দিয়ে।

২০০১ চনৰ ১৭ জানুৱাৰীত ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ সৈতে টুইংকলে বিবাহপাশত আবদ্ধ হয়। কিন্তু এই বিবাহৰ আঁৰত এটা আমোদজনক কাহিনী আছিল। টুইংকলে নিজেই এবাৰ কৈছিল যে, তেওঁ অক্ষয়ক চৰ্ত দিছিল যে, ছবি ‘Mela’ বক্স অফিচত ফ্লপ হ’লেহে তেওঁক বিয়া কৰাব। বাকীবোৰ ইতিহাস। বৰ্তমান এই দম্পতীটোৰ দুটা সন্তান -আৰভ আৰু নিতাৰা।

অভিনয় ত্যাগ কৰাৰ এবছৰৰ পাছত গুৰলিন মানচন্দাৰ সৈতে অংশীদাৰিত্বৰে মুম্বাইৰ ক্ৰ’ফৰ্ড মাৰ্কেটত ‘দ্য হোৱাইট উইণ্ডো’ নামৰ ইণ্টেৰিয়ৰ ডিজাইন ষ্ট’ৰ খুলিছিল। তেওঁৰ এই পদক্ষেপে ‘এলি ডেক’ৰ আন্তঃৰাষ্ট্ৰীয় ডিজাইন বঁটা’ লাভ কৰে। ইয়াৰ উপৰিও লেখিকা হিচাপেও তেওঁ অতি জনপ্ৰিয়। বেষ্টচেলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে তেওঁ লিখা কিতাপ ‘Mrs. Funnybones’ আৰু ‘Pyjamas are Forgiving’ য়ে।

চেলিব্ৰিটি নেট ৱৰ্থৰ ২০২৫ চনৰ অনুমান অনুসৰি, টুইংকল খান্নাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩০ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত সেয়া কেইবাশ কোটি টকা)। তেওঁৰ বিপুল আয় মূলতঃ তেওঁৰ ইণ্টেৰিয়ৰ ডিজাইনিং ব্যৱসায়, বুক ৰয়েল্টি আৰু বিনিয়োগৰ পৰাই আহে।

এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
শৰীৰত হিম'গ্ল'বিন কমিলে কোনবোৰ লক্ষণ দেখা যায়? জানক...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...