গোবিন্দাৰ অবৈধ প্ৰেম, পত্নী সুনীতাই ক’লে- ২০২৫ বছৰটো বেয়া!
অভিনেতা গোবিন্দাৰ পত্নী সুনীতা আহুজাই স্বামীৰ প্ৰেমৰ বিষয়ে মুকলিকৈ কৈছে যদিও উৰাবাতৰি প্ৰচাৰ হোৱা দৰে যুৱতীগৰাকী মাৰাঠী অভিনেত্ৰী নহয় বুলি স্পষ্ট কৰি দিছে। এক সাক্ষাৎকাৰত সুনীতাই কয় যে, “মহিলাগৰাকীয়ে গোবিন্দাক ভাল নাপায়, তেওঁ কেৱল তেওঁৰ ধনহে বিচাৰে।”

গোবিন্দা আৰু পত্নী সুনীতা
বছৰৰ শেষত নিজৰ বিৰক্তি স্বীকাৰ কৰিছে সুনীতা আহুজাই। আন এগৰাকী মহিলাৰ সৈতে গোবিন্দাৰ সম্পৰ্কক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে ২০২৫ চনটো তেওঁৰ বাবে ভাল বছৰ নহয় বুলিও কয়। অভিনেতা গোবিন্দাৰ পত্নী সুনীতা আহুজাই স্বামীৰ প্ৰেমৰ বিষয়ে মুকলিকৈ কৈছে যদিও উৰাবাতৰি প্ৰচাৰ হোৱা দৰে যুৱতীগৰাকী মাৰাঠী অভিনেত্ৰী নহয় বুলি স্পষ্ট কৰি দিছে। এক সাক্ষাৎকাৰত সুনীতাই কয় যে, “মহিলাগৰাকীয়ে গোবিন্দাক ভাল নাপায়, তেওঁ কেৱল তেওঁৰ ধনহে বিচাৰে।”
সুনীতাৰ ভাষাত, “মই ২০২৫ চনক মোৰ জীৱনৰ অতি বেয়া বছৰ বুলি গণ্য কৰোঁ কাৰণ মই গোবিন্দাক লৈ বিতৰ্ক শুনি আহিছো যে তেওঁৰ এগৰাকী যুৱতীৰ সৈতে সম্পৰ্কত আছে। কিন্তু মই জানো যে তেওঁ অভিনেত্ৰী নহয়। কাৰণ অভিনেত্ৰীসকলে ইমান বেয়া কাম নকৰে। তেওঁ গোবিন্দক ভাল নাপায়, তেওঁ কেৱল ধন বিচাৰে।”
সুনীতাই আৰু কয়, “মই ২০২৬ চনত মোৰ জীৱন সলনি কৰিব বিচাৰো। মই বিচাৰো গোবিন্দাই এই বিতৰ্কবোৰৰ অন্ত পেলাওক আৰু ২০২৬ চনত আমাৰ এটা সুখী পৰিয়াল হ’ব। আশা কৰিছোঁ অতি সোনকালে এনেকুৱা হ’ব। মই বিচাৰো গোবিন্দাই বুজক যে, তেওঁৰ জীৱনত ৩ গৰাকী মহিলা গুৰুত্বপূৰ্ণ, মা, পত্নী আৰু তেওঁৰ ছোৱালী। কাৰোৰে জীৱনত চতুৰ্থগৰাকী নাৰী ৰখাৰ অধিকাৰ নাই।”
লগতে কয়, “এই কথা গোবিন্দাকে ধৰি পৃথিৱীৰ সকলো পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য। মই বিচাৰো চিচিয়ে নিজৰ সকলো ‘চামচা’বোৰক এৰি তেওঁৰ কামত মনোনিৱেশ কৰক। কাৰণ সেইসকলে তেওঁৰ লগত কেৱল টকাৰ বাবেই আছে।”