কুমাৰ ছানুৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ল’লে আইনী ব্যৱস্থা

শেহতীয়াকৈ ৰীতাই এক সাক্ষাৎকাৰত দাবী কৰিছিল যে কুমাৰ ছানু আৰু তেওঁৰ পৰিয়ালে তেওঁক গৰ্ভৱতী অৱস্থাত প্ৰয়োজনীয় খাদ্য আৰু চিকিৎসাৰ পৰা বঞ্চিত কৰিছিল। এই অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছে কণ্ঠশিল্পীগৰাকীয়ে, যাৰ বাবে ৰীতালৈ আইনী জাননী প্ৰেৰণ কৰিছিল।

কুমাৰ ছানুৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ললে আইনী ব্যৱস্থা

কুমাৰ ছানুৰ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আইনী ব্যৱস্থা

Published: 

03 Oct 2025 | 12:53 PM

জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানুৱে তেওঁৰ প্ৰাক্তন পত্নীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীৰ প্ৰাক্তন পত্নী ৰীতা ভট্টাচাৰ্যই উত্থাপন কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত কণ্ঠশিল্পীগৰাকীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰীতাই এক সাক্ষাৎকাৰত দাবী কৰিছিল যে কুমাৰ ছানু আৰু তেওঁৰ পৰিয়ালে তেওঁক গৰ্ভাৱস্থাত প্ৰয়োজনীয় খাদ্য আৰু চিকিৎসাৰ পৰা বঞ্চিত কৰিছিল। কিন্তু এই সকলোবোৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। যাৰ বাবে তেওঁ ৰীতালৈ আইনী জাননী প্ৰেৰণ কৰিছে।

কুমাৰ ছানুৰ অধিবক্তা ছানা ৰইছ খানে এক বিবৃতিত কয় যে, “কুমাৰ ছানুৱে চাৰি দশকৰো অধিক সময় নিজৰ গীতৰ জৰিয়তে মানুহক মনোৰঞ্জন দি আহিছে। এনে এজন শিল্পীক বদনাম কৰাটো দুৰ্ভাগ্যজনক। আমি এনে মিছা কথাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম।” তেওঁ লগতে কয়, “কোনো ব্যক্তি বা সংবাদ মাধ্যমৰ অধিকাৰ নাই কোনো পৰিয়ালৰ সন্মান আৰু মৰ্যাদাৰ ক্ষতি কৰা চাঞ্চল্যকৰ বাতৰি সৃষ্টি কৰাৰ । আমি ইয়াক একেবাৰেই মানি নলওঁ।”

উল্লেখযোগ্য যে ৰীতা ভট্টাচাৰ্যই সিদ্ধাৰ্থ কাননৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, “ছানু আৰু তেওঁৰ পৰিয়ালে মোৰ সন্তানক গাখীৰো দিয়া নাছিল। চিকিৎসাৰ পৰাও বঞ্চিত হৈছিলো। বানপানীৰ সময়ত সন্তানক চোৱা-চিতা কৰাৰ প্ৰয়োজনীয়তাও অনুভৱ কৰা নাছিল।” তাই দাবী কৰে যে বিবাহ বিচ্ছেদৰ সময়ত তাই মাত্ৰ ১০০ টকাহে পাইছিল। ফলত জীয়াই থাকিবলৈ গহনা বিক্ৰী কৰিবলগীয়া হৈছিল। ১৯৮০ চনত ছানুৰ সৈতে বিবাহপাশত আবদ্ধ হয়, আৰু ১৯৯৪ চনত বিবাহ বিচ্ছেদ হয়। বৰ্তমান ছানুৱে দ্বিতীয় পত্নী ছ’লনী ভট্টাচাৰ্য আৰু দুগৰাকী কন্যাৰ সৈতে থাকে। অৱশ্যে এই অভিযোগ মানি ল’বলৈ অনিচ্ছুক কণ্ঠশিল্পীগৰাকী। ফলত তাই এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব