ৰাখী শ্বাৱন্তৰ হাতত ছাৰ্লিনৰ ৮২৫ গ্ৰামৰ স্তন ! ইয়াৰ পাছত….
ছাৰ্লিনৰ স্তন হাতত লৈ ৰাখীয়ে চিঞৰি উঠিল, "বাবা, এইটো ইমান ডাঙৰ! এইটো লৈয়ে পুৰুষৰ টোপনি কাঢ়িছিলা তুমি !" ৰাখীয়ে এই কথা কওঁতে চাৰ্লিনে স্পষ্টকৈ ক'লে, "আপুনি তেন্তে লওক!"

এটা বিশেষ মুহূৰ্তত দেখা গ’ল ছাৰ্লিন আৰু ৰাখী শ্বাৱন্তক। কেমেৰা ধৰি থকাসকলে হাঁহি ৰখাব পৰা নাছিল। হাত দিয়াৰ পাছতে আচৰিত হৈ পৰিল ৰাখী। এয়া কেনেধৰণৰ বস্তু ! আপুনি হয়তো বুজিব পৰা নাই, কি কথা কোৱা হৈছে। এই কাহিনীটো বুজিবলৈ সমগ্ৰ প্ৰতিবদেন চাব লাগিব। আচল কথাটো কি ?
কিছুদিন পূৰ্বে ছাৰ্লিনৰ স্তনৰ পৰা ৮২৫ গ্ৰাম চিলিকন আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰা বুলি খবৰ ওলাইছিল। অস্ত্ৰোপচাৰৰ পূৰ্বে ছাৰ্লিনে কৈছিল, “যোৱা কেইমাহমানৰ পৰা মই পিঠি, ডিঙি, কান্ধ আৰু বুকুৰ তীব্ৰ বিষত ভুগি আহিছোঁ। বিভিন্ন পৰীক্ষাৰ অন্তত চিকিৎসকে কৈছিল যে, এই বিষৰ মূল কাৰণ মোৰ গধুৰ ইমপ্লাণ্ট। গতিকে, মোৰ স্বাস্থ্য আৰু প্ৰাকৃতিক অৱস্থা পুনৰ ঘূৰাই পাবলৈ মই সেইবোৰ স্থায়ীভাৱে আঁতৰোৱাৰ সিদ্ধান্ত লৈছো।”
ইয়াৰ পাছত অস্ত্ৰোপচাৰ কৰা হ’ল। অস্ত্ৰোপচাৰ হোৱাৰ পাছতে ছাৰ্লিনে ক’লে, “ভগৱানে আপোনাক যি দিছে তাতেই সন্তুষ্ট হওক। নহ’লে আপুনি কষ্ট পাব। উদাহৰণস্বৰূপে, মই সঠিক শিক্ষা পাইছো।” আৰু সেই শিক্ষা লাভ কৰাৰ পিছত ছাৰ্লিনে এনেকুৱা এটা কাম কৰিলে যিটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
শেহতীয়াকৈ ছাৰ্লিনে অস্ত্ৰোপচাৰৰ পিছত ছিলিকন আঁতৰাই বিভিন্ন ঠাইত ঘূৰি ফুৰা দেখা গৈছে। কেমেৰাৰ সন্মুখত ছাৰ্লিনে স্পষ্টকৈ উল্লেখ কৰিছে যে, তেওঁ এই কাম কৰিছে ছিলিকনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে। এই চিলিকন যেতিয়া তেওঁৰ শৰীৰত আছিল তেতিয়া তেওঁ প্ৰতিদিনে বিষত ভুগিছিল। অৱশ্যে তেওঁৰ মোহনীয় চেহেৰাটো বজাই ৰাখিবলৈ তেওঁ মনে মনে সংগ্ৰাম কৰি আছিল।
তেওঁ যেতিয়া বিষ সহ্য কৰিব নোৱাৰা হ’ল, তেতিয়া তেওঁ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিল। এটা পাৰ্টিত ছাৰ্লিনৰ চিলিকন ব্ৰেষ্টটো ৰাখী সাৱন্তৰ হাতত পৰিল। ছাৰ্লিনৰ চিলিকনটো হাতত লৈ ৰাখীয়ে চিঞৰি উঠিল, “বাবা, এইটো ইমান ডাঙৰ! এইটো লৈয়ে পুৰুষৰ টোপনি কাঢ়িছিলা তুমি !” ৰাখীয়ে এই কথা কওঁতে চাৰ্লিনে স্পষ্টকৈ ক’লে, “আপুনি তেন্তে লওক!” ৰাখীয়ে অৱশ্যে লগে লগে নকল স্তন দুটা ছাৰ্লিনৰ হাতত তুলি দিলে। সেই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।