এখন অভিশপ্ত ছবি, যিখন চোৱা পিছত মৃত্যু হৈছিল এজনৰ পিছত আনজন দৰ্শকৰ! নাম জানেনে?

এই চিনেমাখন ১৯৭০ চনত নিৰ্মাণ কৰা হৈছিল । ছবিগৃহত মুক্তিৰ পূৰ্বে কেইবাটাও চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰা হৈছিল ছবিখন। কিন্তু বহু উদ্যোগীয়ে এই চিনেমাখন দেখুৱাব বিচৰা নাছিল। আৰু তাৰ পিছত  ঘটিছিল অদ্ভুত ঘটনা।

এখন অভিশপ্ত ছবি, যিখন চোৱা পিছত মৃত্যু হৈছিল এজনৰ পিছত আনজন দৰ্শকৰ! নাম জানেনে?
Published: 

03 Jul 2025 10:34 AM

পৃথিৱীৰ এনে বহু গোপন ৰহস্য আছে, যিবোৰৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এনে অজ্ঞাত কথাৰ প্ৰতি বহুদিনৰ পৰাই আছে মানুহৰ আগ্ৰহ। ভয় খোৱাৰ পিছতো ভয়ানক ছবি চোৱা মানুহ বহুত আছে। এই প্ৰতিবেদনত বিশ্বৰ আটাইতকৈ ভয়ানক চিনেমাখন বিষয়ে জানি লওক। সেই বিশেষ চিনেমাখনৰ নাম ‘এণ্ট্ৰম’। এই চিনেমাখন ১৯৭০ চনত নিৰ্মাণ কৰা হৈছিল । ছবিগৃহত মুক্তিৰ পূৰ্বে কেইবাটাও চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰা হৈছিল ছবিখন। কিন্তু বহু উদ্যোগীয়ে এই চিনেমাখন দেখুৱাব বিচৰা নাছিল। আৰু তাৰ পিছত  ঘটিছিল অদ্ভুত ঘটনা। যিসকল উদ্যোগীয়ে চিনেমাখন দেখুৱাব বিচৰা নাছিল, তেওঁলোকৰ হঠাৎ মৃত্যু হ’বলৈ ধৰিলে।

কেৱল  নহয় এয়াই  ১৯৮৮ চনত বুডাপেষ্টৰ এখন ছবিগৃহত ছবিখন প্ৰদৰ্শিত হৈ থকাৰ সময়তে ছবিগৃহত অগ্নিকাণ্ড সংঘটিত হয় আৰু প্ৰায় ৫৬ জন লোকৰ মৃত্যু হয়। বহুতে ভাবিছিল যে প্ৰজেক্টৰৰ যান্ত্ৰিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে। অৱশ্যে ইয়াৰ প্ৰমাণ এতিয়াও উপলব্ধ নহয়। ছবিখন দেখালেও বিপদ, আৰু নেদেখুৱালেও নিশ্চিত মৃত্যু! সকলোৱে সেই সময়ত ভয় খাই আছিল। তাৰ পিছত কেইবাবছৰো ধৰি বন্ধ হৈ পৰিল ছবিখনৰ চৰ্চা। কিন্তু দুৰ্ঘটনাৰ ৫ বছৰৰ পাছত কেলিফৰ্ণিয়াৰ এটা ছবিগৃহত ছবিখন প্ৰদৰ্শিত হয়।

সেয়া আছিল ১৯৯৩ চনৰ কথা। সেই ছবিগৃহটো পদপৃষ্ট হৈ ৩০ জন লোকৰ মৃত্যু হয়। আৰু তেতিয়াৰ পৰা ছবিখন কোনো ছবিগৃহত প্ৰদৰ্শিত হোৱা নাছিল। পিছলৈ ২০১৮ চনত পুনৰ নতুন সংস্কৰণত মুক্তি দিয়া হ’ল ছবিখন। নতুন টীমৰ সদস্যসকলে দাবী কৰে যে ছবিখন বিভিন্ন অদ্ভুত প্ৰতীক, শব্দ, আৰু বিভিন্ন ক’ড ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে।

সেই শব্দই কথিতভাৱে নৰকৰ দুৱাৰ মুকলি কৰি দিলে, ৰহস্যময় জগতখনৰ সৈতে সংযোগ শক্তিশালী কৰি তুলিলে। অৱশ্যে নতুন ছবিখনত এই ঘটনা সংঘটিত হোৱা নাছিল। বহু লোকে ছবিখন চোৱাৰ পিছতো কোনো ধৰণৰ কু-প্ৰভাৱ লক্ষ্য কৰা নাছিল। কিন্তু কিয় ইটোৰ পিছত সিটোকৈ মৃত্যু ঘটিল। বহুদিনলৈ এই ৰহস্য ভেদ কৰিবলৈ চেষ্টা চলোৱা হৈছিল। যদিও এতিয়ালৈ ইয়াৰ উত্তৰ কোনেও পোৱা হোৱা নাই। আজিও এন্থেম বিশ্বৰ আটাইতকৈ ভয়ংকৰ আৰু ৰহস্যময় ছবি হৈয়ে আছে।

পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই
বয়স হোৱাৰ পাছতো ছাল কেনেকৈ ধুনীয়া হৈ থাকিব? জানক উপায়...
বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ জন্মদিন কেতিয়া?
ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক