Attack on Saif Ali Khan: আজিৰ তাৰিখত বলীউডৰ নবাব ছেইফৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে ?

নিশা ঘৰত সোমাইছিল চোৰ, শব্দ শুনি টোপনি ভাঙিল ছেইফ আলী খানৰ । চোৰক বাধা দিব খোজোতেই ঘটিল অঘটন । ছেইফক আক্ৰমণ কৰি চোৰ অন্তৰ্ধান । চোৰৰ চকু পৰা ছেইফৰ সম্পত্তিৰ পৰিমাণটো চাওঁ আহক-

Attack on Saif Ali Khan: আজিৰ তাৰিখত বলীউডৰ নবাব ছেইফৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে ?

বলিউড অভিনেতা ছেইফ আলী খানৰ মুঠ সম্পত্তিৰ পৰিমাণ

Published: 

16 Jan 2025 | 03:33 PM

বৃহস্পতিবাৰে পুৱা এটা খবৰে জোঁকাৰি গ’ল সমগ্ৰ দেশ । এই খবৰে প্ৰবল উদ্বেগ তথা চাঞ্চল্যৰ সৃষ্টি কৰিলে ভিন্ন মহলত । অবিশ্বাস্য এক খবৰ, কোনেও কাহানিও ভাবিব নোৱৰা এক ঘটনা । কেনেকৈ ঘটিবলৈ পালে এই ঘটনাটো, কোনেও একো বুজিবই নোৱাৰিলে ।

যোৱা নিশা নিজা বাসগৃহতে ছুৰীকাঘাতৰ বলি হয় বলীউদৰ নবাব খ্যাত ছেইফ আলী খান । কোনে কি কাৰণে ছুৰীৰে আক্ৰমণ চলালে অভিনেতাগৰাকীৰ ওপৰত, জানিলে আপুনিও হতবাক হৈ পৰিব ।

ছেইফৰ ঘৰত সোমাল চোৰ

জানিব পৰা মতে, যোৱা নিশা চোৰ সোমাল ছেইফৰ ঘৰত । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পাছতো অভিনেতাগৰাকীৰ ঘৰত চোৰ সোমোৱাটো অৱশ্যে ৰহস্যজনক । যি কি নহওক চোৰক বাধা দিবলৈ যাওঁতেই ছেইফক ছবাৰকৈ ছুৰীকাঘাত কৰে চোৰটোৱে । ইয়াৰে দুটা আঘাত গুৰুতৰ আছিল । কিন্তু তাৰ পাচত চোৰটোৱে কেনেকৈ লুকাবলৈ বা পলাবলৈ সক্ষম হল, তাকলৈও প্ৰশ্ন উঠিছে । সম্প্ৰতি চিকিৎসাধীন হৈ থকা ছেইফ বিপদমুক্ত বুলি জানিব পৰা গৈছে ।

ছেইফ হৈছে পাতাউদি পৰিয়ালৰ উত্তৰসূৰী। তেওঁৰ বিপুল পৰিমাণৰ সম্পত্তিৰ কথা সকলোৱেই জানে । বান্দ্ৰাৰ ফ্লেটত তেওঁৰ সৈতে থাকে পত্নী তথা অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু দুই সন্তান । ঘৰটোত নিৰাপত্তাৰক্ষীও নিয়োজিত আছে । কিন্তু কেনেকৈ চোৰ সোমাবলৈ পালে আৰু ছেইফক আক্ৰমণ কৰি চোৰটো ক’ত অন্তৰ্ধান হ’ল তাৰ সেই বিষয়ে একো জানিব পৰা হোৱা নাই ।

ছেইফৰ সম্পত্তিৰ পৰিমাণ কিমান

CNBC TV-18 ৰ তথ্য অনুসৰি, ছেইফ আলী খানৰ মুঠ সম্পত্তিৰ পৰিমাণ আনুমানিক ১,৩০০ কোটি টকা । তেওঁৰ পত্নী তথা অভিনেত্ৰী কৰিণা কাপুৰ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪৮৫ কোটি টকা । তেওঁলোক দুয়ো বলিউডৰ এক প্ৰভাৱশালী দম্পতী ।

ছেইফৰ আয়ৰ মূল উৎস হৈছে তেওঁৰ অভিনয় কেৰিয়াৰ, বিভিন্ন ব্ৰেণ্ডৰ বিজ্ঞাপন, ব্যক্তিগত বিনিয়োগ আৰু ব্যৱসায় । তেওঁ দুটাকৈ প্ৰডাকচন হাউচৰ স্বতাধিকাৰী । এই প্ৰডাকচন হাউচ দুটা ক্ৰমে ব্লেক নাইট ফিল্মছ আৰু ইলুমিনাটি ফিল্মছ । ২০২৩ চনৰ এক তথ্য অনুসৰি তেওঁ বছৰি প্ৰায় ৩০ কোটি টকা উপাৰ্জন কৰে আৰু সম্প্ৰতি নিজৰ পাৰিশ্ৰমিক প্ৰায় ৭০ শতাংশ বৃদ্ধি কৰিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...