ঐশ্বৰ্য ৰায়ৰ এই অভ্যাসক লৈ অসন্তুষ্ট শ্বেতা বচ্চন! ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে সকলো…

ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন সম্পৰ্কক লৈ চৰ্চা অব্যাহত আছে। দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰ এতিয়াও শিৰোনামত থকা দেখা গৈছে। ইয়াৰ মাজতে অভিষেক বচ্চনৰ ভগ্নী শ্বেতা বচ্চনৰ এটা পুৰণি ভিডিঅ' পোহৰলৈ আহিছে, য'ত শ্বেতাত এছৰ এনে অভ্যাসৰ বিষয়ে কোৱা দেখা গৈছিল, যিটো তেওঁ একেবাৰে ভাল নাপায়।

ঐশ্বৰ্য ৰায়ৰ এই অভ্যাসক লৈ অসন্তুষ্ট শ্বেতা বচ্চন! ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে সকলো...

ঐশ্বৰ্য ৰায়ৰ এই অভ্যাসক লৈ অসন্তুষ্ট শ্বেতা বচ্চন!

Published: 

24 Oct 2024 12:24 PM

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন বলীউডৰ আটাইতকৈ চৰ্চিত দম্পতিৰ মাজৰ এটা। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ, যি এতিয়াও চৰ্চাত আছে । প্ৰতিদিনে বচ্চন পৰিয়ালক বিভিন্ন খবৰ প্ৰকাশ পায়। যাক লৈ একাংশ ক’ব বিচাৰে যে পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক ভাল নহয়। খবৰ অনুসৰি অভিষেক আৰু ঐশ্বৰ্যৰ মাজত বিভেদৰ সৃষ্টি হৈছে। অৱশ্যে এই সন্দৰ্ভত বচ্চন পৰিয়াল তথা অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু আপুনি জানেনে যে ঐশ্বৰ্যৰ এটা অভ্যাসত লৈ অভিষেক বচ্চনৰ ভগ্নী শ্বেতা বচ্চন অতিষ্ঠ হৈ পৰিছে।

শ্বেতা বচ্চনক প্ৰায়ে তেওঁৰ বৌৱেক ঐশ্বৰ্য ৰায়ৰ বিষয়ে প্ৰশ্ন কৰা হয়। বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে, এইটোও কোৱা হৈছে যে ঐশ্বৰ্য আৰু শ্বেতাৰ ইজনে সিজনৰ মাজৰ সম্পৰ্ক সিমান ভাল নহয়।
ঐশ্বৰ্যৰ এটা অভ্যাসৰ বিষয়ে মুকলিকৈ কৈছিল শ্বেতাই। প্ৰকৃততে, শ্বেতাৰ এটা পুৰণি ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে। ভাইৰে এই ভিডিঅ’টো কৰণ জোহৰৰ চেট শ্ব’ কফি উইথ কৰণৰ।
শ্বেতা তেওঁৰ ভাতৃ অভিষেক বচ্চনৰ সৈতে অনুষ্ঠানটোত উপস্থিত আছিল।

এই সময়ছোৱাত, কৰণে শ্বেতাক অভিষেক-এছৰ বিষয়ে বহুতো প্ৰশ্ন সুধিছিল। কৰণে শ্বেতাক সুধিছিল যে তেওঁ বৌৱেক ঐশ্বৰ্যৰ কোনটো অভ্যাস ভাল পায় আৰু তেওঁ কোনটো অভ্যাস বেয়া পায়।
এছৰ প্ৰশংসা কৰি শ্বেতাই প্ৰথমে কৈছিল যে ঐশ্বৰ্য এগৰাকী স্বাভিমানী আৰু শক্তিশালী মহিলা। তেওঁ এগৰাকী ভাল মাতৃ। যিবোৰ তেওঁ বহুত ভাল পায়। এছৰ বেয়া অভ্যাসৰ বিষয়ে ক’বলৈ গৈ শ্বেতাই কয়, “এছে ফোন আৰু মেছেছৰৰ উত্তৰ দিবলৈ যথেষ্ট সময় লয়। তেওঁ এই অভ্যাসটো বেয়া পায়।”

শ্বেতাই ভাতৃ অভিষেকৰ বিষয়ে কয় যে  ‘তেওঁ এজন অতি নিষ্ঠাৱান আৰু পৰিয়ালৰ প্ৰতি সমৰ্পিত লোক।  যিটো মই বহুত ভাল পাওঁ। কেৱল পুত্ৰ হিচাপেই নহয়, স্বামী হিচাপেও তেওঁ বহুত ভাল। কিন্তু  তেওঁৰ ‘মই সকলো জানো’ এই আচৰণ ভাল নালাগে। তেওঁ ভাবে যে তেওঁ সকলো জানে।”

শ্বেতাৰ মতে, তেওঁ ঐশ্বৰ্যৰ টাইম মেনেজমেণ্ট সহ্য কৰে। শ্বেতাই এই বক্তব্যৰ বাবে যথেষ্ট ট্ৰলিঙৰ সন্মুখীন হ’ব লগা হৈছিল। শ্বেতাক বহুবাৰ এছৰ বিষয়ে মন্তব্য প্ৰদান কৰা দেখা গৈছে।
শ্বেতাৰ কথাৰ পৰা এইটো স্পষ্ট যে শ্বেতা আৰু ঐশ্বৰ্যৰ মাজত নিশ্চিতভাৱে কিছু বিভেদ আছে।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...