শ্বুটিংস্থলীৰ পৰা পোনে পোনে চিকিৎসালয়লৈ অমিতাভ, ‘ক্লিনিকেলি’ মৃত ঘোষণা! আৰু তাৰ পিছতেই…

শ্বুটিঙৰ সময়তে গুৰুতৰভাৱে আহত অমিতাভ বচ্চনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অনুৰাগীৰ মাজত ব্যাপক জল্পনা-কল্পনা। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি কেৱল প্ৰাৰ্থনা কৰিছে বচ্চন পৰিয়ালে। প্ৰাৰ্থনা কৰিছে অনুৰাগীয়েও। তাৰ মাজতে হঠাৎ আহিল এক অনাকাংক্ষিত খবৰ।

শ্বুটিংস্থলীৰ পৰা পোনে পোনে চিকিৎসালয়লৈ অমিতাভ, ‘ক্লিনিকেলি’ মৃত ঘোষণা! আৰু তাৰ পিছতেই...

বিগ বি অমিতাভ বচ্চন

Published: 

17 Aug 2025 | 02:05 PM

বিগ বি অমিতাভ বচ্চন দেশবাসীৰ আগত পুনৰ এবাৰ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই তেওঁক নিজৰ কৰ্মৰে এই পৰিচিতি গঢ়ি তুলিছে অমিতাভে কেৰিয়াৰৰ প্ৰাৰম্ভিক অৱস্থাত বিফলতাৰ পিছত ক্ৰমাৎ সফলতাৰ শিখৰলৈ বগাইছিল অমিতাভে তাৰ পিছত আৰু তেওঁ ঘূৰি চোৱা নাছিল পিছলৈ কেৰিয়াৰৰ উৰ্ধমুখী গতিৰ সময়তে পিছে হঠাতে নামি আহিছিল ধুমুহা হঠাৎ সলনি হ’ল বচ্চন পৰিয়ালৰ ভাগ্য। এক ভয়ংকৰ দুৰ্ঘটনাৰ ফলত সকলো হেৰুৱাৰ দিশে আগবাঢ়িছিল বচ্চন পৰিয়াল।

শ্বুটিঙৰ সময়তে গুৰুতৰভাৱে আহত অমিতাভ বচ্চনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অনুৰাগীৰ মাজত ব্যাপক জল্পনাকল্পনা ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি কেৱল প্ৰাৰ্থনা কৰিছে বচ্চন পৰিয়ালে। প্ৰাৰ্থনা কৰিছে অনুৰাগীয়েও তাৰ মাজতে হঠাৎ আহিল এক অনাকাংক্ষিত খবৰ পৰিয়ালৰ আগত চিকিৎসকে স্পষ্টকৈ জানিবলৈ দিলে, ক্লিনিকেলি’ মৃত্যু হৈছে অমিতাভ বচ্চনৰ।

আচৰিত নহ, সম্পূৰ্ণ এক সঁচা ঘটনা এয়া।  ১৯৮২ চনত এনে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীল হৈছিল বচ্চন পৰিয়াল। সেই ভয়ংকৰ দিনটো এতিয়াও বচ্চন অনুৰাগীৰ বাবে এক দুঃস্বপ্নৰ দৰে। নহবনো কিয়, নাম তেওঁৰ অমিতাভ বচ্চন। বলীউডৰ অন্যতম শক্তিশালী স্তম্ভ তেওঁ সেইবাবেই বলীউডৰ শ্বেহেনশ্বাহহিচাপে পৰিচিত অমিতাভ

বিগত ৫০ বছৰতকৈও অধিক সময় ধৰি বলীউডত সক্ৰিয় অমিতাভ। নিখুঁত কামেৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ সমান্তৰালকৈ নিজৰ কলাৰ বাবে বাৰে বাৰে প্ৰশংসিত হৈছে তেওঁ। নিজ কৰ্মত তেওঁক কেতিয়াও কোনো সমস্যাই দিব পৰা বাধা কেৰিয়াৰত সন্মুখীন হোৱা নানা আঘাত আৰু সমস্যা অতিক্ৰমি তেওঁ বাৰে বাৰে হৈছে বিজয়ী

১৯৮২ চনত কুলি ছবিৰ শ্বুটিঙৰ সময়ত গুৰুতৰভাৱে আহত হয় অমিতাভ বচ্চন। এক একচন দৃশ্যৰ সময়ত বুকু আৰু তলপেটত আঘাত পাইছিল অমিতাভে। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গুৰুতৰভাৱে আহত অমিতাভৰ পেটৰ পৰা বিৰিঙি আহিছিল তেজ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ পিছত চিকিৎসকে অমিতাভকক্লিনিকেলি মৃতঘোষণা কৰে

এই কথা শুনাৰ লগে লগে ভাঙি পৰে জয়া বচ্চন তেতিয়াও শেষ প্ৰয়াস হিচাপে তাৎক্ষণিকভাৱে তেওঁৰ তলপেটত এটা বেজী দিয়া হয়। ক্ষন্তেক সময়ৰ পিছতে তেওঁৰ উশাহ ঘূৰি দেখা গ’ল। ইয়াৰ পিছতে অনুৰাগীয়ে প্ৰায়ে তেজেৰে চিঠি লিখিছিল অমিতাভলৈ। এনে এক ভয়ংকৰ সময় পুনৰ ঘূৰি অহা এই সময়খিনিক অমিতাভৰ পুনৰ্জন্ম হিচাপে উদযাপন কৰে অনুৰাগীসকলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব