অতি ভয়ংকৰ! কেতিয়াও অকলে নাচাব এই কেইখন ছবি, ভয়ত চিঞৰি উঠিব আপুনি…

Best 5 Horror movie: আজৰি সময়ত বহুলোকে চিনেমা চাই ভাল পায়। সকলো মানুহৰ ৰুচি বেলেগ বেলেগ।কিছুমানে ছবি ভৌতিক ছবি ভাল পাই আন কিছুমানে ৰোমান্টিক বা এক্সন ছবি ভাল পায়।

অতি ভয়ংকৰ! কেতিয়াও অকলে নাচাব এই কেইখন ছবি, ভয়ত চিঞৰি উঠিব আপুনি...

ভৌতিক ছবি

Published: 

08 Jan 2025 17:50 PM

আজৰি সময়ত বহু মানুহে চিনেমা চাই ভাল পায়। কিছুমানৰ যদি এক্সন ছবি প্ৰিয়, আন কিছুমানে ভাল পাই ৰোমান্টিক, ভুতৰ ছবি আদি। সকলোৰে ৰুচি বেলেগ বেলেগ। কিন্তু প্ৰতি বছৰে ছবিজগতখনত সকলো প্ৰকাৰৰ ছবিয়ে মুক্তি লাভ কৰে। ইয়াৰে কিছুমান ছবিয়ে দৰ্শকৰ মনত সাঁচ বহুৱাই যাবলৈ সক্ষম হয়। আজি এই লেখাটোত এনে কেইখনমান ছবিৰ নাম উল্লেখ কৰি যি  ছবি কিছুমানে অকলে চাবলে ভয় কৰে। যি অতি ভয়ংকৰ, এক কথাক ক’বলৈ হ’লে এই ছবি কেইখন চাই হয়তো আপুনি ভয় খাব পাৰে।

হেৰেডিটৰি (Hereditary)

২০১৮ চনত মুক্তি লাভ কৰা Hereditary নামৰ ছবিখন আলৌকিক মনোবৈজ্ঞানিক ভয় লগা ছবি। এই ছবিখনৰ নিৰ্দেশনা কৰিছে আৰি এষ্টাৰে। ছবিখনত অভিনয় কৰিছে টনি কলেট, এলেক্স উলফ, মিলি শ্বেপিৰো, এন ডাউড আৰু গেব্ৰিয়েল বায়ৰণকে ধৰি কেইবাগৰাকী বিশিষ্ট অভিনেতা- অভিনেত্ৰীয়ে।  বিভিন্নজনে এই ছবিখন চাই ৰিভিউত উল্লেখ কৰিছে যে অকলে এই ছবিখন চাব নালাগে। কিয়নো ইয়াৰ কাহিনী আৰু দৃশ্যবোৰে আপোনাৰ বুকু কঁপাই তুলিব।

ইভিল ডেড ৰাইজ (Evil Dead Rise)

লি ক্ৰনিনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ইভিল ডেড ৰাইজ এখন ভৌতিক ছবি। এই ছবিখন ২০২৩ বৰ্ষত মুক্তি লাভ কৰিছিল। ছবিখনত লিলি চুলিভান আৰু এলিছা চাথাৰলেণ্ডে ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত এটা কিশোৰে এখন পুৰণি কিতাপ কোনো এক ঠাইৰ পৰা উলিয়াই আনে আৰু তাৰ পাছৰ পৰা তেওঁলোকৰ বেয়া দিন আৰম্ভ হয়। কোনো বেয়া শক্তিয়ে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলায়। এই ছবিখনত দেখুওৱা হয় আটাইকেইজনে কেনেকৈ বেয়া শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ চেষ্টা কৰে। এই ছবিখন আপুনি নেটফ্লিক্সত চাব পাৰিব।

হাছ (Hush)

আপুনি যদি ভৌতিক ছবি চাই ভাল পাই তেন্তে এই ছবিখন চাব পাৰে। ২০১৬ চনত মুক্তি লাভ কৰা এই ছবিখনৰ নিৰ্দেশনা কৰিছে মাইক ফ্লানাগানে।ছবিখনত অভিনয় কৰিছে কেট ছিগেলে,জন গ্যালাগাৰ জুনিয়ৰ, মাইকেল ট্ৰুকো আদিকে ধৰি বহু অভিনেতা অভিনেত্ৰীয়ে।

টেৰিফায়াৰ (Terrifier)

এই ছবিখনো অত্যন্ত ভয়লগা। ইয়াৰ ইতিমধ্যে কেইবাটাও খণ্ড মুক্তি লাভ কৰিছে। ইয়াৰ প্ৰথম খণ্ডটো মুক্তি লাভ কৰিছিল ২০১৬ চনত। ছবিখনৰ নিৰ্দেশনা কৰিছে ডেমিয়েন লায়ন্সে। ছবিখনত অভিনয় কৰিছে জেনা কেনেল, চামান্থা স্কাফিডি, কেথেৰিন কৰ্ক’ৰান আৰু ডেভিদ হাৱাৰ্ড থৰ্ণ্টনে। গতিকে আপুনি যদি ভয়লগা ছবি চাই ভাল পাই তেন্তে টেৰিফায়াৰ চাব পাৰে।

চিনিষ্টাৰ (Sinister)

২০১২ চনত মুক্তি লাভ কৰা চিনিষ্টাৰ এখন ভয়ানক ছবি। ছবিখনৰ পৰিচালনা কৰিছে স্কট ডেৰিকছনে। ছবিখনত ইথান হকে এজন লেখকৰ চৰিত্ৰত অভিনয় কৰিছে। যিয়ে সঁচা-অপৰাধৰ বিষয়ে লিখাৰ চেষ্টা কৰে। ছবিখনত বহু অদ্ভুত অলৌকিক দৃশ্য আপুনি দেখিবলৈ পাব। গতিকে ভয়লগা ছবি চাব বিচাৰিলে আপুনি এই ছবিখনো চাব পাৰে।

হেল’ৱিন (Halloween)

১৯৭৮ চনত এই ছবিখনে মুক্তি লাভ কৰিছিল। ইয়াত এজন ব্যক্তিক বগা মুখা পিন্ধি ঘূৰি ফুৰা দেখা যায়। ইতিমধ্যে দৃশ্যটো ভয়ংকৰ হৈ পৰিছিল, বেকগ্ৰাউণ্ড মিউজিকে ইয়াক আৰু ভয়ংকৰ কৰি তুলিছিল। মুক্তিৰ ইমান বছৰ পাছতো এই ছবিখন চাই বহু মানুহে ভয় খায়।

 

অন্য খবৰ পঢ়কঃ ভয়ংকৰ! এই ৫ টা কাহিনীয়ে বুকু কঁপাই তুলিব আপোনাৰ…

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...