সুকলমে ঘৰত উপস্থিত হৈছে নিৰুদ্দিষ্ট কৌতুক অভিনেতা সুনীল পাল! ক’লে-মোক অপহৰণ কৰা হৈছিল…

ডিচেম্বৰৰ ৩ তাৰিখে কৌতুক অভিনেতা সুনীল পাল নিৰুদ্দেশ হোৱাক লৈ পত্নীয়ে মুম্বাইত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ মাজতে সুনীল পালৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত কৌতুক অভিনেতাজনে তেওঁৰ আকস্মিক নিৰুদ্দেশৰ কাৰণ ব্যক্ত কৰিছে।

সুকলমে ঘৰত উপস্থিত হৈছে নিৰুদ্দিষ্ট কৌতুক অভিনেতা সুনীল পাল! কলে-মোক অপহৰণ কৰা হৈছিল...

সুকলমে ঘৰত উপস্থিত হৈছে নিৰুদিষ্ট কৌতুক অভিনেতা সুনীল পাল

Updated On: 

04 Dec 2024 21:03 PM

সুৰক্ষিতভাৱে মুম্বাইলৈ উভতি আহিছে কৌতুক অভিনেতা সুনীল পাল। টিভি9ৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত তেওঁৰ পত্নী সৰিতা পালে কয়, “সুনীলজী মুম্বাইত থকা তেওঁৰ ঘৰলৈ উভতি আহিছে। তেওঁ তেওঁৰ অপহৰণ আৰু অপহৰণকাৰী সম্পৰ্কীয় তথ্য আৰক্ষীক দিছে। এই ক্ষেত্ৰত আমাক সহায় কৰিছে আৰক্ষীয়ে। আমি তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন পাইছোঁ। সুনীলজী এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ আছে। আমি সোনকালেই এই গোটেই বিষয়টোৰ বিষয়ে কথা পাতিম। কিন্তু প্ৰথমে আমি ষ্টেষ্টমেণ্ট আৰু এজাহাৰ সম্পৰ্কীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি আছোঁ আৰু তাৰ পিছত আৰক্ষীৰ অনুমতি পোৱাৰ পিছতহে ইয়াৰ ওপৰত আলোচনা কৰা হ’ব। এই ঘটনাটোৰ সৈতে সম্পৰ্কিত সুনীল পালৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত সুনীল পালে কয়, “হেল্লো, মই সুনীল পাল, মোক ২ ডিচেম্বৰত অপহৰণ কৰা হৈছিল। কিন্তু এতিয়া মই সম্পূৰ্ণৰূপে সুৰক্ষিত। বৰ্তমান, আমি আৰক্ষীক ষ্টেষ্টমেণ্ট দি আছোঁ। মই সোনকালেই বাকী প্ৰশ্নবোৰৰ উত্তৰ দিম। আপোনাৰ আশীৰ্বাদ আৰু প্ৰেম সদায় মোৰ লগত আছে আৰু মই এতিয়া ভালে আছোঁ।” অৱশ্যে, এই ভিডিঅ’টোত সুনীল পালে তেওঁক কিয় অপহৰণ কৰিছিল, কোনে কৰিছিল? এই বিষয়ে কোনো তথ্য শ্বেয়াৰ কৰা নাই।

১ ডিচেম্বৰত লাইভ শ্ব’ৰ বাবে মুম্বাইৰ বাহিৰত থকা কৌতুক অভিনেতা সুনীল পাল ৩ ডিচেম্বৰলৈকে ঘৰলৈ উভতি নহাত তেওঁৰ পত্নী সৰিতা পাল চিন্তিত হৈ পৰিছিল। তেওঁ ম’বাইলযোগে সুনীল পালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ ফোনটো বন্ধ আছিল। অৱশেষত, সৰিতা পালে আৰক্ষীৰ ওচৰলৈ গৈ সুনীল পালৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। ইফালে, যেতিয়া টিভি9-এ তেওঁৰ সৈতে যোগাযোগ স্থাপন চেষ্টা কৰিছিল, তেতিয়া কৈছিল যে তেওঁ অপৰাধ শাখাত আছে আৰু আৰক্ষীয়ে সুনীল পালৰ ম’বাইলৰে তেওঁক ট্ৰেচ কৰিছে।

সুনীল পাল আৰু তেওঁৰ পত্নী সৰিতা পালে আৰক্ষীৰ সৈতে আনুষ্ঠানিক কামসমূহ সম্পূৰ্ণ কৰাৰ পিছতে এখন সংবাদযোগে সমগ্ৰ বিষয়টো সন্দৰ্ভত তথ্য সদৰি কৰিব। উল্লেখ্য যে, সুনীল পালে ষ্টাৰ ৱানৰ কমেডি ৰিয়েলিটি শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ৰ দ্বাৰা তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ লাইভ শ্ব’ দৰ্শকৰ মাজত যথেষ্ট বিখ্যাত।

মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...