কাহিনীৰ নতুন যুগৰ আৰম্ভণি… Netflixৰ সৈতে একেলগে কাম কৰিব একতা কাপুৰে

মনোৰঞ্জন জগতৰ সুপৰিচিত ব্যক্তিত্ব একতা কাপুৰে এতিয়া নেটফ্লিক্সৰ সৈতে হাত মিলাইছে।  নেটফ্লিক্সৰ সহযোগত নতুন আৰম্ভণি কৰিবলৈ ওলাইছে একতা কাপুৰৰ কোম্পানী বালাজী টেলিফিল্মছে। এতিয়াৰে পৰা নতুন আৰু বেলেগ ধৰণেৰে গল্প দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব।

কাহিনীৰ নতুন যুগৰ আৰম্ভণি... Netflixৰ সৈতে একেলগে কাম কৰিব একতা কাপুৰে

একতা কাপুৰ আৰু মনিকা শ্বাৰগিল

Published: 

07 Jun 2025 | 08:10 PM

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা জীতেন্দ্ৰই গঢ়ি তুলিছে এক ডাঙৰ আৰু বিশেষ পৰিচয়। তেওঁৰ দৰেই তেওঁৰ কন্যা একতা কাপুৰো সফল হৈছে। অভিনেত্ৰী হিচাপে বলীউডত অভিনয় নকৰিলেও একতাই পৰ্দাৰ আঁৰত থাকি আচৰিত কাম কৰি আহিছে। বহু টিভি ধাৰাবাহিক নিৰ্মাণ কৰাৰ বাবে তেওঁ ‘টিভি কুইন’ নামেৰেও পৰিচিত। এতিয়া জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ সৈতে যোগদান কৰিছে একতা কাপুৰে। এতিয়া একতা আৰু নেটফ্লিক্সে একেলগে নতুন ধৰণেৰে দৰ্শকক কাহিনীৰ সোৱাদ দিব।

এতিয়াৰে পৰা এতিয়া একেলগে কাম কৰিব নেটফ্লিক্স ইণ্ডিয়া আৰু একতা কাপুৰৰ বালাজী টেলিফিল্মছ লিমিটেডে। নেটফ্লিক্স ইণ্ডিয়াই এই সন্দৰ্ভত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছে, “ভাৰতৰ পৰা বিশ্বলৈ। নেটফ্লিক্স আৰু একতা কাপুৰৰ বালাজী টেলিফিল্মছে ভাৰতীয় কাহিনীৰ নতুন যুগৰ বাবে সৃষ্টিশীল সহযোগিতাত প্ৰৱেশ কৰিছে।”

একতা কাপুৰৰ প্ৰতিক্ৰিয়া

নেটফ্লিক্সৰ সৈতে সহযোগৰ বাবে আনন্দ প্ৰকাশ কৰিছে একতা কাপুৰে। নিজৰ মতামত প্ৰকাশ কৰি তেওঁ কয়, “বালাজী টেলিফিল্মছত কাহিনী কোৱাটো সদায় কেন্দ্ৰবিন্দু হৈ আহিছে, সেয়া চিনেমা হওক, টেলিভিছন হওক বা ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে হওক।” ইয়াৰ উপৰিও একতাই কয় যে নেটফ্লিক্সৰ জৰিয়তে তেওঁ কাহিনীসমূহ নতুন আৰু বেলেগ ধৰণে উপস্থাপন কৰিবলৈ ওলাইছে, যাতে অধিক লোকক সংযোগ কৰিব পৰা যায়। একতাই আৰু কয়, “নেটফ্লিক্সৰ সৈতে অহাটো এটা ডাঙৰ আৰু সৃষ্টিশীল মুহূৰ্ত।” উল্লেখ্য যে ইয়াৰ পূৰ্বেও এই OTT প্লেটফৰ্মৰ সৈতে কাম কৰিছিল একতাই ।

নেটফ্লিক্স ইণ্ডিয়াৰ মন্তব্য

এই সহযোগিতাৰ সন্দৰ্ভত নেটফ্লিক্স ইণ্ডিয়াৰ পৰাও এক বিবৃতি প্ৰকাশ পাইছে। নেটফ্লিক্স ইণ্ডিয়াৰ কন্টেন্ট ভাইচ প্ৰেচিডেন্ট মনিকা শ্বাৰগিলে একতাক প্ৰশংসা কৰি মনোৰঞ্জন জগতৰ এগৰাকী বিশিষ্ট আৰু প্ৰভাৱশালী ব্যক্তিত্ব বুলি অভিহিত কৰে, যিয়ে দুটা দশকৰো অধিক সময় ধৰি ভাৰতীয় দৰ্শকৰ প্ৰিয় অনুষ্ঠান সৃষ্টি কৰি তেওঁলোকক এক সুকীয়া পৰিচয় প্ৰদান কৰি আহিছে। মনিকা আৰু কয় যে এতিয়া বালাজী টেলিফিল্মছ আৰু নেটফ্লিক্সৰ সহায়ত অনন্য কাহিনী দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...