কণ্ডমৰ সৈতে ছানী লিয়নী! সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’

বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি ডিজাইনাৰ এছলী ৰেবেলোৱে এক বিশেষ ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। য'ত একাধিক কণ্ডমৰ সৈতে দেখা যায় অভিনেত্ৰী ছানী লিয়নীক।

কণ্ডমৰ সৈতে ছানী লিয়নী! সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ
Updated On: 

03 Dec 2025 | 08:06 PM

মোহময়ী অভিনেত্ৰী ছানী লিয়নী মানেই চৰ্চা। নিজৰ সৌন্দৰ্যৰে সকলোকে মোহিত কৰিছে ছানীয়ে। এইবাৰ এক ফেশ্বন শ্ব’ত উপস্থিত হৈ অগণন দৰ্শকক কৰিলে আচৰিত! প্ৰথমে কোনেও বুজিব পৰা নাছিল যে এনেকুৱা কামো কৰিব পাৰে। কিন্তু যেতিয়া দেখিলে, তেতিয়া সকলোৱে তবধ মানিলে। অৱশ্যে দৰ্শকে ভাবিছিল যে ফেশ্বন শ্ব’ত ছানী লিয়নীয়ে নতুন কিবা এটা ক’ব, কিন্তু কোনেও সপোনতো ভবা নাছিল যে ছানীয়ে কণ্ডম পিন্ধি ৰেম্প ৱাক কৰিব।

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য। শেহতীয়াকৈ ডিজাইনাৰ এছলী ৰেবেলোৱে বিশ্ব এইডছ দিৱস উপলক্ষে এক বিশেষ ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিল। তাত ছানীয়ে এইডছৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এক অনন্য পন্থা গ্ৰহণ কৰিছিল। তেওঁ সাজ-পোছাকত একাধিক কণ্ডম ওলোমাই লয়।

এই ফেশ্বন শ্ব’ত ছানীয়ে প্ৰথমে পিন্ধিছিল উজ্জ্বল গোলাপী ৰঙৰ অভাৰস্কাৰ্ট। তাৰ পিছত সেয়া সলনি কৰি বগা ৰঙৰ পোছাক পৰিধান কৰে। সেই বগা ৰঙৰ মিনি স্কাৰ্টত কেইবাটাও কণ্ডম ওলোমাই থোৱা আছিল।

ছানীৰ মতে এই সাজ-পোছাকৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাটো হ’ল যে বাহিৰৰ জিলিকি যিমান গুৰুত্বপূৰ্ণ সিমানেই সুৰক্ষাও গুৰুত্বপূৰ্ণ। এই কথা বুজাবলৈ গোলাপী ৰঙৰ স্কাৰ্টৰ ভিতৰত আন এটা স্কাৰ্ট পিন্ধিছে, য’ত কণ্ডম ওলোমি আছিল। উল্লেখ্য যে এই ফেশ্বন শ্ব’টোত মলাইকা আৰোৰাকো ৰঙক ড্ৰেচত দেখা গৈছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...