এক সুৰীয়া যাত্ৰাৰ অপ্ৰত্যাশিত সামৰণি, চিৰদিনলৈ চকু মুদিলে ইণ্ডিয়ান আইডল-৩ৰ বিজয়ী প্ৰশান্ত তামাঙে

অৰুণাচল প্ৰদেশত এটা সংগীত অনুষ্ঠান শেষ কৰি তেওঁ অলপতে দিল্লীলৈ উভতিছিল। আজি ঘৰত থকা অৱস্থাতে তেওঁ আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হয়। চলচ্চিত্ৰ নিৰ্মাতা ৰাজেশ ঘটানি আৰু দাৰ্জিলিঙৰ বিখ্যাত গায়ক মহেশ সেৱাই প্ৰশান্ত তামাঙৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।

এক সুৰীয়া যাত্ৰাৰ অপ্ৰত্যাশিত সামৰণি, চিৰদিনলৈ চকু মুদিলে ইণ্ডিয়ান আইডল-৩ৰ বিজয়ী প্ৰশান্ত তামাঙে

প্ৰশান্ত টামাং

Updated On: 

11 Jan 2026 | 03:14 PM

অকালতে অন্ত পৰিল এটি সুৰীয়া যাত্ৰাৰ। জনপ্ৰিয় সংগীত ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ ছিজন-৩ ৰ বিজয়ী তথা অভিনেতা প্ৰশান্ত তামাং আৰু নাই। আজি নতুন দিল্লীস্থিত নিজ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৩ বছৰ। যদিও তেওঁৰ পৰিয়ালৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য অহা নাই, তথাপিও তেওঁৰ আকস্মিক বিয়োগৰ খবৰে সাংস্কৃতিক জগত তথা অনুৰাগীৰ মাজত শোকৰ ছাঁ পেলাইছে।

মৃত্যুৰ কাৰণ আৰু শেহতীয়া কাম

প্ৰকাশিত খবৰ অনুসৰি, অৰুণাচল প্ৰদেশত এটা সংগীত অনুষ্ঠান শেষ কৰি তেওঁ অলপতে দিল্লীলৈ উভতিছিল। আজি ঘৰত থকা অৱস্থাতে তেওঁ আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হয়। চলচ্চিত্ৰ নিৰ্মাতা ৰাজেশ ঘটানি আৰু দাৰ্জিলিঙৰ বিখ্যাত গায়ক মহেশ সেৱাই প্ৰশান্ত তামাঙৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। বিগত কিছুদিন ধৰি তেওঁ কৰ্মসূত্ৰে দিল্লীতে বসবাস কৰি আছিল।

ৰূপকথাৰ দৰে যাত্ৰা

২০০৭ চনত ‘ইণ্ডিয়ান আইডল-৩’ৰ খিতাপ জয় কৰাৰ পিছত প্ৰশান্ত তামাং ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহিছিল। কলকাতা আৰক্ষীৰ এজন সাধাৰণ কৰ্মীৰ পৰা সংগীত জগতৰ মহাতাৰকা হৈ পৰা তেওঁৰ এই যাত্ৰা কোনো ৰূপকথাৰ কাহিনীতকৈ কম নহয়। দাৰ্জিলিঙত জন্মগ্ৰহণ কৰা প্ৰশান্তৰ সৰুৰে পৰাই গান গোৱাৰ প্ৰতি প্ৰবল আগ্ৰহ আছিল।

এনে আগ্ৰহেই তেওঁক ইণ্ডিয়ান আইডল ৩ ত অংশ ল’বলৈ প্ৰেৰণা যোগাইছিল আৰু লাভ কৰিছিল বিজয়ীৰ সন্মান। প্ৰশান্তই আৰম্ভণিৰে পৰাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নেপালী ভাষী সম্প্ৰদায়ৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা আছিল। কেৱল ভাৰততে নহয়, নেপালতো তেওঁৰ অগণন অনুৰাগী আছিল।

সংগীত আৰু অভিনয়ত সফলতা

সংগীতৰ উপৰিও অভিনয়েৰেও তেওঁ দৰ্শকৰ মন জয় কৰিছিল। তেওঁক জনপ্ৰিয় ৱেব ছিৰিজ ‘পাতাল লোক ২’ত দেখা গৈছিল। ইয়াৰ উপৰিও নেপালী চলচ্চিত্ৰ জগতত ‘গোর্খা পল্টন’, ‘পৰদেশী’ আৰু ‘পৰদেশী ২’ৰ দৰে ছবিত কৰা অভিনয়েৰে তেওঁ নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছিল। তেওঁৰ মৃত্যুত ভাৰতৰ লগতে চুবুৰীয়া দেশ নেপালৰ সাংস্কৃতিক মহলো শোকস্তব্ধ হৈ পৰিছে।

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ