‘নিজৰ সন্তানটোক বিক্ৰী কৰি দিলে আপোনালোকে…’ কিয় খঙত অগ্নিশৰ্মা পৰিচালক ৰাজেশ ভূঞা?

আজি সামাজিক মাধ্যমত লাইভ আহি পৰিচালক জনে কয়, "বহু দিনীয়াৰ জুবিনৰ সপোন এটা আমি পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আজি সেই শিশুটোৰ ৯ দিন হৈছে। কিন্তু জন্মৰ পিছত বহু অভদ্ৰ মানহে কাটি কাটি ধ্বংস কৰি দিলে।

নিজৰ সন্তানটোক বিক্ৰী কৰি দিলে আপোনালোকে... কিয় খঙত অগ্নিশৰ্মা পৰিচালক ৰাজেশ ভূঞা?
Published: 

08 Nov 2025 | 05:14 PM

৩১ মুক্তি পাইছিল জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিনৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলে জুবিন গাৰ্গ অভিনীত ছবিখনে। মুক্তিৰ প্ৰথম দিনটোত সমগ্ৰ দেশত প্ৰদৰ্শিত হৈছিল ছবিখনৰ ৮০০ দৰ্শনী। ৰাজ্যৰ ৯২ টা হলত ৬০০ দৰ্শনী অনুষ্ঠিত হয়। অভিলেখ সৃষ্টিৰে পুৱতি নিশাৰে পৰা আৰম্ভ হৈছিল ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী। কিন্তু দৰ্শকে ইমান মৰম আগবঢ়োৱা ছবিখনত এনে কি হ’ব, যাৰ বাবে একাংশ দৰ্শকৰ ওপৰত গৰজি উঠিল পৰিচালক ৰাজেশ ভূঞা?

‘ৰৈ ৰৈ বিনালে’ ছবিখন প্ৰথম দুদিন ছবিগৃহত দৰ্শকৰ সঁহাৰি লাভ কৰাৰ পিছত একাংশ দৰ্শকে কিছু কিছু অংশ ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিয়ে। কেৱল সেয়াই নহয়, কিছুমান ব্যক্তিয়ে গোটেই ছবিখন ছবিগৃহৰ পৰা ৰেকৰ্ডিং কৰি ইউটিউবত গোটেই আপলোড কৰি দিয়ে। যাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পৰিছে পৰিচালক ৰাজেশ ভূঞা।

আজি সামাজিক মাধ্যমত লাইভ আহি পৰিচালক জনে কয়, “বহু দিনীয়াৰ জুবিনৰ সপোন এটা আমি পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আজি সেই শিশুটোৰ ৯ দিন হৈছে। কিন্তু জন্মৰ পিছত বহু অভদ্ৰ মানহে কাটি কাটি ধ্বংস কৰি দিলে। এয়া ছাগলী-কুকুৰাৰ মাংস নেকি কাটি কাটি যে বিক্ৰী কৰি আছে। লাজ নাই আপোনালোকৰ? যিসকলে ছবিখন পাইৰেচি কৰি আছে তেওঁলোকক কৈছোঁ, এয়াই নেকি এক সত্ত্বাৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধাঞ্জলি?”

তেওঁ আৰু কয়, ‘বিশেষকৈ এইবোৰ কাম আমাৰ অসমীয়াই কৰি আছে, কোনো বহিৰাগোষ্ঠীয়ে তেনে কৰিছে যদি সেয়াও যুঁজিব আছেই। ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে অসমবাসীৰ বাবে এখন দুৱাৰ খুলি গৈছিল জুবিন গাৰ্গে। আমাৰ অসমীয়াই একেবাৰে ডিঙি চেপি ধৰিলে। ১৯ ছেপ্তেম্বৰৰ পৰা আমি আগবাঢ়িব পৰা নাই, আমি কান্দিবও পৰা নাই ভালদৰে। কি পাব এইবোৰ কৰি দুটামান ফলোৱাৰ্চ? জুবিন গাৰ্গে কোৱাৰ দৰে সময়ক বয় কৰিবলৈ শিকক। জুবিনক ভালপোৱা মানুহ নাছিল নেকি? যিয়ে কব লাগিছিল নাই নকৰিবি, এইখন অসমৰ ছবি, জুবিনৰ সপোনৰ ছবি। আপোনালোকক অনুৰোধ জনোৱা নাই, চিধাই দাবী দিছোঁ এইবোৰ ডিলিট কৰক। গোটেই ছবিজগতখনক শেষ দিলে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...