সঞ্জয় কাপুৰৰ সম্পত্তিৰ অংশ বিচাৰি ন্যায়ালয়ত কৰিশ্মাৰ পুত্ৰ-কন্যা! কিমান টকা পালে?
সঞ্জয়ৰ কোটি কোটি টকাৰ সম্পত্তিক লৈ পৰিয়ালটোত বিভিন্ন জটিলতাৰ সৃষ্টি হৈছে। সম্পত্তিক লৈ সঞ্জয়ৰ বৰ্তমানৰ পত্নী পিয়া সচদেৱৰ সৈতে কৰিশমাৰ শীতল কাজিয়াৰ খবৰও বিয়পি পৰিছিল। এই সময়ত কৰিশ্মা আৰু সঞ্জয়ৰ সন্তান সমইৰা আৰু কিয়ানে পিতৃ সঞ্জয় কাপুৰৰ বিশাল সম্পত্তিৰ পৰা নিজৰ অংশ ল’বলৈ দিল্লী উচ্চ ন্যায়ালয়ত উপস্থিত হয়।

সঞ্জয় কাপুৰৰ সম্পত্তিৰ অংশ বিচাৰি ন্যায়ালয়ত কৰিশ্মাৰ পুত্ৰ-কন্যা!
সঞ্জয় কাপুৰৰ সম্পত্তিৰ অংশ বিচাৰি আদালতত কৰিশমাৰ পুত্ৰ-কন্যা! কিমান টকা পালে?
গল্ফ খেলপথাৰত মৌমাখিয়ে কামোৰাৰ ফলত মৃত্যু হৈছিল কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী ব্যৱসায়ী সঞ্জয় কাপুৰৰ । প্ৰাক্তন স্বামীৰ মৃত্যুত ভাগি পৰিছিল কৰিশ্মা । তাৰ পাছতেই খবৰ বিয়পি পৰিল যে সঞ্জয়ৰ কোটি কোটি টকাৰ সম্পত্তিক লৈ পৰিয়ালটোত বিভিন্ন জটিলতা আহি পৰিছে। সম্পত্তিক লৈ সঞ্জয়ৰ বৰ্তমানৰ পত্নী প্ৰিয়া সচদেৱৰ সৈতে কৰিশমাৰ শীতল যুদ্ধৰ খবৰো বিয়পি পৰিছিল।
এই সময়তে কৰিশ্মা আৰু সঞ্জয়ৰ সন্তান ছমাইৰা আৰু কিয়ানে পিতৃ সঞ্জয় কাপুৰৰ বিশাল সম্পত্তিৰ পৰা নিজৰ অংশ ল’বলৈ দিল্লী উচ্চ ন্যায়ালয়ত উপস্থিত হয়। কিন্তু জানিব পৰা মতে, মৃত্যুৰ বহু আগতেই সঞ্জয়ে দুই সন্তানক ১৪ কোটি টকাৰ বণ্ড উপহাৰ দিছিল। কেৱল সেয়াই নহয়, সেই বণ্ডৰ পৰা পোৱা সুত অনুসৰি কৰিশ্মাৰ পুত্ৰ-কন্যাই মাহে ১০ লাখ টকা পায়। ইয়াৰ উপৰিও সঞ্জয় কাপুৰৰ দিল্লী আৰু লণ্ডনৰ ঘৰৰ এটা অংশ কিয়ান আৰু ছমাইৰাৰ নামত দিছিল।
যোৱা ১২ জুনত ব্ৰিটেইনত প’ল’ খেলৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ সঞ্জয় কাপুৰৰ মৃত্যু হৈছিল। এই মৃত্যু মৌমাখিৰ বাবে হোৱা বুলি কোৱা হয়। আৰু তেওঁৰ আকস্মিক মৃত্যুৰ বাবেই এতিয়া কাপুৰ পৰিয়ালত ৩০ হাজাৰ কোটি টকাৰ বিশাল সম্পত্তিৰ উত্তৰাধিকাৰ সন্দৰ্ভত আইনী যুঁজ আৰম্ভ হৈছে। সঞ্জয়ৰ শেষকৃত্য অনুষ্ঠান দিল্লীত অনুষ্ঠিত হৈছিল, য’ত কৰিশ্মা আৰু তেওঁলোকৰ সন্তান দুটাও উপস্থিত আছিল।
কোনে পাব সোণা গ্ৰুপ?
সঞ্জয়ৰ মৃত্যুৰ পিছত সকলো সম্পত্তি আৰু কোম্পানীৰ অধিকাৰ কোনে পাব সেই লৈ বিবাদৰ আৰম্ভণি হৈছিল। সঞ্জয়ৰ মাতৃ ৰাণী কাপুৰ আৰু তৃতীয় পত্নী প্ৰিয়া সচদেৱ কাপুৰৰ মাজত আৰম্ভ হৈছে এক যুঁজ। ৰাণী কাপুৰে দাবী কৰিছে যে তেওঁৰ প্ৰয়াত স্বামী সুৰিন্দৰ কাপুৰৰ ২০১৫ চনৰ উইল অনুসৰি তেওঁ কাপুৰ পৰিয়ালৰ মূল উত্তৰাধিকাৰী আৰু সোণা গ্ৰুপৰ প্ৰধান শ্বেয়াৰহোল্ডাৰ।
আনহাতে, সঞ্জয়ৰ পত্নী প্ৰিয়া সচদেৱে হঠাতে তেওঁৰ ইনষ্টাগ্ৰাম বায়’ত লিখিছে, “নন-এক্সেকিউটিভ ডাইৰেক্টৰ, সোনা কমষ্টাৰ”। একে সময়তে প্ৰিয়াই নিজৰ নাম সলনি কৰি সঞ্জয় কাপুৰ কৰিছে, যাৰ বাবে চৰ্চাই অধিক গতি লাভ কৰিছে। ইফালে পুত্ৰৰ মৃত্যুক লৈ ৰাজহুৱাভাৱে উদ্বেগ প্ৰকাশ কৰিছে সঞ্জয়ৰ মাতৃ ৰাণী কাপুৰে। তেওঁ ইয়াক “অতি ৰহস্যময় আৰু অস্বাভাৱিক মৃত্যু” বুলি অভিহিত কৰিছে, যাৰ ফলত সমগ্ৰ ঘটনাটো অধিক জটিল হৈ পৰিছে। আৰু এই কাৰণেই সবিশেষ জানিবলৈ কৰিশ্মাই দিল্লী পালেগৈ।